অসমীয়া ল’ৰাই অসমীয়াগিৰি নহয়, ভাৰতীয়গিৰি কৰক
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ অসমীয়া ল’ৰাক অসমীয়াগিৰি নহয়, ভাৰতীয়গিৰি কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত যুৱ আয়াম, ভাৰতীয় শিক্ষণ মণ্ডল, উত্তৰ অসম প্রান্তৰ দ্বাৰা আয়োজিত উত্তৰ–পূব যুৱ সমাৰোহ–২০২১ৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমীয়া ল’ৰাই যেতিয়া অসমীয়াগিৰি কৰিব বুলি কয়, তেতিয়া তেওঁৰ হাঁহি উঠে৷ অসমীয়াগিৰি অসমতহে চলিব৷ বাংগালুৰু, পশ্চিমবংগত নচলিব৷ সেয়ে তেওঁ এতিয়াৰে পৰা অসমীয়া ল’ৰাক ভাৰতীয়গিৰি কৰিবলৈ আহ্বান জনাই কয় যে প্রত্যেকেই ভাৰত চলোৱাৰ লক্ষ্য ল’ব লাগে৷ অসমীয়াগিৰি শদিয়াৰ পৰা ধুবুৰীলৈ এক ক্ষুদ্র অংশতহে চলিব৷ কিন্তু ভাৰতীয়গিৰি কৰিম বুলি থিৰাং কৰিলে আমাৰ সাম্রাজ্য ডাঙৰ হ’ব৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ক্ষেত্র বিস্তাৰ হ’ব৷ ভাৰতৰ প্রধানমন্ত্রী, ৰাষ্ট্রপতি, চীফ অৱ দ্য আর্মী, ভাৰতীয় ৰাজনীতি, বিজ্ঞান আৰু প্রযুক্তি, শিক্ষা, দিল্লী বিশ্ববিদ্যালয়ৰ উপাচার্য আমি হ’ব নোৱাৰোঁ নেকি বুলি প্রশ্ণ কৰি তেওঁ সকলোকে ভাৰতীয়গিৰি আৰম্ভ কৰাৰ আহ্বান জনায়৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লাচিত বৰফুকনে ভাৰতীয়গিৰি কৰিছিল৷ যেতিয়া মোগলক কোনেও হৰুৱাব পৰা নাছিল, সেই সময়ত লাচিত বৰফুকনে ইয়াত মোগলক হৰুৱাইছিল৷ তদুপৰি বেছি অসমীয়াগিৰি চলিলে ব্যৱসায়–বাণিজ্যও বন্ধ হৈ যাব৷
আমাৰ মনটো হ’ব লাগে ভাৰতীয় সভ্যতা–সংস্কৃতিৰ বাবে আমি মূল কেন্দ্রবিন্দু হ’ম৷ ভাৰতীয় সভ্যতা–সংস্কৃতিৰ বাবে আমি যুঁজ কৰিম৷ আমি ভাৰতক বিশ্বগুৰু কৰিম৷ আমি আজি অসমীয়া বুলি বেজ এটা লগালে উত্তৰপ্রদেশৰ মানুহে কি বুজি পাব? কিন্তু যেতিয়া অসমৰ পৰা দুই–তিনিজন ৰাষ্ট্রপতি হ’ব, দুই–তিনিজন প্রধানমন্ত্রী হ’ব, কেন্দ্রীয় কেবিনেটত চাৰি–পাঁচজন অসমৰ পৰা কেবিনেট মন্ত্রী থাকিব, দেশৰ বিশ্ববিদ্যালয়সমূহ উপাচার্য অসমীয়া হ’ব, এইমছৰ চিকিৎসকসকল অসমীয়া হ’ব, জেএনইউৰ অধ্যাপকসকল অসমীয়া হ’ব, তেতিয়া আমি অসমীয়া বেজ লগালে সকলোৱে ক’ব আমি সিংহৰ পোৱালি৷ আনহাতে, আন্দোলন সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আন্দোলন অধিকাৰ নহয়৷ যেতিয়া প্রচণ্ড অন্যায় হয়, তেতিয়াহে আন্দোলন হয়৷ গোপালকৃষ্ণ গোখলেই উল্লেখ কৰা তিনিটা ‘পি’ৰ উদ্ধৃতি দি তেওঁ কয় যে প্রেয়াৰ, পিটিচন আৰু প্রটেষ্টৰ পাছত যেতিয়া সকলো পথ বন্ধ হয়, তেতিয়াহে আন্দোলন হ’ব৷ দুজন ৰজাৰ মাজত হোৱা সংঘাত, দুটা জাতিৰ বাবে হোৱা সংঘাত নহয়৷ সেই অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই উপস্থিত ছাত্র–ছাত্রীসকলৰ সৈতে অন্তৰংগ আলাপতো মিলিত হয়৷ অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তও উপস্থিত থাকে৷