নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনৰ ৬ সমষ্টিৰ বাবে ৬ মন্ত্রীক দিলে দায়িত্ব

উত্তৰ গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সভা

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ উপ–নির্বাচন আৰু বিৰোধীৰ সমষ্টিত দলীয় স্থিতি শক্তিশালী কৰাৰ বিস্তৃত আলোচনাৰে আৰম্ভ হ’ল ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক সভা৷ মুখ্যমন্ত্রী ৰূপে ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্ব লোৱাৰ পাছত আৰু ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছতে অনুষ্ঠিত প্রথমখন কার্যনির্বাহক বৈঠকত দলৰ সাংগঠনিক দিশৰ ওপৰত বিশেষ আলোচনা হোৱাই নহয়, বিৰোধীৰ দখলত থকা সমষ্টিত শাসকীয় দলটোৱে কিদৰে প্রভাৱ বিস্তাৰ কৰিব পাৰে, সেই বিষয়বোৰক লৈও আজিৰ কার্যনির্বাহকত হয় আলোচনা৷ সমান্তৰালভাৱে আগন্তুক উপ–নির্বাচনক লৈ বুধবাৰৰ বৈঠকত বিভিন্ন দিশৰ আলোচনা কৰা হয়৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, উত্তৰ–পূবৰ সাংগঠনিক সম্পাদক অজয় জামৱাল, কেন্দ্রীয় প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্রভাৰী পবন শর্মাৰ উপস্থিতিত দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত এই কার্যনির্বাহকত দলীয় স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে দলৰ সাংগঠনিক জিলা ৪৫খনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ ৰাজ্যিক বিজেপিৰ এক শীর্ষ সূত্রই প্রকাশ কৰা মতে, উপ–নির্বাচনৰ বাবে ইতিমধ্যে দলীয় মঞ্চত কেইবালানি আলোচনা হৈছে যদিও  কার্যনির্বাহকত দলে নির্বাচন হ’ব লগা সমষ্টিকেইটা নিজৰ দখললৈ অনাৰ বাবে কি ধৰণে আগবাঢ়িব, সেই দিশত দলীয় কর্মী তথা কার্যনির্বাহক সদস্যসকলক বিভিন্ন ৰণকৌশল আৰু পৰামর্শ প্রদান কৰে শীর্ষ নেতৃত্বই৷

উল্লেখ্য যে উপ–নির্বাচনৰ বাবে ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে প্রতিটো সমষ্টিৰ বাবে একোজন মন্ত্রীৰ দায়িত্বত এখনকৈ নির্বাচনী কমিটী গঠন কৰি দিয়া হৈছে৷ সেই অনুসৰি মৰিয়নি আৰু থাওৰা সমষ্টিৰ বাবে পীয়ূষ হাজৰিকা আৰু সঞ্জয় কিষাণক দায়িত্ব দিয়া হৈছে৷ মাজুলী সমষ্টিৰ বাবে ডাঃ ৰণোজ পেগু আৰু বিমল বৰাক, তামুলপুৰ সমষ্টিৰ বাবে ৰঞ্জিত কুমাৰ দাসক, গোসাঁইগাঁও সমষ্টিৰ বাবে অশোক সিংঘলক, ভৱানীপুৰ সমষ্টিৰ বাবে জয়ন্ত মল্ল বৰুৱাক দায়িত্ব অর্পণ কৰা হৈছে৷

ইফালে দলীয় সূত্রই প্রকাশ কৰা মতে দুদিনীয়াকৈ এই কার্যনির্বাহক সভাতে বি পি এফে আগবঢ়োৱা মিত্রতাৰ প্রস্তাৱ সন্দর্ভতো আলোচনা কৰা হয়৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৱে শেহতীয়াকৈ মহাজোঁট ত্যাগ কৰাৰ পাছত বিজেপিৰে মিত্রতা কৰাৰ বাবে আনুষ্ঠানিকভাৱে আগ্রহ প্রকাশ কৰিছিল৷ ইয়াৰ পূর্বে কার্যনির্বাহক সভাৰ আৰম্ভণিৰ দিনা ভাষণ প্রদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মিত্রজোঁটৰ চৰকাৰৰ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক উচ্চ প্রশংসা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বতে বৰবিহ ড্রাগ্ছৰ বিৰুদ্ধে প্রণালীবদ্ধ, ব্যাপক আৰু সফল অভিযান দিয়া বুলি উল্লেখ কৰি কয় যে চৰকাৰৰ এই পদক্ষেপৰ ফলতেই উঠি অহা প্রজন্ম বিপদমুক্ত হৈ পৰিছে৷ সমান্তৰালভাৱে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা সংস্কাৰমুখী পদক্ষেপ আৰু প্রশাসনিক সংস্কাৰ কার্যৰো প্রশংসা কৰে সভাপতি ভৱেশ কলিতাই৷

এই বৈঠকত ধন্যবাদসূচক প্রস্তাৱ পাঠ কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই৷ এই প্রস্তাৱৰ যোগেদি ৰাজ্য চৰকাৰখনে অসম গো–সুৰক্ষা আইন প্রণয়ন কৰা কার্যক এক ৰাজনৈতিক দূৰদৃষ্টিসম্পন্ন দৃঢ় পদক্ষেপ বুলি অভিহিত কৰা হয়৷ ধন্যবাদসূচক প্রস্তাৱৰ সমর্থন কৰে শিলচৰৰ সাংসদ ৰাজদীপ ৰয়, বিধায়ক তেৰছ গোৱালা আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী দেৱলাল গার্লোচাই৷ আজি কার্যনির্বাহকত গ্রহণ কৰা হ’ব এলানি ৰাজনৈতিক প্রস্তাৱ৷ প্রস্তাৱ উত্থাপন কৰিব বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে৷ প্রস্তাৱক সমর্থন জনাব সাংসদ প্রদান বৰুৱা, বিধায়ক ৰূপেশ গোৱালা আৰু কার্যনির্বাহক সদস্য বিশ্বৰূপ ভট্টাচার্যই৷

You might also like