নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ কামৰূপত ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চাংসাৰিৰ আলু গুডাম প্ৰশাসনৰ চীল

যাৰ বাবে অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে

নিয়মীয়া বাৰ্তা ১৪ মেঃ কামৰূপ জিলাৰ চাংসাৰিৰ চৌকিগেটত থকা মাৰোৱাৰী ব্যৱসায়ী বিনোদ জৈন মালিকানাধীন জৈন ওৱেৰহাউজত থকা আলু পিয়াজৰ গুদামটো ফাঁচীবজাৰৰ ক’ভিড ১৯ আক্ৰান্ত উত্তৰ প্ৰদেশৰ লোক বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা মংৰুৰ সংস্পৰ্শলৈ অহাৰ খবৰ পোৱাৰ পিছতে ১২ মে’ত প্ৰশাসনৰ দ্বাৰা এই গুডামটো চীল কৰি দিয়া হয়। মংৰুক লৈ কৰা বিভাগীয় তদন্তত ফাঁচীবজাৰৰ আলু গুডামৰ কৰ্মী মংৰু চাহানীয়ে চাংসাৰিৰ এই গুডামলৈ ২৮ দিন পূৰ্বে কাম কৰিব আহিছিল বুলি চাংসাৰিৰ গুডামটোৰ ইনচাৰ্জ প্ৰণব ডেকাই প্ৰশাসনক জানিব দিছিল। যাৰবাবে মংৰু চাংসাৰিলৈ অহা ২৮ দিন হোৱা বাবেই প্ৰশাসনে এই এলেকাটো কন্টেইনমেন্ট জ’নত পৰিণত নকৰি কেৱল গুডামটো সম্পূৰ্ণৰূপে চীল কৰিছিল। কিন্তু এতিয়া খবৰ ওলাইছে যে ১৪ দিন পূৰ্বে চাংসাৰিৰ এই আলু গুডামটোত কাম কৰি গৈছিল মংৰু আৰু সেই সময়ত তেওঁ কিছু অসুস্থও অনুভৱ কৰিছিল। এইবিলাক কাৰণতে এই গুডামৰ পৰা আলু পিয়াজ ক্ৰয় কৰা উত্তৰ কামৰূপৰ বেপাৰীৰ লগতে সেই সকল বেপাৰীৰ পৰা আলু সংগ্ৰহ কৰি খাই থকা সমগ্ৰ অঞ্চলটোৰ উপভোক্তা সকল ক’ৰোনাৰ সংক্ৰমণকলৈ এতিয়া যথেষ্ট শংকিত ও চিন্তিত হৈ পৰিছে। ইয়াৰ উপৰিও ক’ভিড আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছতে মংৰুৰ সংস্পৰ্শলৈ অহা লোকৰ এতিয়ালৈকে ১৫ জনেই ক’ৰোনাত আক্ৰান্ত বুলি খবৰ ওলোৱাৰ পিছতে চাংসাৰিৰ লগতে উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কিয়নো কেইদিনমান আগতেই চাংসাৰিৰ সমীপৱৰ্তী মদনপুৰত কৰ্মসূত্ৰে ভাড়াঘৰত বাস কৰা দেৱৰাজ আচাৰ্য্যৰ ক’ভিড ১৯ ধৰা পৰি এটি বৃহৎ এলেকা কন্টেইনমেন্ট জ’ন বুলি ঘোষিত হোৱাৰ পিছত ইতিমধ্যে চাংসাৰিৰ লগতে উত্তৰ কামৰূপৰ ৰাইজ আতংকিত হৈ আছেই তাতে আলুগুদামৰ এই খবৰটো বিয়পি পৰাৰ পিছত একাংশই যথেষ্ট চিন্তিত হৈ পৰাৰ লগতে আন একাংশৰ নিদ্ৰা হৰণ হৈছে ।
যাৰবাবে এতিয়া স্বাস্থ্য বিভাগ ও প্ৰশাসনে দেৱৰাজ আচাৰ্য্যৰ উপৰিও মংৰুৰ সংস্পৰ্শত অহা লোকৰ সন্ধান অব্যাহত ৰখাতো বিচাৰিছে ৰাইজে । অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ লগতে চিকিৎসক আৰু স্বাস্থ্য বিভাগ বিষয়া কৰ্মচাৰী সকলে দিনে নিশাই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি অহাতো চিন্তিত হৈ পৰিছে ৰাজ্যবাসী । এনে পৰিস্থিতিত লকডাউন শিথিলতাও অন্যতম কাৰণ বুলি অভিহিত কৰিছে একাংশ ৰাইজে। আনহাতে উত্তৰ কামৰূপৰ চাংসাৰিৰ মদনপুৰ আৰু চৌকিগেটৰ সৈতে সম্পৰ্কিত দুই ক’ৰোনা আক্ৰান্ত দেবৰাজ আৰু মংৰুৰ সংস্পৰ্শলৈ এই বৃহত্তৰ অঞ্চলটোৰ বহুত লোক অহাৰ সন্দেহ প্ৰকাশ কৰি এই অঞ্চলৰ প্ৰতিগৰাকী লোকৰে ক’ভিড টেষ্ট কৰি ৰাইজক কভিড ১৯ ৰ পৰা কিছু পৰিমানে হ’লেও শংকা মুক্ত কৰিব লাগে বুলি স্বাস্থ্য বিভাগলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। ইয়াৰ উপৰিও চৰকাৰ প্ৰশাসনকো লক ডাউন শিথিলতাৰ সময়ত উচিত কাৰ্যপন্থা গ্ৰহণ কৰি সমগ্ৰ অঞ্চলটোত অনাগত দিনত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ যাতে নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে উত্তৰ কামৰূপৰ সচেতন ৰাইজে।

You might also like