নিয়মীয়া বাৰ্তা ৫ জুনঃ প্ৰতি বছৰে ৫ জুনৰ দিনটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰা হয়। ১৯৭৩ চনৰ পৰা বিশ্ববাসীয়ে পৰিৱেশ সংৰক্ষণৰ বাবে এই দিৱস উদযাপন কৰি আহিছে। ২০২০ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূলমন্ত্ৰ হ’ল- ” টাইম ফৰ নেছাৰ” অৰ্থাৎ পৃথিৱী পৰিৱেশ সুৰক্ষাৰ বাবে সময় দি গছ গছনি, পাহাৰ পৰ্বত সংৰক্ষণ ও প্ৰতিপালন। আজি পৃথিৱীখনৰ বাবে যদি পৰিৱেশ সংৰক্ষণ কৰি ৰাখিব নোৱাৰে তেতিয়া হ’লে শীঘ্ৰেই মানৱ জাতিয়ে বিপদ সন্মুখীন হ’ব লগাতো নিশ্চিত। বিশ্ব তাপমাত্ৰা দ্ৰুতগতি বৃদ্ধি পাইছে। গ্ল’বেল ৱাৰ্মিংৰ বাবে গ্লেচিয়াবোৰ গলিবলৈ লৈছে, কিছু বছৰৰ পিছত বহু চহৰ ডুব যাব। আনহাতে গ্লেচিয়াবোৰ গলি নোহোৱা হ’লে নদীবোৰ শুকাই জল সংকট হ’ব। উঞ্চতা বৃদ্ধি হ’ব। মুঠতে মানৱ জাতি মহাসংকটৰ সন্মূখীন হ’ব। গতিকে আমি সংৰক্ষণ কৰিব লাগিব আমাৰ অৰণ্য, পাহাৰ পৰ্বত, বৃক্ষ, পশু পক্ষী উদ্যান, বৰ্ষাৰণ্য সকলো। অসমতো দিহিং পাটকাই অভয়াৰণ্য, কাজিৰঙাৰ, গঁড় সকলো সংৰক্ষণ ও লালন পালনৰ ওপৰত গুৰুত্ব দিব লাগিব। আজি উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত পুৱাৰে পৰা গছ পুলি ৰোপন আৰু সংৰক্ষণ কৰা হয়। উত্তৰ গুৱাহাটী আৰক্ষী চকী, ভেটামুখ শ্মশান, কলেজ চ’ক, শিলসাকোঁ, মধ্যমখণ্ড ঘাট, উত্তৰ গুৱাহাটী আৰক্ষী থানা আৰু অশ্বক্লান্ত দেৱালয়ত আজি গছ পুলি ৰোপন কৰা হয়। বিগত সপ্তাহটোত যোৱা বছৰ ৰোৱা ফুলবোৰত সাৰ দি নিকাই পুনৰ বেৰ দিয়া হয়। আজি উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিৰ কুলেন বড়োৰ তত্বাৱধানত অনুষ্ঠিত কাৰ্যসূচীত উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ বিষয়া মিণ্টু বড়ো, উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ অশোক সিনহা, আৰক্ষী বিষয়া দীপক বৰকটকী, জেষ্ঠ সাংবাদিক মধুসূদন মেধি, উত্তৰ গুৱাহাটীৰ পৰিৱেশ সুৰক্ষা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰে। এইবাৰ উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিয়ে ৰাজহুৱা স্থানৰ পৰিৱৰ্তে সজাগতা সৃষ্টি কৰাৰ বাবে ব্যক্তিগত লোকৰ বাসগৃহৰ চৌহদত গছ পুলি ৰোপন কৰে । এই কাৰ্যসূচী অনুযায়ী পৰিৱেশ সমিতিৰ সক্ৰিয় সদস্যা মুন দাসৰ নেতৃত্বত চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যত নিধিৰ প্ৰাক্তন অধীক্ষক বিপিন চন্দ্ৰ বৰ্মনৰ বাসগৃহত গছ পুলি ৰোপন কৰে ।কাৰ্যসূচীত অংশগ্ৰহণ কৰে জাহ্নৱী বৰ্মন দক্ষিণ জালান প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষয়ত্ৰী আয়ুস্মান কছাৰী, মিতালী বৰ্মনে। উত্তৰ গুৱাহাটী কলেজ চ’কৰ ৰমেশ বড়াৰ বাসগৃহতো গছ ৰোৱা হয়। ইয়াৰ পিছতে উত্তৰ গুৱাহাটী মধ্যমখণ্ড ঘাটত ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়। আজি উত্তৰ গুৱাহাটী কলেজ খেল পথাৰত কৃষক ইউনাইটেড ক্লাৱ আৰু লাইব্ৰেৰীৰ উদ্যোগত বৃক্ষৰোপন কৰা হয়। আজি বৃক্ষৰোপনৰ লগতে উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিৰ দ্বাৰা ক’ভিড-১৯ সংক্ৰমণ ৰোধত কৰা যুজঁৰ সক্ৰিয় যোদ্ধা আৰক্ষীসকলক গামোচাৰে নিৰ্মিত মাস্ক বিতৰণ কৰা হয়।