প্ৰস্তুতি তুংগত বদলা পদ্ম আতাৰ জন্মজয়ন্তীৰঃ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত ৫০০ মহিলাই তৈয়াৰ কৰিছে পকা মিঠৈ
নিয়মীয়া বাৰ্তা, ৬ জুন : বৈষ্ণৱ সংস্কৃতিৰ বাহক মহাপুৰুষ গুৰু দুজনাৰ প্ৰপন্ন শিষ্য শ্ৰীশ্ৰীবদলা পদ্ম আতা পুৰুষৰ ৪৭৬ তম জন্ম জয়ন্তী আৰু জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন ২০২২ শ্ৰীশ্ৰীবদলা পদ্ম আতা সেৱা সমিতিৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত উত্তৰ কমলাবাৰী সত্ৰৰ কমলাকান্ত আতা ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে শ্ৰী শ্ৰীবদলা পদ্ম অতাৰ ৪৭৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ আগন্তুক ৮, ৯ আৰু ১০ জুনত তিনিদিনীয়াকৈ বিশাল আয়োজনেৰে অনুস্থিত হ’ব ৷ জন্ম জয়ন্তীৰ এই কাৰ্যসূচীক লৈ সত্ৰপীঠ মাজুলীত ব্যপক প্ৰস্তুতি আৰু উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ কমলাকান্ত আতা ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হব লগা কাৰ্যসূচীৰ বাবে তুংগত উঠিছে প্ৰস্তুতি , আজি মাজুলীৰ কেইবা শতাধিক মহিলাই সমাগম হব লগা বৈষ্ণৱ সকলক আপ্ৰায়নৰ বাবে ২৫ হাজাৰ মিঠৈ তৈয়াৰৰ কাম সম্পন্ন কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বহাত ৷ মাজুলীৰ বিভিন্ন গাঁৱৰ পৰা অহা মহিলা সকলে পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজা পৰ্যন্ত মিঠৈ তৈয়াৰ কৰে ৷ গুৰু দুজনাৰ বৰ্নিল সংস্কৃতিৰ বাহক উজনি অসমত বহু কেইখন সত্ৰ প্ৰতিস্থা কৰা বদলা পদ্ম আতাঁ জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰিছে বহু বন্যাৰ্ধ তথা গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৷ বিশেষকৈ উত্তৰ কমলাবাৰী সত্ৰৰ নৱ নিৰ্মিত কীৰ্তন ঘৰ শুভ উদ্ধোধন , পাঁচ শ জোৰা বৈষ্ণৱৰ গায়ন – বায়ন , দুই শতাধিক বৈষ্ণৱৰ লোক বাদ্য পৰিৱেশন , মহিলাৰ নাম সমাৰোহ , প্ৰতিদিন পুৱা দুই শতাধিক বৈষ্ণৱে মাটি আখৰা অনুষ্ঠিত কৰা , ধৰ্ম গুৰু সকলৰ সন্মিলন , আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈষ্ণৱ আন্দোলনৰ বাহক মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ বৈষ্ণৱবাদ সম্পৰ্কত আলোচনা চক্ৰত দেশৰ পাঁচখন বিশ্ব বিদ্যালয়ৰ উপাৰ্চাযই অংশ গ্ৰহন কৰিব ৷ প্ৰথম দিনা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে আৰু স্মৃতি গ্ৰন্থ উন্মোচন কৰিব শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল গোস্বামীয়ে। প্ৰথম দিনা “সাম্প্ৰতিক সময়ত আধ্যাত্মিক গুৰু সকলৰ কৰণীয়”শীৰ্ষক এক মনোজ্ঞ আলোচনা চক্ৰ শ্ৰীশ্ৰী বৰদোৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেবানন্দ দেৱগোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব আৰু উদ্বোধন কৰিব তিতাবৰ স্থিত কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভবকান্ত গোস্বামীয়ে। আনহাতে একে দিনাই এশ গৰাকী থলুৱা শিল্পীৰ থলুৱা বাদ্যৰ এক সুৰ সমলয়ে অভ্যাগতক আদৰণি জনোৱা হ’ব। দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হ’ব দুগৰাকী শিশুশিল্পীৰ দ্বাৰা সত্ৰীয়া মাটি আখৰাৰে। তদুপৰি পূৱা ৯ বজাৰ পৰা মহিলাৰ দিহানাম সমাৰোহ আৰু ১০ বজাৰ পৰা ” নববৈষ্ণৱ ভক্তি চেতনাৰ অখিল ভাৰতীয় প্ৰেক্ষাপট” শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ উদ্বোধন কৰিব অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে আৰু সঞ্চালনাকৰিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ড দিব্যজ্যোতি মহন্ত ই। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া জনগোষ্ঠীয় লোক কৃষ্টি প্ৰদৰ্শন ‘ অনুষ্ঠান উদ্বোধন কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। শেষৰ দিনা কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে । শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই। বদলা পদ্ম আতা সেৱা সমিতিৰ নবনিৰ্বাচিত সভাপতিৰ পোৰুহিত্যত অনুষ্ঠিত হবলগীয়া মুকলি সভা উদ্বোধন কৰিব ঠেঙাল স্বায়ত্ব পৰিষদৰ অধ্যক্ষ কুমুদ কচাৰীয়ে। মূখ্য অতিথি ৰূপে উপস্থিত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জল পৰিবহন আৰু আয়ুস বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষি মন্ত্ৰী অতুল বৰাৰ, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত কৰে ধৰি সাংসদ, বিধায়ক, আদি বহু গন্যমান্য ব্যক্তি। উৎসৱত ৩ বজাৰ পৰা একোখন সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰাৰ উপৰিও প্ৰতিদিনে একোখনকৈ অংকীয়া নাট প্ৰদৰ্শন হ’ব বুলি উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তীৰ্থ ভূঞাই আমাক জানিবলৈ দিয়ে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড