পুনৰ স্পষ্ট কৰিলে ৰঞ্জিত দাসেঃ বিধানসভা নির্বাচনত বিপিএফৰে নহয় মিত্রতা
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ বিটিচিত বিধানসভা নির্বাচনত এইবাৰ বিজেপিৰ মিত্রদল কোন হ’ব, তাক লৈ চলি থকা চর্চাৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিপিএফৰে নির্বাচনী মিত্রতা পুনৰ নস্যাৎ কৰিলে৷ সভাপতিগৰাকীৰ মন্তব্য– বিপিএফৰে বর্তমান দলীয়ভাৱে এক শতাংশও মিত্রতা নাই৷ আগন্তুক নির্বাচনত বিজেপিয়ে ইউপিপিএলৰ সৈতেহে মিত্রতা গঢ়িব৷ উল্লেখ্য যে বিপিএফৰ সৈতে মিত্রতা ভংগ কৰি বিটিচি নির্বাচনত সফলতা লাভ কৰা বিজেপিয়ে এইবাৰ ইউপিপিএলক নতুন সংগী কৰি প্রতিদ্বন্দ্বিতা কৰাৰ প্রস্তুতি চলাইছে৷ শেহতীয়াকৈ কোকৰাঝাৰত সভাপতি ৰঞ্জিত দাস আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই এই মিত্রতাৰ কথাও স্পষ্ট কৰিছে৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ সৈতে মিত্রতাৰ ক্ষেত্রত ইতিমধ্যে ৰাষ্ট্রীয় নেতৃত্বৰ পৰাও ৰাজ্যিক বিজেপিয়ে লাভ কৰিছে সেউজ সংকেত৷ এই প্রসংগতে ৰঞ্জিত দাসে কয়– ইউপিপিএলৰ লগত বিজেপিয়ে এইবাৰ মিত্রতাৰে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো প্রায় চূড়ান্ত হৈছে৷ এই মিত্রতাৰ বিষয়ে ইতিমধ্যে ৰাষ্ট্রীয় নেতৃত্বক স্পষ্টভাৱে অৱগত কৰা হৈছে৷ আনকি ডিচেম্বৰৰ শেষত অসমলৈ অহা অমিত শ্বাহে এই সন্দর্ভত ইউপিপিএলৰ সৈতে বার্তালাপো কৰিছে৷ উল্লেখ্য যে বিটিচিৰ অন্তর্গত ১২টা বিধানসভা সমষ্টিত বিজেপিয়ে এককভাৱে প্রতিদ্বন্দ্বিতা কৰাৰ কথা চর্চালৈ আহিছিল যদিও শাসকীয় দলটোৱে এই ১২খন আসন ইউপিপিএলৰ সৈতে ভাগ–বাটোৱাৰা কৰাৰ সম্ভাৱনা আছে৷
ইফালে, মিত্রতাৰ বিষয়টোৰ সন্দর্ভত ৰাষ্ট্রীয় নেতৃত্বক অচিৰেই এক প্রতিবেদন দিব ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই৷ নির্বাচনৰ প্রাক্ক্ষণত ৰাজ্যিক বিজেপিৰ সাংগঠনিক দিশ তথা আসন বুজাবুজিৰ বিষয়টোক লৈ বিভিন্ন জিলা ভ্রমণ কৰি থকা বৈজয়ন্ত পাণ্ডাৰ প্রতিবেদনৰ ওপৰতেই ৰাষ্ট্রীয় নেতৃত্বই নির্বাচনকেন্দ্রিক এলানি সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে উজনি অসম ভ্রমণত থকা বৈজয়ন্ত জয় পাণ্ডা ইতিমধ্যে চৰাইদেউ, শিৱসাগৰ, ডিব্রুগড় আৰু তিনিচুকীয়া এই চাৰিখনকৈ জিলা ভ্রমণ কৰিছে৷ এই সময়ছোৱাত তৃণমূল কর্মীৰ সৈতে নির্বাচন সন্দর্ভত বিভিন্ন দিশ আলোচনা কৰা ৰাজ্যিক প্রভাৰীগৰাকীয়ে উজনিৰ চাৰিখন জিলাত বিজেপিয়ে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব আৰু মিত্রদলক কিমানখন আসন এৰি দিব, এই সন্দর্ভত এক প্রতিবেদন প্রস্তুত কৰিব৷ জানিব পৰা মতে, বিজেপিয়ে অগপৰ দখলত থকা পাঁচটা সমষ্টি ক্রমে টীয়ক, নাহৰকটীয়া, লখিমপুৰ, দেৰগাঁও আৰু আমগুৰিত নিজাকৈ প্রার্থী প্রক্ষেপৰ বাবে প্রস্তুতি চলাইছে৷ ইয়াৰ বিপৰীতে শাসকীয় দলটোৱে অগপক চাবুৱা সমষ্টিটো এৰি দিয়াৰ বাবে পক্ষপাতী৷ লক্ষণীয়ভাৱে বিজেপিৰ এনে আগ্রাসনৰ বিপৰীতে কিন্তু অগপই নিজৰ দখলত থকা এটাও সমষ্টি এৰি দিবলৈ প্রস্তুত নহয়৷ এনে প্রেক্ষাপটত উজনিৰ ৫টা সমষ্টিক লৈ বিজেপিয়ে কি কৌশল অৱলম্বন কৰে, সেয়া নির্ভৰ কৰিব ৰাজ্যিক প্রভাৰী বৈজয়ন্তী জয় পাণ্ডাৰ ওপৰত৷ অগপ আৰু বিজেপিৰ নেতৃত্বই ইয়াকো স্পষ্ট কৰি থৈছে যে আগন্তুক নির্বাচনত জয়ৰ সম্ভাৱনা থকা প্রার্থীকহে টিকট প্রদান কৰা হ’ব৷ আনকি মিত্রতাৰ বিষয়টোক লৈ ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই কিছুদিন পূর্বে উল্লেখ কৰিছিল যে অগপৰ প্রার্থীৰ জয়ৰ সম্ভাৱনা থকা সমষ্টিত বিজেপিয়ে কোনো কাৰণতে প্রার্থিত্ব নিদিয়ে৷ একেদৰে বিজেপিৰ প্রার্থী জয়ৰ সম্ভাৱনা থকা সমষ্টি অগপই ত্যাগ কৰিব লাগিব৷ অন্যথা কংগ্রেছক সুযোগ উলিয়াই দিয়া হ’ব৷ এই সমগ্র বিষয়ক লৈ দলীয় কর্মীৰ সৈতে যোৱা দুটা দিন আলোচনাত থকা বৈজয়ন্ত পাণ্ডাই অহা ৭ জানুৱাৰীত নামনি অসমৰ দক্ষিণ কামৰূপ, ৰঙিয়া আৰু গুৱাহাটীত দলীয় কার্যকর্তাসকলৰ সৈতে আলোচনাত বহিব৷ ইয়াৰ পিছতেই দিল্লীলৈ উভতিবলগীয়া ৰাজ্যিক প্রভাৰীগৰাকীয়ে ৰাষ্ট্রীয় নেতৃত্বৰ ওচৰত দাখিল কৰিব এক বিস্তৃত প্রতিবেদন৷ এই প্রতিবেদনৰ পিছতেই অগপ–বিজেপি আৰু ইউপিপিএলৰ মাজত আসন বুজাবুজিৰ বিষয়টো অধিক স্পষ্ট হ’ব৷