নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰুজ্জীৱিত নহয় নগাঁও–কাছাৰ কাগজ কলঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ  ৰাজ্যৰ নগাঁও আৰু কাছাৰ কাগজ কল দুটা যে পুনৰুজ্জীৱিত কৰা নহয়, সেই কথা আজি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কাগজ কল দুটাৰ বিষয়া–কর্মচাৰীসক বকেয়া ধনৰাশি মোকলাই দিয়াৰ বাবে ৰাজ্য চৰকাৰে অলপতে এটা বিশেষ বিত্তীয় পেকেজ যুগুতাই উলিয়াইছে৷ নতুন দিল্লীৰ আছাম হাউছত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে এই কথা জানিবলৈ দিয়ে৷ তেওঁ কয় যে কাগজ কল দুটাৰ বিষয়া–কর্মচাৰীৰ বকেয়া দৰমহা প্রদানৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ৬৩০ কোটি টকাৰ এক বিশেষ বিত্তীয় পেকেজ প্রদান কৰা হ’ব৷ এই কথা ৰাজ্য চৰকাৰৰ পৰা ইতিমধ্যে সংশ্লিষ্ট শ্রমিক সংগঠনবোৰক জনাই দিছে৷

মুখ্যমন্ত্রীয়ে প্রকাশ কৰা মতে, সাধাৰণ কর্মচাৰীসকলক ২৪ মাহৰ আৰু বিষয়াসকলক ১২ মাহৰ দৰমহা ৰাজ্য চৰকাৰে মোকলাই দিব৷ পিছে বিষয়াসকলৰ এছ’চিয়েচনে ২৪ মাহৰ দৰমহা দাবী কৰাৰ বাবে বিষয়টো জটিল হৈ পৰা বুলি ড০ শর্মাই জানিবলৈ দি কয় যে বিষয়াসকলক ২৪ মাহৰ দৰমহা দিলে সাধাৰণ কর্মচাৰীসকলে ৪৮ মাহৰ দৰমহা দাবী কৰিছে৷ এইক্ষেত্রত বিষয়াসকলৰ এছ’চিয়েচন আৰু শ্রমিক সংগঠনসমূহৰ মাজত সংঘাত সৃষ্টি হোৱা বুলি মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে৷ সংঘাত আঁতৰিলে ৰাজ্য চৰকাৰে ১০ দিনৰ ভিতৰত ৬৩০ কোটি টকাৰ পেকেজ মোকলাই দিব বুলি মন্তব্য কৰি ড০ শর্মাই কয় যে নগাঁও আৰু কাছাৰ কাগজ কলক লৈ বিৰাজমান অনিশ্চয়তা এতিয়া আঁতৰি গৈছে৷ কাৰণ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাটো এতিয়া আৰু সম্ভৱ নহয়৷ কল দুটাৰ যন্ত্রপাতি এতিয়া সম্পূর্ণৰূপে নষ্ট হৈ গৈছে৷ সেয়েহে কাগজ কল দুটাৰ মাটিত অনাগত দিনত ‘ইণ্ডাষ্ট্রিয়েল পার্ক’ কিম্বা ইথানল প্রস্তুত প্রকল্প নির্মাণ কৰাৰ চিন্তা–চর্চা চলি থকা বুলি ড০ শর্মাই সংবাদ মেলত জানিবলৈ দিয়ে৷

আনহাতে নামৰূপ সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতকৰণক্ লৈ মুখ্যমন্ত্রীগৰাকীয়ে কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে হোৱা বৈঠকত আলোচনা কৰা বুলি ড০ শর্মাই আজি জানিবলৈ দি কয় যে সাৰ কাৰখানাৰ তৃতীয় গোটটো এতিয়া অত্যন্ত বিপজ্জনক অৱস্থাত আছে৷ সেয়েহে চতুর্থ গোট স্থাপনৰ বাবে কৰণীয় কি কি আছে, তাক লৈ তেওঁ প্রধানমন্ত্রীৰ সৈতে আলোচনা কৰে৷ লক্ষণীয়ভাৱে নামৰূপ সাৰ কাৰখানাত ইউৰিয়াৰ পৰিৱর্তে নেনো ইউৰিয়া উৎপাদন কৰাৰ ওপৰত প্রধানমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰা বুলি মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে৷

আনহাতে অসমত অ’ এন জি চিৰ ‘পার্ফৰমেঞ্চ’ সিমান ভাল নহয় বুলি মুখ্যমন্ত্রীগৰাকীয়ে মঙলবাৰে আক্ষেপ ব্যক্ত কৰি কয় যে বিষয়টো তেওঁ প্রধানমন্ত্রীৰ দৃষ্টিগোচৰ কৰিছে৷ তেওঁ কয় যে অসমত অইল যিমান তৎপৰ অ’ এন জি চি সিমান নহয়৷ অইলতকৈ অ’ এন জি চিয়ে যথেষ্ট কম তেল উৎপাদন কৰে৷ সেয়েহে অ’ এন জি চিৰ হাতত থকা একাংশ তৈলক্ষেত্র অইলক দিব পাৰি নেকি, সেই কথা বিবেচনা কৰাৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে প্রধানমন্ত্রীক অনুৰোধ কৰে৷ অথবা অ’ এন জি চিয়ে কেনেকৈ উৎপাদন ক্ষমতা বঢ়াব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রীৰ সমুখত প্রস্তাৱ আগবঢ়ায়৷

মুখ্যমন্ত্রীৰ বক্তব্য– অইল, অ’ এন জি চিয়ে যিমান বেছিকৈ তেল উৎপাদন কৰিব সিমানেই লাভৱান হ’ব অসম৷ অসমে বেছিকৈ ৰাজহ সংগ্রহ কৰিব পাৰিব৷ সেয়েহে অসমৰ পৰা অধিক তেল উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৰুত্ব আৰোপ কৰিছে৷

You might also like