সাতগৰাকী শিক্ষিত নিবনুৱাৰ মহৎ পদক্ষেপ : কণ কণ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান
নিয়মীয়া বাৰ্তা, গেলেকী, ২৪ মাৰ্চঃ যি সময়ত ৰাজ্যত নিবনুৱা সমস্যা বৃদ্ধি হৈছে, চাকৰিৰ আশাত কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে নিবনুৱা যুৱক-যুৱতী ঘূৰি ফুৰিছে ঠিক সেই সময়তে শিৱসাগৰ জিলাৰ শিমলুগুৰি দৰিকীয়াল গাঁৱত সাতগৰাকী উচ্চ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কণ কণ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষা প্ৰদান কৰি আহিছে। বৰ্তমান সময়ত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে বছৰেকীয়া পৰীক্ষাত বহি আজৰি হৈ সময় কটাইছে। ঠিক সেই সময়তে এই সাত গৰাকী নিবনুৱা উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে দৰিকিয়াল গাঁৱত প্ৰদান কৰিছে এই বিনামূলীয়া আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ পাঠদান। অসমীয়া ব্যাকৰণ, ইংৰাজী ব্যাকৰণ, গণিত, নেওঁতা, বিভিন্ন পুথিগত আনুষ্ঠানিক শিক্ষা প্ৰদান কৰাৰ উপৰিও গীত-নৃত্য, চিত্ৰকলা, শিল্প কলাৰ অনানুষ্ঠানিক শিক্ষা প্ৰদান কৰিছে বিনামূলীয়াকৈ। প্ৰায় পঞ্চাশ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই বিনামূলীয়া আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ পাঠদানত। দৰিকিয়াল গাঁৱৰ সচেতন ব্যক্তি সকলৰ প্ৰচেষ্টাত এই সকল যুৱক -যুৱতীয়ে শিশু তথা ছাত্ৰ- ছাত্ৰী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিনামূলীয়া পাঠদানৰ লগতে অনানুষ্ঠানিক শিক্ষা প্ৰদান কৰি সকলোৰে বাবে এক আদৰ্শ হৈ পৰিছে৷