নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰত অনুষ্ঠিতব্য বিএড পৰীক্ষাৰ বিৰোধিতা

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ একাংশ বি এড পৰীক্ষাৰ ছাত্র–ছাত্রীয়ে আজি বিশ্ববিদ্যালয় চৌহদত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ ক’ৰোনা ভাইৰাছৰ প্রতি লক্ষ্য ৰাখি ছাত্র–ছাত্রীসকলে পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱর্তে সামগ্রিক আৰু অবিৰত মূল্যায়নৰ ভিত্তিত বি এডৰ প্রথম বর্ষৰ শিক্ষার্থীক উত্তীর্ণ কৰোৱাৰ দাবীৰে এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে যোৱা ১ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে বিশ্ববিদ্যালয়ৰ বি এডৰ প্রথম বর্ষৰ পৰীক্ষা নৱেম্বৰৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব বুলি এক জাননী জাৰি কৰে৷ ইয়াৰ পিছতে ছাত্র–ছাত্রীসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ ইয়াৰ পিছত ছাত্র–ছাত্রীসকলে বিশ্ববিদ্যালয় কর্তৃপক্ষক পৰীক্ষা বাতিল কৰাৰ বাবে দাবী কৰি প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বি এড প্রথম বর্ষত অধ্যয়নৰত প্রায় ৭,৩০০গৰাকী শিক্ষার্থী আছে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা একাংশ শিক্ষার্থীয়ে কয় যে মাৰাত্মক ক’ভিড–১৯ৰ ভয়াৱহ সামাজিক সংক্রমণৰ সময়ছোৱাত বহু শিক্ষার্থী পৰীক্ষাৰ বাবে প্রস্তুত হ’বলৈ সক্ষম হোৱা নাই৷ একাংশ ছাত্র–ছাত্রী প্রশিক্ষণৰ পৰা বঞ্চিত হৈছে৷ তেনে ক্ষেত্রত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে প্রদত্ত কর্ম পদ্ধতিৰ ভিত্তিত মূল্যায়ন কৰি দ্বিতীয় বর্ষলৈ শিক্ষার্থীসকলক উন্নীত কৰিবলৈ বিশ্ববিদ্যালয় কর্তৃপক্ষক আহ্বান জনায়৷

You might also like