নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ ৰাজ্যৰ শিক্ষা তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে নাজিৰাত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে৷ মন্ত্রীজনে পুৱাই শিমলুগুৰিস্থিত কর্মশ্রী হিতেশ্বৰ শইকীয়া উদ্যানৰ প্রতিমূর্তি আৰু সমাধিত উপস্থিত হৈ হিতেশ্বৰ শইকীয়ালৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ কর্মশ্রী হিতেশ্বৰ শইকীয়া উদ্যান আৰু হিতেশ্বৰ শইকীয়াৰ সমাধিৰ উন্নয়নৰ বাবে আনটাইড ফাণ্ডৰ পৰা ২৫ লাখকৈ মুঠ ৫০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ আনহাতে, মন্ত্রী ড০ শর্মাই নাজিৰা সমষ্টিৰ ৰহদৈ আলি পথটোৰ আধাৰশিলা স্থাপন কৰে৷ আনহাতে ৰাজ্যিক স্ব–গ্রাধিকাৰ উন্নয়ন শিতানৰ পৰা ৩,২৬১.৯৪ লাখ টকা ব্যয়েৰে নাজিৰাৰ তিনিটা জৰাজীর্ণ পথ ধোদৰ আলিৰ ১১.৯০ কিলোমিটাৰ, মেজেংগা ষ্টেচন ফিডাৰ ৰোডৰ ১১.২০ কিলোমিটাৰ আৰু গেলেকী আলিৰ ৬.২৪ কিলোমিটাৰ পথৰ আধাৰশিলা স্থাপন কৰে৷ পথকেইটাৰ কাম কালিলৈৰ পৰা আৰম্ভ হ’ব আৰু নির্বাচনৰ আগত সম্পূর্ণ হ’ব বুলি প্রকাশ কৰে মন্ত্রী শর্মাই৷ মন্ত্রী শর্মাই সদ্যপ্রয়াত শিৱসাগৰ জিলা বিজেপিৰ উপ–সভাপতি ডাঃ প্রবীণ কোঁৱৰৰ লগতে শিৱসাগৰৰ চেতিয়া গাঁৱৰ অশ্বিনী চেতিয়াৰ বাসগৃহত উপস্থিত হৈ দুয়োটা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ড০ শর্মাই শিৱসাগৰ জিলাৰ বেতনবঞ্চিত শিক্ষকসকলে অহা নৱেম্বৰ মাহৰ ভিতৰতে সুখবৰ লাভ কৰিব বুলি জানিবলৈ দিয়ে৷ ৰাজ্যত নিত্য নতুন দল গঠনৰ সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্নৰ উত্তৰত মন্ত্রীজনে ৰাজনৈতিক মন্তব্য নকৰোঁ বুলি বিষয়টো এৰাই চলে৷ সমূহ কার্যসূচীত মন্ত্রী শর্মাৰ লগতে বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়া, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, গডকাপ্ঢানী বিভাগৰ ৰাজ্যিক মন্ত্রী যোগেন মহন, বিধায়িকা নৱনীতা সন্দিকৈ, যুৱনেতা ময়ূৰ বৰগোহাঞি, বিজেপি নেতা প্রহ্লাদ গোৱালা, পলাশ পৱন শইকীয়াই অংশ লয়৷ বিধায়ক শইকীয়াই সমষ্টিটোৰ উন্নয়নৰ বাবে ড০ শর্মাৰ পদক্ষেপত সন্তোষ প্রকাশ কৰে৷ বিয়লি শিৱসাগৰৰ এক কার্যসূচীত অংশ ল’ব মন্ত্রীজনে৷