“এতিয়া বিৰোধীক পূজা কৰাৰ সময় নহয়”- স্বাস্থ্যমন্ত্রী ড০ শর্মা
নিয়মীয়া বাৰ্তা, ৫ জুনঃ বৃহস্পতিবাৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াই স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কোৱাৰেণ্টাইন হ’বলৈ কৰা মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে মন্ত্রীগৰাকীয়ে৷
সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি শইকীয়াক তুলাধুনা দি স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ কোৱাৰেণ্টাইনলৈ গ’লে তেওঁৰ দায়িত্বসমূহ দেৱব্রত শইকীয়াই ল’ব নেকি? কোৱাৰেণ্টাইন মানে জে’ল নহয়৷ প্রয়োজন হ’লে তেওঁ কোৱাৰেণ্টাইনলৈ যাবলৈ প্রস্তুত৷
মন্ত্রী ড০ শর্মাই আৰু কয় যে বর্তমান চৰকাৰে বিৰোধীক সন্তুষ্ট কৰিবলৈ একো কাম কৰা নাই৷ ক’ৰোনা ৰোগী, কোৱাৰেণ্টাইনত থকা লোক আৰু সাধাৰণ ৰাইজক সন্তুষ্ট কৰাৰ বাবেহে চৰকাৰে কাম কৰি আছে৷ ভগৱানে নকৰক দেৱব্রত শইকীয়া যদি কেতিয়াবা কোৱাৰেণ্টাইনলৈ আহিব লগা হয়, তেতিয়া হ’লে তেওঁক সন্তুষ্ট কৰিবলৈ চৰকাৰে সম্পূর্ণ চেষ্টা কৰিব৷
ৰাজ্যৰ প্রতিগৰাকী নাগৰিকক সুবিধা আৰু সুৰক্ষা প্রদানৰ ক্ষেত্রত চৰকাৰ দায়বদ্ধ৷ সেইদৰে কোনো কোনো স্থানত হোম কোৱাৰেণ্টাইন হৈ থকা কিছু লোকে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ থকা বুলি সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে দুই–এঠাইত এনে ঘটনা হৈছে আৰু খুব সোনকালে সকলো নিয়মীয়া হৈ পৰিব৷