বিশেষ বাৰ্তা, ১৬ আগষ্টঃ ধেমাজিত স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰি উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা শিশু আৰু অন্যান্য ব্যক্তিসকলৰ স্মৃতিত প্ৰতি বছৰে ১৬ আগষ্টৰ দিনটো সমগ্র ৰাজ্যতে শোক দিৱস হিচাপে পালন কৰি অহা হৈছে।এই উপলক্ষে আজি নগাঁও জিলা উপায়ুক্তৰ সভাগৃহত এখন শোক সভা অনুষ্ঠিত হয়। সভাত জিলা প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। সভাত সকলোৱে সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থীৰ হিংসাত্মক সকলো কাৰ্যৰ বিৰুদ্ধে শপত বাক্য পাঠ কৰে। লগতে উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত নিহত সকলৰ প্ৰতি শ্ৰদ্ধা জনায় ১ মিনিট মৌন প্ৰাৰ্থনা জনায়।
প্ৰেৰক কনক হাজৰিকা