বিশেষ বাৰ্তা, ২১ অক্টোবৰ : দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্রহণ কৰি অহা কঠোৰ স্থিতিৰ পাছতো একাংশ চৰকাৰী বিষয়া–কর্মচাৰীৰ যেন গা লৰা নাই৷ উৎকোচ লৈ প্রায় প্রতিদিনে বিষয়া–কর্মচাৰী গ্রেপ্তাৰ হৈ অহাৰ পাছতো ধনৰ লোভ সামৰিব পৰা নাই একাংশই৷ এনে ধনৰ লোভতে দুর্নীতি নিবাৰক শাখাৰ ভয়ত পলায়ন কৰিবলগীয়া হ’ল ৰৌতা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া কবিন্দ্র ৰাভাই ৷ তথ্য অনুসৰি, বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে এটা গোচৰৰ সন্দর্ভত এজন লোকৰ পৰা উৎকোচ বিচাৰিছিল৷ আৰক্ষী বিষয়াগৰাকীয়ে এনে ধন বিচৰা কাণ্ড দুর্নীতি নিবাৰক শাখাক অৱগত কৰাৰ পাছত কালি সন্ধিয়া আৰক্ষীৰ এটা দলে অভিযান চলাই অঞ্চলটোত চলি থকা দুর্গোৎসৱৰ উৎসাহ–উদ্দীপনাৰ মাজতে হঠাৎ দুর্নীতি নিবাৰক শাখাৰ দল আৰক্ষী থানাখনত উপস্থিত হোৱাৰ লগে লগে প্রায় হুৱাদুৱাৰ সৃষ্টি হয়৷ এনে পৰিস্থিতিৰ মাজতে সুযোগ বুজি অ’চি কবিন্দ্র ৰাভাই পলায়ন কৰে৷ তদন্তকাৰী দলটোৱে আৰক্ষী থানাখনত আন আৰক্ষীক উৎকোচ লোৱা সন্দর্ভত সোধা–পোছা কৰে৷ দুর্নীতি নিবাৰক শাখাৰ ভয়তে পলায়ন কৰা অ’চি কবিন্দ্র ৰাভাৰ সন্ধানত ইতিমধ্যে আৰক্ষীৰ এটা দল নামি পৰিছে৷ আৰক্ষীৰ পোছাক সলনি কৰি পলায়ন কৰা ভাৰপ্রাপ্ত বিষয়াগৰাকীৰ অনুপস্থিতিত ৰৌতা আৰক্ষী থানাৰ উপ–পৰিদর্শক অচ্যুত কুমাৰ দাসে আৰক্ষী থানাখনৰ কাম–কাজ বর্তমান চলাই আছে৷ অৱশ্যে সমগ্র ঘটনা সন্দর্ভত ইতিমধ্যে দুর্নীতি নিবাৰক শাখাই কোনোধৰণৰ গোচৰ ৰুজু কৰা নাই৷