নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা

নিয়মীয়া বাৰ্তা, ৩০ জুলাই : সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ৯ আগষ্টত বকোত আয়োজন কৰা হ’ব পুথিভঁৰাল দিৱস। উল্লেখ্য যে দেশৰ প্ৰবাদপ্ৰতিম বৌদ্ধিক জ্ঞানৰ ব্যক্তি তথা পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ প্ৰয়াত ড০ শিৱালী ৰামমৃত ৰংগনাথনৰ ১৩১সংখ্যক জন্মতিথিত পুথিভঁৰাল দিৱসৰ আয়োজন কৰা হ’ব। পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ প্ৰয়াত ব্যক্তিগৰাকীৰ স্মৃতি ৰক্ষাৰ্থে পালন কৰা হ’ব পুথিভঁৰাল দিৱস। এই উপলক্ষে আজি বকোস্থিত চিলাৰায় ভৱনত অনুষ্ঠিত হয় কামৰূপ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কাৰ্য্যনিৰ্বাহক সভা। সন্থাৰ সাধাৰণ সম্পাদক বিষ্ণু ৰাম দাসে আঁত ধৰা সভাত পৌৰোহিত্য কৰে সভাপতি অনুপম দাসে। সন্থাৰ ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ সম্পাদকদ্বয় নিপেন তালুকদাৰ আৰু কনক কুমাৰৰ সহযোগত অনুষ্ঠিত সভাত ৯ আগষ্টৰ পুথিভঁৰাল দিৱসৰ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ যাৱতীয় বিধি-ব্যৱস্থাৰ ওপৰত আলোচনা কৰে আৰু সকলোকে সহযোগ কৰাৰ আহ্বান জনায়। সভাত পুথিভঁৰাল দিৱসৰ কাৰ্য্যসূচী, বাজেট, বক্তা আৰু অতিথিৰ বিষয়টো আলোচনা কৰি চূড়ান্ত কৰে বুলি জানিবলৈ দিয়ে সভাপতি অনুপম দাসে।

প্ৰেৰক  বিষ্ণু ৰাম দাস

You might also like