নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ তৈলক্ষেত্র অইললৈ হস্তান্তৰৰ বাবে মোদীলৈ পত্র মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তিনিদিনীয়া উজনি অসম ভ্রমণকালত দেওবাৰে দ্বিতীয়দিনা দুলীয়াজান সমষ্টিত অৱস্থিত অসম গেছ কোম্পানী লিমিটেড আৰু দুলীয়াজান–নুমলীগড় পাইপলাইন লিমিটেড (ডিএনপিএল) পৰিদর্শন কৰে৷

ইফালে, কালি উজনিৰ অন্যান্য কার্যসূচী সমাপ্ত কৰাৰ পাছত নিশা ১০বজাত দুলীয়াজান অইল ইণ্ডিয়াৰ অতিথিশালা এফ–১৪ত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শর্মা৷ এই অতিথিশালাতে অইল ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল কুমাৰ মিশ্র, বিত্ত বিভাগৰ সঞ্চালক হৰিশ মাধৱ আৰু মুখ্য আৱাসিক বিষয়া প্রশান্ত বৰকাকতিৰ সৈতে অইলৰ বিভিন্ন বিভাগীয় পৰিৱেশ তথা সামগ্রিক কাম–কাজৰ অগ্রগতিৰ লগতে ভৱিষ্যৎ পৰিকল্পনা সন্দর্ভত বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ প্রায় মাজনিশালৈকে অনুষ্ঠিত অইলৰ এই বৈঠকত উপস্থিত থাকি সহযোগ আগবঢ়ায় কার্যবাহী সঞ্চালক ইন্দ্রজিত বৰুৱা আৰু অইলৰ মুখপাত্র ত্রিদীব হাজৰিকাই৷ বৈঠকত অংশগ্রহণ কৰে কেন্দ্রীয় খাদ্য আৰু সংসাধনৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, কৃষিমন্ত্রী অতুল বৰা, শক্তিমন্ত্রী বিমল বৰা, শ্রমমন্ত্রী সঞ্জয় কিষাণ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, ডিগবৈৰ বিধায়ক সুৰেন ফুকনে৷

১০ বজাত প্রাকৃতিক গেছ সৰবৰাহ কেন্দ্র তথা গেছ কম্প্রেচাৰ ষ্টেচন ডি এন পি এলত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ডি এন পি এলৰ প্রৱেশদ্বাৰৰ সন্মুখতে নৱনির্বাচিত মুখ্যমন্ত্রী ড০ শর্মাক গামোচা, চেলেং চাদৰৰ লগতে হেংদাং আগবঢ়াই উষ্ম সম্ভাষণ জ্ঞাপন কৰে প্রতিষ্ঠানটোৰ অধ্যক্ষ ৰূপম গোস্বামী আৰু মুখ্য কার্যবাহী বিষয়া তথা অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্র স্বর্গীয়াৰীয়ে৷ ইয়াৰ পাছতেই প্রতিষ্ঠানটোৰ চৌহদত এটা ৰুদ্রাক্ষ গছৰ পুলি ৰোপণ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ সেইদৰে ডি এন পি এলৰ বাকৰিত গঢ়ি তোলা বহু মূল্যৱান প্রজাতিৰ এখন অর্কিড উদ্যান মুকলি কৰাৰ লগতে প্রতিষ্ঠানটোৰ গেছ কম্প্রেচাৰৰ চতুর্থ গোটটো ফিটা কাটি শুভ উদ্বোধন কৰি ভিতৰচ’ৰা পর্যবেক্ষণ কৰে মুখ্যমন্ত্রীয়ে৷

উল্লেখ্য যে বর্তমান পর্যায়ত বছৰি ৩ মিলিয়ন মেট্ৰিকটন খাৰুৱা তেলৰ শোধন ক্ষমতা থকা নুমলীগড তেল শোধনাগাৰটোক ৯ মিলিয়ন মেট্ৰিকটনলৈ ইয়াৰ শোধন ক্ষমতা সম্প্রসাৰণ কৰা পৰিকল্পনা আগবাঢ়িছে৷ এইক্ষেত্রত ৩ মিলিয়ন মেট্ৰিকটন খাৰুৱা তেলৰ শোধনৰ বাবে দৈনিক প্রয়োজন হয় ১ মিলিয়ন মিটাৰ কিউবিক গেছ৷ সেইদৰে ৯ মিলিয়ন মেট্ৰিকটনৰ শোধন ক্ষমতা সম্প্রসাৰণৰ পাছত নুমলীগড শোধনাগাৰক প্রয়োজন হ’ব দৈনিক ৩ মিলিয়ন মিটাৰ কিউবিক গেছ৷ অহা ২০২৩–২৪ বর্ষত সম্পূর্ণ হ’বলগীয়া নুমলীগড় তেল শোধনাগাৰটোৰ শোধন ক্ষমতাৰ সম্প্রসাৰণ ব্যৱস্থাত প্রাকৃতিক গেছৰ চাহিদা বৃদ্ধি পাব৷ গতিকে প্রয়োজনীয় গেছৰ চাহিদা যোগান ধৰিবৰ বাবে অইল ইণ্ডিয়া আৰু হিন্দুস্তান অইল এক্সপ্ল’ৰেচন কোম্পানীৰ পৰা ডি এন পি এলে গেছ সৰবৰাহ কৰিব৷ ইয়াৰ ফলত অনাগত সময়ত প্রতিষ্ঠানটোৰ লাভ আৰু ব্যৱসায় দুইটাই বৃদ্ধি পাব বুলি মত পোষণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

ডি এন পি এলৰ কার্যসূচী সমাপ্তিৰ পাছতেই ১১বাজি ১০ মিনিটত অসম গেছ কোম্পানীত উপস্থিত হয় মুখ্যমন্ত্রীগৰাকী৷ গেছ কোম্পানীৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত প্রায় এঘণ্টীয়া গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ অসম গেছ কোম্পানীৰ মানৱ সম্পদ আৰু প্রশাসন বিভাগৰ মহাপ্রবন্ধক দীপক চেতিয়া ফুকন, গেছ মেনেজমেণ্ট বিজনেছ বিভাগৰ উপ–মহাপ্রবন্ধক মনোজ বৰুৱা, উপ–মহাপ্রবন্ধক (এইচ এছ ই) এন এইচ হাজৰিকা, উপ–মহাপ্রবন্ধক (এফ এণ্ড এ) এইচ চি মহন্তৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্র স্বর্গীয়াৰীয়ে গেছ কোম্পানীৰ বিগত তিনিবছৰীয়া কার্যক্রমণিকা আৰু ভৱিষ্যৎ পৰিকল্পনা সন্দর্ভত অৱগত কৰে৷

মুখ্যমন্ত্রীগৰাকীয়ে সমগ্র বিষয় পুংখানুপুংখভাৱে পর্যবেক্ষণ কৰি প্রাকৃতিক গেছ ব্যৱসায়ৰ ক্ষেত্রত অধিক গুৰুত্ব দিবলৈ পৰামর্শ আগবঢ়াই গেছ কোম্পানীৰ শীর্ষ বিষয়াসকলক৷ এইক্ষেত্রত প্রধানতঃ অইল ইণ্ডিয়া লিমিটেড, তেল আৰু প্রাকৃতিক গেছ নিগম (অ’ এন জি চি), হিন্দুস্তান অইল এক্সপ্ল’ৰেচন কোম্পানী লিমিটেড, অইল মেক্স আদিৰ পৰা গেছ ক্রয় কৰি বৃহৎ পাইপ লাইন স্থাপনেৰে দুলীয়াজান––গোলাঘাট পাইপ লাইন বহুৱাই ইন্দ্রধনুষ গেছ কোম্পানীৰ সৈতে গেছ পৰিবাহী পাইপ লাইন সংযোগ কৰা পৰিকল্পনাৰ ক্ষেত্রত অসম গেছ কোম্পানীয়ে গুৰুত্ব প্রদান কৰিছে যাতে অসমৰ গেছখিনি অতিৰিক্ত দামত বহিঃৰাজ্যত বিক্রী কৰি ব্যৱসায়ত লাভ বুটলিব পাৰে গেছ কোম্পানীয়ে৷ পৰৱর্তী সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে যোৱা এটা বছৰত অসম চৰকাৰৰ অধীনস্থ অসম গেছ কোম্পানীয়ে যথেষ্টখিনি পাৰদর্শিতা প্রদর্শন কৰিছে৷ যাৰ ফলত গেছৰ নাটনিৰ দিনত ৪০ শতাংশ গেছ ভাণ্ডাৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে কোম্পানীটোৱে৷

ইয়াৰ পৰিপ্রেক্ষিততে যোৱা বছৰটোত প্রায় ৩০০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে অসম গেছ কোম্পানীয়ে আৰু অসম চৰকাৰলৈ ৫ কোটি টকা লাভৰ অংশ প্রদান কৰিছে৷ ইয়াৰ লগতে বিভিন্ন আনুষংগিক সমাজ কল্যাণমূলক আৰু গঠনমূলক কাম–কাজতো অৱদান আগবঢ়াই আহিছে অসম গেছ কোম্পানীয়ে৷ আনহাতে, অসম গেছ কোম্পানীৰ ভৱিষ্যৎ পৰিকল্পনা পর্যবেক্ষণ কৰি থলুৱা প্রতিষ্ঠানটোৰ মার্গ নির্ণয়ৰ ওপৰত সন্তুষ্টি প্রকাশ কৰি মুখ্যমন্ত্রীয়ে লগতে কয় যে অসম গেছ কোম্পানীয়ে অনাগত তিনি বছৰত ৩০০ কোটি টকাৰ পৰিৱর্তে ১০০০ কোটি টকালৈকে টার্ন অভাৰ কৰিব পাৰিব৷

আনহাতে, বিভিএফচিএল, নামৰূপ থার্মেলৰ বাবে প্রয়োজন হোৱা গেছ যোগানৰ ক্ষেত্রতো অসম গেছ কোম্পানীয়ে প্রত্যাহ্বানমূলক ব্যৱস্থা গ্রহণ কৰিব বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ আনহাতে, অইল ইণ্ডিয়াই যোৱাবছৰটোত সন্মুখীন হৈ অহা বাঘজানকেন্দ্রিক ঘটনা, ক’ভিডৰ লগতে বিভিন্ন ঘটনাপ্রবাহৰ ফলত অইলৰ উৎপাদন ৩ মিলিয়ন মেট্ৰিকটন হ্রাস পাইছে৷ উৎপাদনত লোকচানমুখী হোৱাৰ বাবে অইলে অসম চৰকাৰক দিবলগীয়া ৮০০ কোটি টকা টকা সম্পূর্ণকৈ আগবঢ়াব নোৱাৰিলে৷ অসমৰ অর্থনীতি খণ্ডলৈ যথেষ্ট বৰঙণি আগবঢ়াই অহা অইল ইণ্ডিয়া লিমিটেডক সঠিক ৰূপত উৎপাদন কৰিবলৈ এটা সুস্থ পৰিৱেশ দিবলৈ ৰাজ্যবাসীক সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায় মুখ্যমন্ত্রীয়ে৷

লক্ষণীয় যে ইতিমধ্যে উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে উত্তৰ–পূর্বাঞ্চলত থকা অ’এনজিচিৰ তৈলক্ষেত্রসমূহ অইল ইণ্ডিয়ালৈ হস্তান্তৰ কৰাৰ ক্ষেত্রতো বিশেষ গুৰুত্ব আৰোপ কৰি ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র প্রেৰণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অৱশ্যে এইক্ষেত্রত যথেষ্ট বিচাৰ–বিবেচনাৰ কথা আহিব যদিও প্রাৰম্ভিক পর্যায়ত চেষ্টা চলোৱা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রীগৰাকীয়ে৷ এইদৰে দুলীয়াজানৰ আটাইকেইটা কার্যসূচীত মুখ্যমন্ত্রীক সংগ দিয়ে কেন্দ্রীয় খাদ্য আৰু সংসাধনৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, কৃষিমন্ত্রী অতুল বৰা, শক্তিমন্ত্রী বিমল বৰা, শ্রমমন্ত্রী সঞ্জয় কিষাণ, ডি এন পি এলৰ অধ্যক্ষ ৰূপম গোস্বামী, অসম গেছ কোম্পানীৰ অধ্যক্ষ বলীন চেতীয়া, উপাধ্যক্ষ ইন্দ্র গগৈ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আদি দলীয় নেতাসকলে৷ এই সময়ছোৱাতে আপকু ডিব্রুগড জিলাকে ধৰি গোর্খা ছাত্র সন্থা, চুতীয়া ছাত্র সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আমছুৰ লগতে বিভিন্ন দল–সংগঠনৰ উপৰি মাইক্র’ফাইনেঞ্চ কোম্পানীৰ পৰা ঋণ লোৱা মহিলাসকলেও সম্ভাষণ জনোৱাৰ লগতে স্মাৰক–পত্র প্রদান কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক৷

You might also like