নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ অইল ইণ্ডিয়াই ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিয়া এটকাও চি এছ আৰ ( ক’ৰ্পৰেট ছচিয়েল ৰেছপ’ছিবিলিটি) বিভাগত খৰচ হোৱা বুলি দেখুৱাব নোৱাৰে৷ কাৰণ কি কি ক্ষেত্ৰত চি এছ আৰৰ ধন খৰচ কৰিব পাৰি সেই সম্পৰ্কীয় বিধি- ব্যৱস্থা মিনিষ্ট্ৰী অৱ ক’ৰ্পৰেট এফেয়াৰ্ছৰ গাইডলাইনছত লিপিৱদ্ধ আছে। এই মন্তব্য প্ৰাক্তন কটনীয়ান, বৰ্তমানৰ ডুবাই নিৱাসী খনি অভিযন্তা তথা অৰ্থনীতি বিশ্লেষক সমুদ্ৰজিৎ গোহাঁইৰ। নিয়মীয়া বাৰ্তাৰ কালি নিশা ডিজিটেল সংস্কৰণত প্ৰকাশিত ‘চি এছ আৰৰ অৰ্থ ক্ষতিপূৰণ নেকি? ১১ টা ক্ষতিগ্ৰস্ত পৰিয়ালক বিতৰণ কৰিলে ২ কোটি ২০ লাখ টকা’ শীৰ্ষক বাতৰিৰ প্ৰতিক্ৰিয়া হিচাপে সমুদ্ৰজিৎ গোহাঁইয়ে এই প্ৰতিবেদকৰ সতে টেলিফোনিক বাৰ্তালাপত মতামত দাঙি ধৰি কয় যে কোনো ক্ষতিপূৰণ বা জৰিমনা প্ৰদানক চি এছ আৰৰ খৰচ বুলি দেখুৱাটো দৰাচলতে ‘ক’ৰ্পৰেট এক্ট’ ভঙ্গ কৰা কৰ্মহে৷ চি এছ আৰৰ পুঁজি নিৰ্দিষ্ট কিছুমান ক্ষেত্ৰতহে ব্যৱহাৰ কৰা যায়৷ জৰিমনা আদায় দিয়া কাৰ্যক উপহাৰ প্ৰদান কৰা বুলি ক’ব পাৰি জানো? তেওঁ কয় – ‘ইতিমধ্যে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে প্ৰাথমিক ৰায়দানত অইল ইণ্ডিয়াক বাঘজান কাণ্ডৰ বাবে প্ৰথম পয্যায়তে ২৫ কোটি টকাৰ ক্ষতিপূৰণ দিবৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ দিছে৷ পৰৱৰ্তী পয্যায়ত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এই ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এই ক্ষেত্ৰতো অইলে সমগ্ৰ ক্ষতিপূৰণক চি এছ আৰ স্পেণ্ডিং বুলি দেখুৱাব নেকি? তেওঁ আৰু কয়- ‘মই ভাৱো এইয়া এক আদালত অৱমাননা (Contempt of court) কৰাৰ অপচেষ্টা৷ আদালতৰ নিৰ্দেশত দিব লগা জৰিমনাক মৰমত দিয়া উপহাৰ বুলি অপব্যাখ্যা কৰাৰ কাৰোৰে অধিকাৰ নাই। মই নিশ্চিত যে অইল ইণ্ডিয়াৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু অডিটৰ সকলে এনুৱেল ৰিপ’ৰ্ট বনোৱাৰ সময়ত এই বিষয়ে প্ৰশ্ন উথাপন কৰিব৷ অন্যথা চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ সংস্থাই হিচাপ পৰীক্ষকসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। কেনেধৰণৰ খৰচক চি এ সকলে চি এছ আৰ স্পেণ্ডিং বুলি প্ৰমাণপত্ৰ দিব পাৰে সেই সন্দৰ্ভত আই চি এ আই (Institute of Chartered Accountants of India)ৰ কঠোৰ গাইডলাইন আছে। মিনিষ্ট্ৰী অৱ ক’ৰ্পৰেট এফেয়াৰ্ছৰ গাইডলাইন মতে কোম্পানীবিলাকে বাৰ্ষিক লাভৰ পৰা ২ শতাংশ চি এছ আৰৰ নামত খৰচ কৰিব লাগিব। উল্লেখ্য যে বাঘজান কাণ্ডৰ বিৰুদ্ধে শ্ৰীগোহাঁয়ে আন দুগৰাকী পৰিৱেশ কৰ্মী ক্ৰমে সোণেশ্বৰ নৰহ আৰু আফ্ৰিণ ৰহমানৰ সতে লগ লাগি যোৱা ২৭ জুন তাৰিখে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ওচৰত তৰা গোচৰৰ ৰায় প্ৰদান কৰে যোৱা ৭ জুলাই তাৰিখে। শ্ৰীগোহাঁৰ দৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অইলে চি এছ আৰৰ পুঁজিৰ অপপ্ৰয়োগ কৰাটো সহ্য কৰা নহ’ব। ক্ষতিগ্ৰস্তক অতি শীঘ্ৰে উপযুক্ত মূল্যাংকনৰ জৰিয়তে ক্ষতিপূৰণ দি শুক্লেশ্বৰ নেওগৰ আত্মহননৰ দৰে দ্বিতীয়টো দুৰ্ভাগ্যজনক ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ মৰাণে অইলক সকীয়াই দিয়ে।