নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি দিনে অইলে বন্ধ কৰিব পৰা নাই গেছ–তেলৰ নির্গমন

নিয়মীয়া বার্তা, ৩১ মে’: ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ সমীপত তথা ডিব্রু নৈৰ পাৰৰ বাঘজান গাঁওস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ ৫ নম্বৰ তেলখাদটোত যোৱা ২৭ মে’ৰ পুৱা প্রচণ্ড শব্দৰে বিস্ফোৰণ সংঘটিত হোৱাৰ ৮০ ঘণ্টাৰ পাছতো গেছ আৰু তেল নির্গমন বন্ধ হোৱা নাই৷ ফলত সমগ্র এলেকাটোৰ জনসাধাৰণৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ যিকোনো মুহূর্তত জুই জ্বলি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ৷ অৱশ্যে অইল ইণ্ডিয়া লিমিটেডে যুদ্ধকালীন তৎপৰতাৰে গেছ–তেল নির্গমন বন্ধ কৰিবলৈ চেষ্টা চলাই আছে৷ অধিক উচ্চ চাপত নির্গত হৈ থকা গেছ আৰু কনছেট তেলৰ নির্গমন বন্ধ কৰিবলৈ অ’ এন জি চিৰ বদোদাৰাৰ পৰা অহা বিশেষজ্ঞ দলে কাম কৰি আছে যদিও ৮০ ঘণ্টা অতিক্রম কৰাৰ পাছতো প্রচণ্ড শব্দৰে গেছ আৰু তেল নির্গমন হৈয়েই আছে৷ গেছৰ লগতে কনছেট তেলৰ নির্গমন হৈ বৰষুণৰ দৰে পৰি থকাৰ ফলত এলেকাটোৰ চৌপাশৰ গছ–গছনিৰ বিস্তৰ ক্ষতি হৈছে৷

শনিবাৰে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটা দলে গেছ আৰু তেল নির্গমন হৈ থকা স্থান পৰিদর্শন কৰে৷ এলেকাটোৰ জনসাধাৰণৰ লগতে জীৱকুল আৰু জৈৱ–বৈচিত্র্যৰ প্রতি ভয়াৱহ সংকট নমাই অনা গেছ আৰু তেল নির্গমন  চাৰি দিনে অইল কর্তৃপক্ষই বন্ধ কৰিব নোৱাৰাটো চৰম দুর্ভাগ্যজনক আখ্যা দি আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে এই ঘটনাৰ ফলত পশু–পক্ষী, জীৱকুল আৰু কাষতে অৱস্থিত পৃথিৱীবিখ্যাত বনৰীয়া ঘোঁৰাৰ বিচৰণথলী ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ প্রতি ভাবুকি আহি পৰিছে৷ তেলখাদটোত খননকার্যৰ কাম কৰা ‘জন এনার্জী’ নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীটোৰ অদক্ষতাৰ বাবেই বাঘজান তেলখাদত বিস্ফোৰণ সংঘটিত হ’ল৷ তেওঁ এইক্ষেত্রত গেছ নির্গমন ঘটনাটোৰ এক তদন্তৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ দোষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়৷ তেওঁ লগতে এনে অদক্ষ কোম্পানীক ব্লেক লিষ্টেড কৰিবলৈও দাবী উত্থাপন কৰে৷ বায়ু, পানী, মাটি প্রদূষণৰ লগতে বিকট শব্দৰে শব্দ প্রদূষণৰ কথা উল্লেখ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে জনসাধাৰণৰ জীৱনৰ মূল্যৰ বিনিময়ত তেল, গেছ উৎপাদন কৰা কথাটো কেতিয়াও মানি ল’ব নোৱাৰি৷

আনহাতে, হঠাতে উচ্চ চাপত গেছ আৰু তেল নির্গত হোৱাৰ পাছত আতংকিত হৈ পৰা কাষৰীয়া জনসাধাৰণক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰাৰ লগতে জিলা প্রশাসনে বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ত আশ্রয় শিবিৰ স্থাপন কৰি দিছে৷ গেছ নির্গমনৰ ফলত আতংকিত হৈ পৰা কাষৰীয়া ছশৰো অধিক লোকে এই শিবিৰত আশ্রয় লৈছে৷ প্রথম দিনা শিবিৰত বিশেষ সুবিধা দিয়া নাছিল যদিও ৰাইজৰ ক্ষোভত অইল কর্তৃপক্ষই পিছদিনাই শৌচালয়, পোহৰকে ধৰি ভ্রাম্যমাণ চিকিৎসা শিবিৰ মুকলি কৰি দিয়ে৷ কিন্তু বর্তমান ক’ৰোনা মহামাৰীৰ সংক্রমণ প্রতিৰোধৰ প্রতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখিব লাগে যদিও শিবিৰটোত আশ্রয় লোৱাসকলে যথেষ্ট ঘনকৈ থাকিবলগীয়া হৈছে৷ সেয়েহে আছুৰ সাধাৰণ সম্পাদকজনে এই বিষয়টোৰ প্রতি গুৰুত্ব দি নিৰাপদ স্থানত প্রয়োজন অনুসৰি দুই–তিনিটা আশ্রয় শিবিৰ স্থাপন কৰিবলৈ প্রশাসনক আহ্বান জনায়৷

You might also like