বাঘজানৰ বাবে ব্যাপক ক্ষতিৰ সন্মুখীন অইল ইণ্ডিয়া
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ বাঘজান অগ্নিকাণ্ডৰ বাবে অভাৱনীয় লোকচানৰ সন্মুুখীন হৈ আছে অইল ইণ্ডিয়া লিমিটেডে৷ বিশেষকৈ ৮ জুনৰ বিস্ফোৰণৰ পাছত অইলে দৈনিক ৬.৩৮ লাখ কেজি (৬৩৮ টন) খাৰুৱা তেল আৰু ৪.৬ লাখ কিউবিক মিটাৰ গেছৰ লোকচান বহন কৰি আছে৷ তেল কোম্পানীটোৱে শনিবাৰে টুইটাৰযোগে এই কথা জানিবলৈ দিছে৷
তিনিচুকীয়া জিলাৰ বাঘজানত সংঘটিত বিস্ফোৰণৰ বাবে অইলে ইয়াৰ আশে–পাশে থকা মুঠ ৬৬টা তেলখাদ আৰু ১৩টা গেছখাদৰ পৰা তেল আৰু গেছ আহৰণ বন্ধ ৰাখিবলৈ বাধ্য হৈছে নিৰাপত্তাজনিত কাৰণত৷ আৰু ইয়াৰ বাবেই তেল কোম্পানীটোৱে ইমান বৃহৎ লোকচানৰ সন্মুুখীন হ’বলগীয়া হৈছে৷
উল্লেখ্য যে যোৱা ২৭ মে’ৰ পৰা বাঘজানৰ এটা গেছখাদত অনিয়ন্ত্রিতভাৱে গেছ নির্গত হৈ আছিল আৰু ইয়াৰ পাছত ৮ জুনত সংঘটিত বিস্ফোৰণত খাদটোত ভয়ংকৰ জুই লাগে, যি জুই এতিয়াও নির্বাপিত কৰিব পৰা সম্ভৱ হোৱা নাই৷ ইয়াৰ উপৰি বাঘজানৰ বিস্ফোৰণৰ বাবে বাঘজানৰ ডপৰি মুঠ ৪টা স্থানত তেল ডৎপান প্রক্রিয়া ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে৷ খাৰুৱা তেলৰ যোগান ধৰা প্রক্রিয়াতো বিৰূপ প্রভাৱ পৰিছে৷
পৰিস্থিতি যি দিশে গতি কৰিছে, চলিত বিত্তীয় বর্ষত অইলে অভাৱনীয় লোকচানৰ সন্মুুখীন হ’ব পাৰে৷ ইয়াৰ মাজতেই কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রালয়ে বাঘজান বিস্ফোৰণৰ তদন্তৰ বাবে তিনিজনীয়া এক ডচ্চ পর্যায়ৰ কমিটী গঠন কৰিছে৷ ডিৰেক্টৰেট জেনেৰেল অৱ হাইড্র’কার্বনছৰ ডিজি এছ চি এম দাসৰ নেতৃত্বত যোৱা ১১ জুনত গঠন কৰা এই কমিটীয়ে কি কাৰণত বাঘজানত এই দুর্ঘটনা সংঘটিত হ’ল তথা কাৰ ভুলৰ বাবে এই বিস্ফোৰণ ঘটিল, তাৰ তদন্ত কৰিব আৰু এমাহৰ ভিতৰত কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রালয়ত এই সন্দর্ভত এক প্রতিবেদন দাখিল কৰিব৷