অইল ইণ্ডিয়া লিমিটেডত স্হায়ী নিযুক্তি হাৰতকৈ বৰ্ধিত ঠিকাভিত্তিক নিযুক্তি হাৰে ব্যক্তিগতকৰণৰ দ্বাৰ মুকলি কৰিছে
- স্হায়ী নিযুক্তি প্ৰক্ৰিয়া বিলুপ্তিয়ে নিবনুৱাক কৰি তুলিছে হতাশগ্ৰস্ত
নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ দেশৰ দ্বিতীয় বৃহৎ ৰাজহুৱা লাভজনক উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন বিভাগত স্হায়ী নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত নিবনুৱা বিৰোধী কিছুমান আসোঁৱাহপূৰ্ণ নীতি- নিদেৰ্শনাই কোম্পানীটোৰ ভৱিষ্যত সন্দৰ্ভত কেতবোৰ বহু প্ৰশ্ন উত্থাপিত হৈছে । নৱৰত্ন পৰিচয়ৰে সমাদৃত কোম্পানীটোৱে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত যি হাৰত নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিবলৈ লাগিছিল তাৰ পৰিৱৰ্তে ঠিকাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াই এতিয়া কোম্পানীটোক গ্ৰাস কৰিবলৈ লোৱাটোৱে অদূৰ ভৱিষ্যতে কোম্পানী ব্যক্তিগতকৰণ হোৱাৰ সম্ভাৱনাৰ দিশে যেন অগ্ৰসৰ হৈছে ।
উল্লেখযোগ্য যে বিগত ১৫ জুলাই দিনা অইল ইণ্ডিয়াৰ নিজা ৱেবচাইটৰ পৰা প্ৰকাশিত আৰু পৰ্য্যায়ক্ৰমে বিভিন্ন বাতৰি কাকতৰ যোগেদি প্ৰকাশ পোৱা অইল ইণ্ডিয়া লিমিটেডত ৩০ টা পদ খালী শীৰ্ষক বিজ্ঞাপনটোৱে অইলৰ স্হায়ী নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত নিবনুৱাৰ মনত বহু প্ৰশ্ন উদ্ৰেক ঘটাইছে । প্ৰকাশিত বিজ্ঞাপন অনুসৰি কেমিকেল এছিছটেন্টৰ ৩০ টা খালী পদ ফিল্ড আৰু লেব বিভাগৰ । অহা ৪ আগষ্টত হ’বলগীয়া সাক্ষাৎকাৰৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীক নিয়োগ বিজ্ঞাপনৰ যোগেদি আহ্বান জনোৱা হৈছে ।
কিন্তু তাৎপৰ্যপূৰ্ণ যে স্হায়ী নহৈ ঠিকাভিত্তিক চুক্তিত পূৰণ কৰিবলগীয়া এই খালী পদ ৩০ টাৰ ভিতৰত অসংৰক্ষিত ১৪ টা, এছ ছি ২ টা, এছ টি ৩ টা, অ’বিচি ৮ টা আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ৩ টা পদ সংৰক্ষণ থাকিব । আবেদনকাৰী প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ৰসায়ন বিজ্ঞান বিষয়ত স্নাতক উত্তীৰ্ণধাৰী হ’ব লাগিব । আনহাতে ৰসায়ন বিভাগ ক্ষেত্ৰখনত এবছৰীয়া কৰ্মৰ অভিজ্ঞতাও থকাটো বাঞ্চনীয় । ১৮–৪০ ৰ নিৰ্ধাৰিত বয়সৰ প্ৰাৰ্থীয়ে বিজ্ঞাপনৰ সকলো নিৰ্দেশনা অনুসৰি আবেদন কৰাৰ লগতে দৰ্মহা মাহে ফিক্সড ১৫ হাজাৰ টকা ধাৰ্য কৰিছে । আনহাতে প্ৰতিদিনৰ কৰ্মৰ অতিৰিক্ত ভাট্ৰা হিচাপে ৫০০ টকা সংযোজিত কৰা হৈছে ।
প্ৰকাশিত বিজ্ঞাপনৰ সাৰাংশ অনুসৰি বিজ্ঞানৰ স্নাতক একোগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে এবছৰীয়া অভিজ্ঞতা লৈ মাহে মাত্ৰ ১৫ হাজাৰ টকাত অৰ্থাৎ এটা দিনত ৫০০ টকাৰ ঠিকাভিত্তিক চুক্তিত অইলৰ কেমিকেল বিভাগত নিজকে আত্মনিয়োগ কৰিব লাগিব । মেধাৱী শিক্ষাৰ্থীসকলক লৈ অইল ইণ্ডিয়াৰ দৰে দেশৰ ৰাজহুৱা খণ্ডৰ কোম্পানীটোৰ ই কেনে তাজ্জৱ কাণ্ড।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ২০১৬ চনত তেতিয়াৰ স্বীকৃতি প্ৰাপ্ত অইল এণ্ড গেছ এমপ্ল’য়ীজ ইউনিয়নে অইলৰ মেন মেনেজমেণ্ট কনট্ৰেক্ট অৰ্থাৎ এম এম চিৰ বিৰোধীতা কৰি নিবনুৱাৰ স্বাৰ্থত ৰিক্ৰুইটমেন্ট মুকলি কৰাৰ ক্ষেত্ৰত দাবী জনাইছিল । যিহেতুকে ঠিকাদাৰী ভিত্তিক নিযুক্তি সমূহে প্ৰকৃত নিবনুৱাৰ পৰিৱৰ্ত্তে মধ্যভোগীসকলকহে অধিক সুবিধা দিয়ে । এই দাবীৰ প্ৰসংগত সেইসময়তে দুলীয়াজানত অনুষ্ঠিত অইলৰ বৰ্ড অৱ ডাইৰেক্টৰ পৰ্য্যায়ৰ বৈঠকৰ সিদ্ধান্তমৰ্মে ২০১৬ চনৰ ১৩ আগষ্টত ৩৯৪ টা কাৰিকৰী খালী পদ পূৰণ কৰিবলৈ অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা বিজ্ঞাপনৰ যোগেদি আবেদন জনাই । সমান্তৰালভাৱে গাণনিক বিভাগত দুটা পৰ্য্যায়ত প্ৰায় ৫০ টা খালি পদো পূৰণ হৈছিল ।
সাক্ষাৎকাৰ আৰু ফলাফলৰ প্ৰায় এমাহৰ পাছতেই অৰ্থাৎ ২০১৭ চনত পুনৰ ৩৯৪ টা কাৰিকৰী খালী পদ আৰু ৮০ টাকৈ কনিষ্ঠ সহায়ক পদ পূৰণ কৰিবলৈ অইলে বিজ্ঞাপনৰ যোগেদি আবেদন জনাই । কিন্তু ৰহস্যজনকভাৱে সহস্ৰাধিক নিবনুৱাই আবেদন জনোৱা উক্ত খালি পদসমূহ বিভিন্ন খাম-খেয়ালীৰ মাজত আজি পৰ্যন্ত অমিংমাসিত হৈ ৰ’ল । এইক্ষেত্ৰত স্হানীয় দল-সংগঠনেও নিবনুৱা সপক্ষত অইলক বহুবাৰ প্ৰতিবাদ জনাইছিল ।
জানিব পৰামতে উক্ত অপূৰ্ণ হৈ ৰোৱা খালী পদসমূহ পূৰণ হোৱা হ’লে পুনৰ যোৱা দুটাবছৰৰ ভিতৰত প্ৰায় ৪০০ পদ সৃষ্টি হোৱাৰ সম্ভাৱনা আছিল । কিন্তু নিবনুৱাৰ ভৱিষ্যত অন্ধকাৰত ৰাখি অইল ইণ্ডিয়া মেনেজমেন্টে পূৰ্বৰ বিজ্ঞাপনৰ যোগেদি আবেদন জনোৱা খালী পদসমূহকে আজিলৈকে পূৰণ কৰিব নোৱাৰিলে ।
ইফালে অইল ইণ্ডিয়া লিমিটেড বাণিজ্যিকভাৱে দেশে-বিদেশে যিমান হাৰত সম্প্ৰসাৰণ ঘটিছে সেই অনুপাতে স্হায়ী এমপ্ল’য়িৰ নিযুক্তিৰ হাৰ বঢ়া নাই । কিন্তু লক্ষণীয়ভাৱে যোৱা দুই -তিনিবছৰত বিষয়া পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া হুৰাহুৰে বৃদ্ধি পাবলৈ ধৰিছে । ইয়াক লৈও হতাশাত ভুগিছে কাৰিকৰী শিক্ষিত নিবনুৱাসকল । আনহাতে অইলৰ বিভাগীয় বহু সংখ্যক খালী পদ আজি পৰ্যন্ত পূৰণ নোহোৱাৰ হেতুকে অইল ইণ্ডিয়াত স্হায়ী কৰ্মচাৰীৰ সংখ্যা যথেষ্ট কম আৰু একেখিনি কৰ্মচাৰীয়ে অতিৰিক্ত কৰ্তব্য সম্পাদন কৰিব লগা হৈছে ।
উদাহৰণস্বৰূপে অইল মেডিকেল বিভাগত ঠিকাভিত্তিক ভাৱে বৰ্তমান ৩ গৰাকী ফাৰ্মাচিষ্টে কৰ্মসম্পাদন কৰি আহিছে । এই বিভাগটোত খালী হৈ আছে মুঠ ৬ টাকৈ স্হায়ী
পদ । ইফালে শেহতীয়া দুটা বছৰত অইল ইণ্ডিয়া হায়াৰ চেকেণ্ডাৰী স্কুলতো সাক্ষাৎকাৰৰ যোগেদি স্হায়ী শিক্ষক নিযুক্তিৰ সলনি ঠিকাভিত্তিক শিক্ষক নিযুক্তি ব্যৱস্হাৱলী গ্ৰহণ কৰি আহিছে অইলে ।
আনহাতে অইলৰ প্ৰডাকচন চাৰ্পট চাৰ্ভিচেছ অৰ্থাৎ পি এছ এছ বিভাগৰ অধীনত নতুনকৈ ইনষ্ট’লেশ্যন হোৱা মধুবনস্হিত চেকেণ্ডাৰী টেংক ফাৰ্ম অনতিপলমে মুকলি হোৱাৰ দিশে অগ্ৰসৰ হৈছে । এই এচ টি এফৰ বাবেও প্ৰয়োজন হোৱা নতুন কেণ্ডিডেট তথা অপাৰেটৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আজিলৈকে কোনোধৰণৰ ব্যৱস্হাৱলী গ্ৰহণ নকৰি বৰঞ্চ অইলৰ ইন্টাৰনেল নটিফিকেচনৰ জৰিয়তে মূলতঃ কাৰিকৰী বিভাগৰ পৰা মানুহ টনাৰ প্ৰয়াস চলাইছে । এইক্ষেত্ৰত বিভাগীয়ভাৱে মানৱসম্পদ কম হোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই এনঅ’চি অৰ্থাৎ অনুমতি প্ৰদান নকৰিলেও কিন্তু ইতিমধ্যে একাংশ কাৰিকৰী বিভাগৰ পৰা এছ টি এফলৈ কিছুসংখ্যকে অপাৰেটৰ হিচাপে আবেদন কৰিছে বুলি বিশেষ সূত্ৰে প্ৰকাশ ।
এনেদৰে অইলে নতুন নিযুক্তি প্ৰক্ৰিয়া সৃষ্টি কৰাৰ পৰিৱৰ্তে এটা বিভাগৰ পৰা আন বিভাগলৈ বিষয়া-কৰ্মচাৰী বদলিকৰণ নীতি গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ঠিকাভিত্তিক নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে । শেহতীয়াকৈ অইলত ক্ৰমাগতভাৱে স্হায়ী নিযুক্তি প্ৰক্ৰিয়া সংকুচিত কৰি আনি ঠিকাভিত্তিক নিযুক্তি প্ৰক্ৰিয়া সম্প্ৰসাৰণ ঘটাই ৰাজহুৱা খণ্ড উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণৰ দিশে ধাৱিত হোৱাৰ ইংগিত যেন বহন কৰিছে ।