নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্রমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ তৎপৰতা৷ সমান্তৰালভাৱে প্রার্থিত্বৰ দাবীৰে ইতিমধ্যে প্রতিটো ৰাজনৈতিক দলৰ মজিয়াত নতুন মুখে ভুমুকি মাৰিছে৷ বিশেষকৈ শাসকীয় বিজেপিৰ প্রায় প্রতিটো সমষ্টিতে দুই–তিনিজনকৈ প্রার্থিত্বপ্রত্যাশীয়ে এইবাৰ টিকট বিচাৰি আৰম্ভ কৰিছে কুচকাৱাজ৷ ১০০+ আসন দখলৰ লক্ষ্যৰে ইতিমধ্যে সাংগঠনিক দিশ শক্তিশালী কৰি তোলা ৰাজ্যিক বিজেপিয়ে জয়ৰ সম্ভাৱনা থকা প্রার্থীকহে প্রার্থিত্ব প্রদান কৰিব বুলি ঘোষণা কৰাৰ পিছতে অধিক সক্রিয় হৈ পৰিছে দলৰ অধিকাংশ যুৱ নেতা তথা আন প্রার্থিত্বপ্রত্যাশী৷ উল্লেখ্য যে নির্বাচনত প্রার্থিত্ব বিচাৰি আগতীয়াকৈ আবেদন নকৰিবলৈ ইতিমধ্যে স্পষ্ট কৰি দিছে দলৰ ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষে৷ এই নির্দেশৰ পিছতো উজনি আৰু উত্তৰ অসমৰ প্রায় প্রতিটো সমষ্টিতে নতুন মুখে টিকট বিচাৰি আৰম্ভ কৰিছে বিশেষ তৎপৰতা৷ সবাতোকৈ লক্ষণীয় দিশটো হৈছে ছিটিং এম এল এ থকাৰ পিছতো প্রতিটো সমষ্টিতে একাধিক যুৱ নেতাই প্রার্থিত্ব বিচাৰি কার্যতঃ বিধায়কসকলৰ বাবেও নমাই আনিছে তীব্র প্রত্যাহ্বান৷ এনে অৱস্থাত নির্বাচনত শাসকীয় দলটোৱে প্রার্থিত্ব প্রদানৰ ক্ষেত্রত কি নীতি গ্রহণ কৰে, সেয়া যথেষ্ট লক্ষণীয় হৈ পৰিছে৷
মহানগৰীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত প্রার্থিত্বৰ বাবে আৰম্ভ হোৱা এনে তৎপৰতাৰ মাজতে দলৰ সাত গৰাকীকৈ মুখপাত্রই বর্তমানৰ বিধায়কৰ বিৰুদ্ধে প্রার্থিত্ব বিচৰা বিষয়টোৱে দলৰ নেতৃত্বকো কিছু জটিলতাৰ মাজলৈ থেলি দিছে৷ এইবাৰ নির্বাচনত মার্ঘেৰিটা অথবা ডিগবৈ সমষ্টিৰ পৰা প্রার্থিত্ব বিচাৰিছে দলৰ মুখপাত্র লক্ষ্য কোঁৱৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ঘনিষ্ঠ লক্ষ্য কোঁৱৰে মুখ্যতঃ মার্ঘেৰিটা সমষ্টিত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে একপ্রকাৰ সাজু হৈছে৷ এইক্ষেত্রত সমষ্টিটোৰ বর্তমানৰ বিধায়ক ভাস্কৰ শর্মাক নির্বাচনত প্রার্থিত্ব প্রদান কৰে নে নাই সেয়াও বিচার্যৰ বিষয় হৈ পৰিছে৷ একেদৰে পশ্চিম গুৱাহাটী সমষ্টিত প্রতিদ্বন্দ্বিতাৰ বাবে সকলো প্রকাৰে সাজু হৈছে দলৰ সংবাদকোষৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰল৷ পশ্চিম গুৱাহাটী সমষ্টিটো যদিও অগপৰ দখলত আছে, এইবাৰ সমষ্টিটোত শাসকীয় দলটোৱে প্রার্থী প্রক্ষেপৰ বাবে চিন্তা–চর্চা চলাই আছে৷ এনে অৱস্থাত ধ্রুৱজ্যোতি মৰলৰ প্রার্থিত্বৰ দাবী ইতিবাচক হ’ব বুলিও চর্চা চলিছে৷ দলৰ আন মুখপাত্রসকল ক্রমে সুভাষ দত্তই মৰাণ সমষ্টিত, পৱিত্র মার্ঘেৰিটাই মার্ঘেৰিটা সমষ্টিত, হেমাংগ ঠাকুৰীয়াই পলাশবাৰীত, জয়ন্ত দাসে দিছপুৰ সমষ্টিত, মমিনুল আৱালে পূব গোৱালপাৰা সমষ্টিত আৰু ৰূপম গোস্বামী পূব গুৱাহাটী সমষ্টিত প্রার্থিত্ব বিচাৰিছে৷ মৰাণ, দিছপুৰ, পূব গুৱাহাটী, পলাশবাৰীত বিজেপিৰ বিধায়ক থকাৰ পিছতো সমষ্টিকেইটাত টিকটৰ দাবীৰে মুখপাত্রসকলে চলোৱা তৎপৰতাক লৈও সমস্যাত পৰিছে ৰাজ্যিক বিজেপি৷ মন কৰিবলগীয়া যে আগন্তুক নির্বাচনত প্রার্থিত্ব প্রদানৰ ক্ষেত্রত ৰাজ্যিক বিজেপিয়ে নিজাববীয়াকৈ সমীক্ষা চলোৱাৰ লগতে ৰাষ্ট্রীয় নেতৃত্বয়ো প্রার্থিত্ব প্রদানক লৈ ব্যক্তিগত প্রতিষ্ঠানৰ জৰিয়তে ইতিমধ্যে সমীক্ষা সম্পন্ন কৰি তুলিছে৷
এই সমীক্ষাৰ প্রতিবেদনৰ ভিত্তিতেই এইবাৰ বিজেপিয়ে প্রার্থিত্ব প্রদান কৰাটো নিশ্চিত৷ এনে অৱস্থাত দলৰ দখলত থকা ৪০টাতকৈও অধিক সমষ্টিত সলনি হ’ব পাৰে প্রার্থিত্ব৷ যোৱা সময়ছোৱাত কর্মদক্ষতা প্রদর্শনত ব্যর্থ হোৱা, বিভিন্ন বিতর্কত সাঙোৰ খাই পৰা বা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা বিধায়কক পুনৰ প্রার্থিত্ব নিদি গণভিত্তি থকা নতুন নেতাক প্রার্থিত্ব দিয়াৰ বাবেও ইতিমধ্যে চিন্তা–চর্চা আৰম্ভ হৈছে৷ আনকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে স্পষ্টকৈ ঘোষণা কৰিছে যে জয়ৰ সম্ভাৱনা থকা প্রার্থীকহে টিকট প্রদান কৰা হ’ব৷ এনে অৱস্থাত বহু বিধায়কে এইবাৰ প্রার্থিত্ব হেৰুওৱাৰ সম্ভাৱনা প্রবল হৈ পৰিছে৷ নির্বাচনক লৈ দলৰ ভিতৰচ’ৰাত আৰম্ভ হোৱা এনে কুচকাৱাজৰ মাজতে মধ্য অসম আৰু উজনি অসমৰ কেইবাটাও গুৰুত্বপূর্ণ সমষ্টিত এইবাৰ দলৰ বিধায়কক প্রত্যাহ্বান জনাই প্রার্থিত্বৰ দাবীৰে চর্চালৈ আহিছে শাসকীয় দলটোৰ আন কেইবাজনো নেতা৷ তিনিচুকীয়া সমষ্টিত ৰাজ্যিক মন্ত্রী সঞ্জয় কিষাণৰ প্রতি প্রত্যাহ্বানৰ সৃষ্টি কৰি সমষ্টিটোত প্রার্থিত্বৰ দাবী তুলিছে দলৰ উপ–সভাপতি পুলক গোহাঁয়ে৷
একেদৰে বিহালী সমষ্টিত কেবিনেট মন্ত্রী তথা দলৰ পূর্বৰ সভাপতি ৰঞ্জিত দত্তক প্রত্যাহ্বান জনাই টিকটৰ দাবী তুলিছে অশোক ভট্টৰাই আৰু জয়ন্ত বৰাই৷ গোলাঘাটৰ পূর্বৰ কংগ্রেছী বিধায়ক অজন্তা নেওগে বিজেপিত যোগদানৰ পিছতে দলে প্রাক্তন বিধায়িকাগৰাকীক গোলাঘাটৰ পৰিৱর্তে অন্য সমষ্টিত প্রার্থিত্ব দিয়াৰ চিন্তা–চর্চা কৰিছে৷ সেয়েহে গোলাঘাটত এইবাৰ প্রার্থিত্বৰ জোৰদাৰ দাবী তুলিছে বিতোপন শইকীয়া, দেৱজিৎ বৰা, জিনা বৰুৱা আৰু ৰুবুল বৰাই৷ পূব গুৱাহাটী আৰু দিছপুৰ সমষ্টিত বর্তমানৰ বিধায়কক প্রত্যাহ্বান জনাই প্রার্থিত্বৰ দাবী উঠিছে৷ বিশেষকৈ পূব গুৱাহাটীত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যক প্রত্যাহ্বান জনাই প্রার্থিত্বৰ দাবী তুলিছে মুখ্যমন্ত্রীৰ আইনী উপদেষ্টা শান্তনু ভৰালী আৰু মুখপাত্র ৰূপম গোস্বামীয়ে৷ আনহাতে দিছপুৰ সমষ্টিত বিধায়ক অতুল বৰাক প্রত্যাহ্বান জনাই টিকটৰ দাবীদাৰ হৈ পৰিছে দলৰ উপ–সভাপতি জয়ন্ত দাস৷ তেজপুৰ সমষ্টিটো এইবাৰ অগপৰ পৰা নিজৰ দখললৈ অনাৰ বাবে বিজেপিয়ে আৰম্ভ কৰা কুচকাৱাজৰ মাজতে সমষ্টিটোত প্রতিদ্বন্দ্বিতাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ঋতুবৰণ শর্মা, হিৰণ্য ডেকা, অমিতাভ শইকীয়াই৷ একেদৰে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল মহন্তৰ দখলত থকা বঢ়মপুৰ সমষ্টিতো বিজেপিয়ে এইবাৰ প্রার্থিত্ব দিয়াৰ চিন্তা–চর্চা আৰম্ভ কৰিছে৷ সমষ্টিটোৰ প্রার্থিত্বৰ দাবীদাৰ হ’ল জিতু গোস্বামী আৰু সুনীল বৰা৷ ৰহা সমষ্টিত বর্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসক প্রত্যাহ্বান জনাই টিকটৰ দাবী তুলিছে প্রাক্তন ডি আই জি শ্যামল শইকীয়াৰ লগতে সঞ্জীৱ হাজৰিকা, মনজ্যোতি বৰা, লক্ষ্য দাস, সূর্য দাস, তপন দাস আদি কৰি কেইবাজনো যুৱ নেতাই৷ বিশ্বনাথ সমষ্টিত বিধায়ক প্রমোদ বৰঠাকুৰক প্রত্যাহ্বান জনাইছে প্রার্থিত্বপ্রত্যাশী ডাঃ ৰঞ্জন গগৈ আৰু দিগন্ত ঘাটোৱাৰে৷
যোৰহাট সমষ্টিত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীৰ প্রার্থিত্বৰ প্রতি প্রত্যাহ্বান জনাই এইবাৰ নির্বাচনত টিকটৰ দাবী তুলিছে শান্তনু পূজাৰীয়ে৷ ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াক প্রত্যাহ্বান জনাই টিকটৰ দাবীদাৰ হৈ পৰিছে বনমালী শর্মা, মুকুন্দ ডেকা, প্রণৱ বৰুৱা আৰু অশোক ভার্গৱ৷ একেদৰে মঙলদৈ সমষ্টিত বর্তমানৰ বিধায়ক গুৰুজ্যোতি দাসৰ বাবে সংকট নমাই সমষ্টিটোত প্রার্থিত্বৰ দাবী তুলিছে পিংকুমণি দাস আৰু নয়ন দাসে৷ কংগ্রেছৰ দখলৰ পৰা ডুমডুমা সমষ্টি কাঢ়ি অনাৰ লক্ষ্যৰে এইবাৰ বিজেপিৰ প্রার্থিত্বৰ দাবীদাৰ হ’ল অৰুণজ্যোতি মৰাণ আৰু লক্ষেশ্বৰ মৰাণ৷ সৰুপথাৰ সমষ্টি আৰু তিতাবৰ সমষ্টি দুটা নিজৰ দখললৈ অনাৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ৷ সৰুপথাৰ সমষ্টিত টিকটৰ দাবীদাৰ হ’ল বিশ্বজিৎ ফুকন, অমিয় কুমাৰ বৰা, জীৱন চুতীয়া, দীনেশ ভিলৱাৰিয়া আৰু ৰাজীৱ শইকীয়া৷ তিতাবৰ সমষ্টিত বিজেপিৰ প্রার্থিত্বৰ দাবীদাৰ হিচাপে প্রস্তুতি চলাইছে কুমুদ চন্দ্র কছাৰী, হেমন্ত কলিতা, কৃষ্ণমণি চুতীয়া আৰু ড০ বুধিন্দ্র নাথ শইকীয়াই৷ শদিয়াৰ বর্তমানৰ বিধায়ক বলীন চেতিয়াক সংকটত পেলাই টিকটৰ দাবীদাৰ হৈছে ললিত মৰাণ আৰু যুধিষ্ঠিৰ বুঢ়াগোহাঁই৷ তদুপৰি এইবাৰ নলবাৰী, লামডিং, হাজো, বৰখলা, বিহপুৰীয়া, উদাৰবন্দ, কাটিগড়া, ডিব্রুগড়, চাবুৱা আদি কেইবাটাও সমষ্টিতো বর্তমানৰ বিধায়কক প্রত্যাহ্বান জনাই কেইবাজনো যুৱ নেতাই প্রার্থিত্বৰ দাবী তুলিছে৷