৭৫ কোটি টকা ব্যয়সাপেক্ষে ৰঙিয়াত স্থাপন হ’ব পুৰণি বাহন নষ্টকৰণ কেন্দ্র
নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ পৰিবহণ বিভাগৰ সেৱাসমূহ অধিক নাগৰিককেন্দ্রিক কৰাৰ প্রয়াসৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে জিলা পৰিবহণ বিষয়াসকলৰ সৈতে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই যান–বাহন চালনাৰ শিকাৰুৰ অনুজ্ঞাপত্র অনলাইনযোগে প্রাপ্তিৰ সুবিধা আৰু যান–বাহনৰ ফিটনেছ প্রমাণ–পত্র নৱীকৰণৰ সুবিধার্থে ‘এম বাহন’ নামৰ এটা ‘এপ্’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷
উল্লেখ্য যে ‘এন আই চি’য়ে প্রস্তুত কৰা আধাৰভিত্তিক এই অনলাইন সুবিধাৰ জৰিয়তে এতিয়াৰে পৰা জনসাধাৰণে জিলা পৰিবহণ বিষয়াৰ কার্যালয়লৈ নোযোৱাকৈয়ে ঘৰৰ পৰাই ইণ্টাৰনেটৰ মাধ্যমেৰে পৰীক্ষা দি যান–বাহন চালনাৰ শিকাৰুৰ অনুজ্ঞাপত্র অনলাইনযোগে লাভ কৰিব৷ আনহাতে ‘এম বাহন’ নামৰ এপ্টোৰ সহায়ত এতিয়াৰে পৰা যান–বাহনৰ গৰাকীসকলে যিকোনো জিলা পৰিবহণ কার্যালয়তে অসমত পঞ্জীয়ন কৰা বাহনৰ ‘ফিটনেছ’ প্রমাণ–পত্র নৱীকৰণ কৰিব পাৰিব৷ আজিৰ এই পর্যালোচনা বৈঠকত পৰিবহণ বিভাগৰ বিভিন্ন কাম–কাজৰ পর্যালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্ব গ্রহণৰ পাছতে চৰকাৰখনক কেনেকৈ জনসাধাৰণৰ অধিক ওচৰ চপাই নিব পাৰি, সেই উদ্দেশ্যে বিভিন্ন প্রচেষ্টা হাতত লৈছে৷ জনসাধাৰণে যাতে কার্যালয়লৈ নহাকৈয়ে ‘ভার্চুৱেল মিডিয়া’ বা ইণ্টাৰনেটৰ সহায়ত যথেষ্টসংখ্যক চৰকাৰী সা–সুবিধা ঘৰতে লাভ কৰিব পাৰে, তাৰ বাবেও চৰকাৰে যাৱতীয় প্রস্তুতি আৰম্ভ কৰিছে৷
এই দিশত পৰিবহণ বিভাগেও যাৱতীয় পদক্ষেপ ল’ব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই বিভাগটোৰ গৰিষ্ঠসংখ্যক সেৱাই যাতে জনসাধাৰণে কার্যালয়লৈ নহাকৈয়ে লাভ কৰিব পাৰে, সেয়া সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়ে৷ বৈঠকত ২০২২ চনৰ ১০ মে’ৰ ভিতৰত বিভাগৰ ১৮টা সেৱা অনলাইন মাধ্যমেৰে জনসাধাৰণলৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা সন্দর্ভতো আলোচনা কৰা হয়৷ আগন্তুক ৫ বছৰৰ ভিতৰত পৰিবহণ বিভাগটোত ব্যাপক পৰিৱর্তন সাধন হ’ব লাগিব বুলি মন্তব্য কৰি তেওঁ পর্যালোচনা বৈঠকত উপস্থিত থকা জিলা পৰিবহণ বিষয়াসকলক উৎসর্গিত মনোভাবেৰে জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়৷ পর্যালোচনা বৈঠকত মুখ্যমন্ত্রীয়ে পথ সুৰক্ষা সন্দর্ভতো বিশেষ গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে পথ দুর্ঘটনাৰ কাৰণসমূহ বিচাৰি উলিয়াই সেইবোৰৰ ওপৰত ধাৰাবাহিক গৱেষণা হ’লেহে দুর্ঘটনাৰ সংখ্যা কমাব পৰা যাব৷
এইক্ষেত্রত তেওঁ জিলা পৰিবহণ বিষয়াসকলক আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে প্রতি তিনি মাহৰ মূৰে মূৰে মিলিত হৈ পথ সুৰক্ষা ব্যৱস্থাৱলী পর্যালোচনা কৰি ইয়াৰ ভিত্তিত যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে নির্দেশ দিয়ে৷ আজিৰ এই অনুষ্ঠানতে পুৰণি পঞ্জীকৃত যান–বাহন নষ্ট কৰাৰ সুবিধা কেন্দ্র স্থাপনৰ অর্থে পৰিবহণ বিভাগ আৰু কে ডি আইৰন এণ্ড ষ্টীল কোম্পানীৰ মাজত এখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হয়৷ এই বুজাবুজি চুক্তিমর্মে কামৰূপ জিলাৰ ৰঙিয়াৰ মৰাণজানাত ৭৫ কোটি টকা ব্যয়েৰে আয়ুসকাল উকলি যোৱা পুৰণি যান–বাহন সংগ্রহ তথা নষ্টকৰণৰ এই কেন্দ্রটো স্থাপন কৰা হ’ব৷ এই কেন্দ্রটোত প্রত্যক্ষভাৱে ৫০গৰাকী আৰু পৰোক্ষভাৱে ৫০০গৰাকী লোকে নিয়োগৰ সুবিধা লাভ কৰিব৷ পৰিবহণ বিভাগৰ প্রধান সচিব কে কে দ্বিবেদীয়ে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, পৰিবহণ আয়ুক্ত আদিল খান তথা ৰাজ্যৰ আটাইকেইখন জিলাৰ জিলা পৰিবহণ বিষয়সকলকেধৰি পৰিবহণ বিভাগৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷