নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ বৈজ্ঞানিকৰ ব্যাপক সফলতা! এতিয়াৰে পৰা মাত্ৰ দুই ঘন্টাৰ ভিতৰতে ধৰা পৰিব অমিক্ৰণ ভাইৰাছ

নিয়মীয়া বাৰ্তা, ১১ডিচেম্বৰঃ ডিব্ৰুগড়ৰ লাহোৱালস্থিত ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিৰ্চাচ চেন্টাৰ চমুকৈ আইচিএমআৰৰ এক বৃহৎ সাফল্যই সকলোৰে মুখত হাঁহি বিৰিঙাইছে।এতিয়াৰে পৰা কেবল মাত্ৰ দুঘন্টাৰ ভিতৰতে চিনাক্ত হব ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ।এনে খবৰে সকলো পক্ষলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।সমগ্ৰ বিশ্বতে এতিয়া অমিক্ৰণৰ আতংক। অতি কম সময়ৰ ভিতৰতে এই ভয়াবহ অমিক্ৰণ বিয়পিছে ইখনৰ পাছত সিখন দেশলৈ।ইতিমধ্যেই বিশেষজ্ঞ চিকিৎসকে জনাইছে অমিক্ৰণৰ ভয়াবহতাৰ কথা।

ক’ভিডৰ আনবোৰ ভেৰিয়েন্টতকৈ বহু বেছি দ্ৰুতগতিত বিয়পিব পাৰে কভিডৰ এই নতুন প্ৰকাৰৰ অ’মিক্ৰণ।অমিক্ৰণ ভাইৰাছত আক্ৰান্ত এজন ৰোগীৰ পৰা মাত্ৰ ১৪ দিনৰ ভিতৰতে প্ৰায় ৮০ পৰা ১০০জনলৈ বিয়পাব পাৰে এই মাৰাত্মক ভাইৰাছটো। অমিক্ৰণ ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ বিশ্বৰ বৈজ্ঞানিক সকলে পৰীক্ষা নিৰীক্ষা কৰি থকাৰ মাজতে ডিব্ৰুগড়স্থিত ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিৰ্চাচ চেন্টাৰ চমুকৈ আই চি এম আৰে প্ৰস্তুত কৰি উলিয়াইছে ক’ভিডৰ এই নতুন ভেৰিয়েন্ট অমিক্ৰণক তাৎক্ষণিক ভাৱে চিনাক্ত কৰিব পৰা এক বিশেষ কিট।

সমগ্ৰ দেশৰ ভিতৰতে আইচিএমআৰৰ বৈজ্ঞানিকৰ দলে প্ৰস্তুত কৰা এই কিটৰ জৰিয়তে মাত্ৰ দুঘন্টাৰ ভিতৰতে চিনাক্ত কৰিব পৰা যাব অতি মাৰাত্মক এই অমিক্ৰণ ভাইৰাছ আৰু কেইটামান দিনৰ পাছতেই বজাৰত সহজতে উপলব্ধ হব এই কিট।এই কথা জনাইছে আইচিএমআৰৰ জ্যেষ্ঠ বৈজ্ঞানিক ড° বিশ্বজিত বৰকাকতিয়ে।যোৱা ২৫ নৱেম্বৰত যেতিয়া দক্ষিন আফ্ৰিকাত এই অ’মিক্ৰণ ভাইৰাচটো প্ৰথম ধৰা পৰে,তেতিয়াই আমি সচকিত হৈ অমিক্ৰণৰ চিনথেটিক জিন তৈয়াৰ কৰি আমি এক বিশেষ কিটৰ সহায়ত চিকুৱেঞ্চিঙৰ কাম আৰম্ভ কৰো আৰু ইয়াৰ ফলাফল যথেষ্ট আশাব্যঞ্জক আছিল–ড° বিশ্বজিৎ বৰকাকতিয়ে উল্লেখ কৰে।
বৰ্তমানে অ’মিক্ৰণ ভাইৰাছ চিনাক্ত কৰিবলৈ প্ৰয়োজন হয় ৪ দিনৰ পৰা ৫ দিন পৰ্যন্ত সময়।তাৰ বিপৰীতে ডিব্ৰুগড়ৰ আইচিএমআৰৰ বৈজ্ঞানিকে উদ্ভাৱন কৰা এই কিট ব্যৱহাৰ কৰি মাত্ৰ দুঘন্টাৰ ভিতৰতে চিনাক্ত কৰিব পৰা যাব অমিক্ৰণ ভাইৰাছ। কোনো প্ৰতিযোগিতা মনোভাবৰে বা লাভালাভৰ কথা চিন্তা নকৰি কেবল জনস্বাস্থ্য আৰু জনসেৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কিট ৰাইজৰ বাবে অতি শ্ৰীঘেই সুলভ হব বুলি বৈজ্ঞানি ড° বৰকাকতিয়ে উল্লেখ কৰে। ফলত মানুহৰ দেহত সময় থাকোতেই ৰোধ কৰিব পৰা যাব এই মাৰাত্মক ভাইৰাছক।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ যোৱা ২৫ নবেম্বৰত কভিডৰ অতি শক্তিশালী ৰূপ অমিক্ৰণ ধৰা পৰাৰ লগে লগে ডিব্ৰুগড়ৰ আই চি এম আৰে ইয়াৰ ওপৰত বহু পৰীক্ষা-নিৰক্ষা আৰম্ভ কৰিছিল।যিহেতু ভাৰতত সেই সময়ত এই ভাইৰাছত কোনো আক্ৰান্ত নাছিল।সেইবাবে কৃত্ৰিমভাবে পৰীক্ষাগাৰত অ’মিক্ৰণ তৈয়াৰ কৰি যাৱতীয় পৰীক্ষা সম্পন্ন কৰাত সফল হৈছিল বৈজ্ঞানিক সকল।স্বাভাৱিকতেই এনে ইতিবাচক খবৰে দেশৰ জনসাধাৰণক উৎসাহিত কৰি তুলিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like