নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ বাঘমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এক

নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ বজালীৰ অন্তৰ্গত বাঘমাৰাত যোৱানিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বজালীৰ বাঘমাৰ আৰক্ষী চকীৰ অন্তৰ্গত বাঘমাৰা বজাৰৰ ভাৰত ভূটান সংযোগী ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাস্তাৰে গৈ থকা অৱস্থাত এজন পথচাৰীক পিছপিনৰ পৰা এখন স্কুটীয়ে খুন্দিওৱাৰ ফলত পথচাৰীজন থিতাতে নিহত হয়৷ ইয়াৰ পিছতে ঘটনাস্থলীত বাঘমাৰা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে৷ আনহাতে দুৰ্ঘটনাটো সংঘটিত কৰা AS 15G 5461 নম্বৰৰ স্কুটীখন আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে৷ উল্লেখ্য যে বাতৰি লিখা সময়লৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই বাবে মৃতদেহটো হস্পিতালৰ মৰ্গতে ৰখা হৈছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like