নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ এখন আসন লাগে এআইইউডিএফক

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ অহা মার্চ মাহত দুখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভাৰ নির্বাচনত এইবাৰ এখন আসন বিচাৰিছে এ আই ইউ ডি এফে৷ এইক্ষেত্রত কংগ্রেছকে ধৰি সকলো বিৰোধী দলৰ পৰা এ আই ইউ ডি এফে সমর্থন বিচাৰিছে৷ এই সন্দর্ভত আজি এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা, বিধায়ক ৰফিকুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে দুখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভাৰ নির্বাচনত সকলো বিৰোধী দল ঐক্যবদ্ধভাৱে অৱতীর্ণ হ’লে এখন আসনত জয়লাভ কৰিব পাৰে৷ সাম্প্রতিক পৰিস্থিতিত বিৰোধী দল একত্রিত হোৱাৰ প্রয়োজনো আছে৷ তেওঁ এইবাৰৰ ৰাজ্যসভা নির্বাচনত সেই আসন৬খন এ আই ইউ ডি এফ দলক এৰি দিয়াৰ আহ্বান জনাই কয় যে এ আই ইউ ডি এফ দলে বিগত সময়ছোৱাত ৰাজ্যসভা নির্বাচনৰ সময়ত কংগ্রেছ দলক সমর্থন আগবঢ়াই আহিছে৷ এ আই ইউ ডি এফৰ সমর্থনৰ বাবেই ৰাণী নৰহ ৰাজ্যসভালৈ নির্বাচিত হৈছে৷

প্রণৱ মুখার্জী, হামিদ আনছাৰি যেতিয়া ৰাষ্ট্রপতি আৰু উপ–ৰাষ্ট্রপতি পদত নির্বাচনত অৱতীর্ণ হৈছিল, তেতিয়াও এ আই ইউ ডি এফে কংগ্রেছক সমর্থন দিছিল৷ সেয়ে এইবাৰ কংগ্রেছক ৰাজ্যসভাৰ নির্বাচনত এ আই ইউ ডি এফক সমর্থন দিয়াৰ আহ্বান জনায়৷ কংগ্রেছৰ উপৰি আন বিৰোধী দল আৰু বি পি এফৰো সমর্থন বিচাৰে৷ সেইদৰে এ আই ইউ ডি এফৰ আন এগৰাকী বিধায়ক ধিং সমষ্টিৰ আমিনুল ইছলামে এইবাৰ ৰাজ্যসভাৰ আসনখন এ আই ইউ ডি এফক এৰি দিয়াৰ আহ্বান জনায়৷ বিধায়ক ইছলামে কয় যে কংগ্রেছ চৰকাৰৰ আমোলত তেওঁলোকে ৰাজ্যসভা নির্বাচনত অগপক সমর্থন দিছিল৷ বিজেপিৰ আমোলৰ পৰা তেওঁলোকে প্রতিটো ৰাজ্যসভা নির্বাচনত কংগ্রেছক সমর্থন আগবঢ়াই আহিছে৷ তদুপৰি কংগ্রেছৰ এটা প্রতিশ্রুতি আছিল– পৰৱর্তী পর্যায়ত ৰাজ্যসভাৰ এখন আসন এ আই ইউ ডি এফক দিব৷ সেয়ে এইবাৰ ৰাজ্যসভাৰ আসনখন তেওঁলোকক এৰি দিয়াৰ বাবে আহ্বান জনায়৷ ইপিনে সৌ সিদিনালৈ এ আই ইউ ডি এফৰে পুনৰ মিত্রতাৰ বিৰোধিতা কৰি অহা প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই সুৰ সলনি কৰি সকলো বিৰোধী দল একত্রিত হোৱাৰ আহ্বান জনাই কয় যে এইবাৰৰ ৰাজ্যসভা নির্বাচন বিৰোধী শক্তি একত্রিত হোৱাৰ সুযোগ৷ আমি এই সুযোগ ল’ব বিচাৰিছোঁ৷

You might also like