নিয়মীয়া বাৰ্তা ৯ জুনঃ ডুমডুমাৰ বাঘজান গাঁৱত অইল ইণ্ডিয়া কর্তৃপক্ষৰ চূড়ান্ত মইমতালিৰ বাবেই বিগত ১০ দিনে খনন অব্যাহত ৰখা ৰীগৰ পৰা অবিৰত গেছ–তেল নির্গত হৈ এটা বৃহত্তৰ অঞ্চলত প্রলয় সৃষ্টি কৰা ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তেই এইবাৰ শিৱসাগৰত অ’ এন জি চিৰ বিষয়াৰ মইমতালিৰ বাবেই ফ্লেয়াৰ পিটত সংঘটিত হ’ল ভয়ংকৰ বিস্ফোৰণ৷ জনবসতিপূর্ণ এলেকাত স্থাপন কৰা ফ্লেয়াৰ পিটৰ ভয়াৱহ বিস্ফোৰণৰ ফলত কথমপি ৰক্ষা পৰে এটা বৃহৎ ঘন জনবসতিপূর্ণ এলেকা৷ নিশা প্রায় ১০ বাজি ৪৫ মিনিটত সংঘটিত বিস্ফোৰণে বৃহত্তৰ অঞ্চলটো কঁপাই তোলাৰ পাছতেই শোৱাপাটী এৰি ৰাজপথলৈ ওলাই আহে জনতা৷ বিস্ফোৰণৰ পাছতেই অ’ এন জি চিৰ ৰুদ্রসাগৰ তৈলক্ষেত্রৰ অধীনস্থ ৩নং জি জি এছৰ সমীপত থকা ফ্লেয়াৰ পিটত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডৰ লগে লগে স্থানীয় ৰাইজে নিকটৱর্তী জি জি এছ কর্তৃপক্ষক অৱগত কৰাত সেই সময়ত কর্তব্যৰত বিষয়াই মূল ভাল্ব বন্ধ কৰাতহে পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ অৱশ্যে স্থানীয় ৰাইজে এই ভয়ংকৰ বিস্ফোৰণ নিগম কর্তৃপক্ষৰ ভুল আৰু অনভিজ্ঞ কর্মচাৰীক গুৰুত্বপূর্ণ কামৰ দায়িত্ব দিয়াৰ বাবেহে সংঘটিত হোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ প্রাপ্ত বাতৰি মতে, অ’ এন জি চিৰ ৰুদ্রসাগৰ তৈলক্ষেত্রৰ অন্তর্গত ৩নং জি জি এছ স্থাপন কৰাৰ কিছু দিনৰ পাছতেই সমীপতেই স্থাপন কৰা হৈছিল ফ্লেয়াৰ পিটটো৷ প্রায় ৫০ বছৰ পুৰণি জি জি এছটোৰ সমীপতেই থকা ফ্লেয়াৰ পিটটোৰ কাম হ’ল তেল, গেছ পৃথকীকৰণৰ অন্তত অব্যৱহূত গেছ, তেলৰ গেদ এই ফ্লেয়াৰ পিটলৈ ভূগর্ভৰ পাইপেৰে প্রেৰণ কৰি এক নির্দিষ্ট উচ্চতাত জ্বলাই দিয়া৷ এক নির্দিষ্ট উচ্চতাত জ্বলাই দিয়া গেছ আৰু খাৰুৱা তেলৰ গেদে বৃহত্তৰ অঞ্চলটোৰ বায়ুমণ্ডল দূষিত কৰি অঞ্চলটোৰ পাৰিপার্শ্বিকতাত ব্যাপক প্রভাৱ পেলাই অহা সন্দর্ভত স্থানীয় ৰাইজে বাৰম্বাৰ নিগমৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে৷ ক্ষুব্ধ ৰাইজৰ অভিযোগ অনুসৰি অ’ এন জি চি কর্তৃপক্ষই ৩নং জি জি এছৰ অন্তর্গত সাধাৰণ ৰাইজক সদায়েই তৃতীয় শ্রেণীৰ নাগৰিক হিচাপে গণ্য কৰি অহা বাবেই বছৰৰ প্রতিটো দিনেই অঞ্চলটোত বাঘজানসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰি আহিছে৷ অভিযোগ অনুসৰি জি জি এছৰ পৰা ফ্লেয়াৰ পিটলৈ অব্যৱহূত সামগ্রীসমূহ নির্দিষ্ট উষ্ণতাত প্রেৰণ কৰাৰ দায়িত্বত থকা বিষয়াজনৰ অনুপস্থিতিত এই দায়িত্ব অর্পণ কৰা হৈছিল কাৰিকৰীভাৱে তেনেই অনভিজ্ঞ শইকীয়া উপাধিৰ এজন বিষয়াৰ হাতত৷ যোৱানিশা ৰহস্যজনকভাৱে শইকীয়া উপাধিৰ অনভিজ্ঞ বিষয়াজনে সেই কাম নিজে সম্পাদন নকৰি পংকজ নামৰ এজন অস্থায়ী খালাচীক অর্পণ কৰে ভাল্ব খোলাৰ দায়িত্ব৷ কিন্তু চূডান্ত মইমতালি, দায়িত্বজ্ঞানশূন্যভাৱ্ ১নং জি জি এছৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীৰ লগতে যোৱানিশাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে সাধাৰণ অস্থায়ী কেজুৱেল ৱর্কাৰগৰাকীক ভাল্ব খোলাৰ দায়িত্ব দিয়াৰ পাছতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা৷ অতি উচ্চ চাপযুক্ত গেছ আৰু তেল একে সময়তেই ফ্লেয়াৰ পিটত থকা জুইৰ সংস্পর্শলৈ অহাৰ পাছতেই ফ্লেয়াৰ পিটত সংঘটিত হয় এক প্রচণ্ড বিস্ফোৰণ৷বিস্ফোৰণৰ পাছতেই প্রচণ্ড জুয়ে আগুৰি ধৰে ফ্লেয়াৰ পিটটো৷ প্রায় তিনি কিলোমিটাৰ দূৰত্বলৈকে শব্দ শুনা বিস্ফোৰণৰ পাছতেই পিটত সৃষ্টি হোৱা অগ্ণিকাণ্ড প্রত্যক্ষ কৰি আতংকিত হৈ পৰে স্থানীয় ৰাইজ৷ নিশাৰ অগ্ণিকাণ্ডৰ প্রাবল্য ইমানেই বেছি আছিল যে ফ্লেয়াৰ পিটৰ চৌপাশে থকা সুৰক্ষাৰ আৱেষ্টনী বিভিন্ন স্থানত ফাটি জুই বাহিৰলৈ ওলাই অহাৰ উপক্রম হয়৷ অৱশ্যে সচেতন স্থানীয় যুৱকসকলে তাৎক্ষণিকভাৱে জি জি এছ কর্তৃপক্ষক অৱগত কৰাত ভাল্ব বন্ধ কৰাতহে এক ভয়ংকৰ দুর্যোগৰ পৰা ৰক্ষা পৰে দাঁতি–কাষৰীয়া ৰাইজ৷