নিয়মীয়া বাৰ্তা, ২১ জুলাই : আজি বিয়লি প্ৰায় তিনি বজাত নাজিৰাৰ গেলেকী হাতিপট্টীৰ অ’ এন জি চিৰ এছ কে পি ৰিগ ১৫২ নম্বৰ তৈলখাদত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। যান্ত্ৰিক বিজুতিৰ ফলতেই এই বিধ্বংসী আগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে। এই বিধ্বংসী অগ্নিকাণ্ডত দৈৱক্ৰমে ৰক্ষা পৰে ৰিগত কৰ্মৰত কৰ্মচাৰী আৰু বৃহৎ অঞ্চলটো। ঘটনাৰ খবৰ পাই নাজিৰা মহকুমা প্ৰশাসনৰ দণ্ডাধীশ, শীৰ্ষ আৰক্ষী বিষয়া, অ’ এন জি চিৰ নিৰাপত্তা বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অসম চৰকাৰ আৰু অ’ এন জি চিৰ ৭খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সহায়েৰে কৰা চেষ্টাৰ ফলত প্ৰায় আঢ়ৈ ঘণ্টাৰ মুৰত অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
প্ৰেৰক নেকিব আহমেদ