তলাবন্ধৰ বাবে অনলাইন ব্যৱস্থাৰে উদযাপন মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ
দিল্লী মহানগৰীত শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ ,দিল্লী মহানগৰী(এন চি আৰ)জিলা শাখাৰ মহাপুৰুষ শ্রী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ দিৱস উদযাপন
নিয়মীয়া বাৰ্তা ৮ জুনঃ শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ দিল্লী মহানগৰী(এন চি আৰ)জিলা শাখাই ৬ জুন তাৰিখে মহাপুৰুষ মাধৱদেৱৰ ৫৩২সংখ্যক আৱির্ভাৱ মহোৎসৱ অনলাইনযোগে উদযাপন কৰে৷ বিশ্বব্যাপী ক’ৰোনা মহামাৰীয়ে ছানি ধৰা বাবে সমগ্র দেশতে বলবৎ হৈ থকা তলাবন্ধৰ বাবেই এই ব্যতিক্ৰমী পন্থা গ্ৰহণ কৰিব লগীয়া হয়। অনলাইন যোগে অনুষ্ঠিত কৰা মহাপুৰুষ জনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ এনে ব্যতিক্ৰমী অনুষ্ঠানে সকলোকে এক বিশেষ অভিজ্ঞতা প্রদান কৰাও পৰিলক্ষিত হয়৷দেশৰ বিভিন্ন প্রান্তৰ উপৰিও সুদূৰ আমেৰিকাৰ পৰাও ভক্তপ্রাণ ৰাইজে এই অনলাইন ব্যৱস্থাৰে উদযাপিত মাধৱ দেৱৰ জন্ম মহোৎসৱত যোগদান কৰে৷
দিল্লী জিলা শাখাৰ সভাপতি দীপক বৰাই বন্তি প্রজ্জ্বলন কৰি উদ্বোধন কৰা অনলাইন অনুষ্ঠানত সঙ্গীসকলে ঘোষাপাঠ কৰাৰ উপৰিও কণ কণ লৰা ছোৱালীয়ে ঘোষাপাঠ,প্রার্থনা,বৰগীত আদি অনলাইনযোগে পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰে৷
আনহাতে,পুৱাভাগত শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ,দিল্লী জিলা শাখাৰ অস্থায়ী কার্য্যালয়ত জিলা শাখাৰ সম্পাদিকা শর্মীষ্ঠা বর্মন চৌধুৰীৰ দ্বাৰা সঙ্ঘৰ পতাকা উত্তোলন কৰা হয়৷তদুপৰি দিল্লী জিলা শাখা সভাপতি দীপক বৰাই দুই এজন সঙ্গীৰ স’তে সামাজিক দূৰত্বৰ নিৰ্দেশনা মানি চলি বৃক্ষৰোপণ কৰে৷
সভাত অনলাইনযোগে মুম্বাইৰপৰা সংযোগ হোৱা বিশিষ্ট অতিথি দীপঙ্কৰ বৰগোঁহাইদেৱে দিল্লী জিলা শাখাৰ এনে অভিনৱ উদ্যোগৰ শলাগ লৈছে৷সূদূৰ আমেৰিকাৰ নর্থ কেৰলিনাৰ পৰা অনলাইনেৰে সংযোগ হোৱা নীলাক্ষী ফুকনে জিলা শাখাৰ এনে পদক্ষেপক এক অভিনৱ প্রচেষ্টা বুলি মত প্রকাশ কৰিছে৷ শেষত সমূহীয়া ঘোষাৰে অনুষ্ঠানৰ সামৰণি মৰা হয়৷