নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ সুদূৰ আফগানিস্তানৰ পৰা এইবাৰ বিশ্বনাথ পালেহি ‘তালিবানী ড্রেছ কোড’৷ যুৱতীৰ জীনছ পেণ্টক লৈ এইবাৰ সংবাদ শীর্ষলৈ আহিছে বিশ্বনাথ৷ কেৱল জীনছ পেণ্ট পৰিধান কৰা বাবেই আফগানিস্তানৰ তালিবানীৰ দৰে কঠোৰ নির্যাতনৰ সন্মুখীন হয় বিশ্বনাথৰ এগৰাকী ইছলামধর্মী যুৱতী৷ কার্যতঃ যুৱতীগৰাকীয়ে জীনছ পেণ্ট পৰিধান কৰা বাবেই এজন ব্যক্তিয়ে ঘৰৰ পৰা গঁতিয়াই বাহিৰ কৰি দিয়া ঘটনাত চাঞ্চল্য বিৰাজ কৰিছে৷
উল্লেখ্য যে বিশ্বনাথ চাৰিআলি নগৰৰ দৈনিক বজাৰৰ সমীপৰ আয়ুব খান নামৰ লোকজনৰ কন্যাই ২৫ অক্টোবৰত ঘৰৰ কাষৰে ভাৰাতীয়া নুৰুল আমিন নামৰ লোকজনৰ ঘৰৰ পৰা হেডফোন ক্রয় কৰিবলৈ গৈছিল৷ কিন্তু জীনছ পেণ্ট পৰিধান কৰা বাবেই নুৰুল আমিন নামৰ লোকজনে যুৱতীগৰাকীক দুর্ব্যৱহাৰ কৰাৰ লগতে ঘৰৰ পৰা গঁতিয়াই উলিয়াই দিয়ে৷ অভিযোগ মতে, নুৰুলে আনকি যুৱতীগৰাকীক ‘মোৰ ঘৰৰ সকলো মহিলাই বোর্খা পৰিধান কৰে, তুমি আমাৰ ঘৰত জীনছ পৰিধান কৰি আহিবলৈ সাহস ক’ত পালা’ বুলিও তিৰস্কাৰ কৰে৷
আনহাতে, যুৱতীগৰাকীক এনে দুর্ব্যৱহাৰ কৰা সন্দর্ভত পিতৃ আয়ুব খানে নুৰুল আমিনক প্রশ্ণ কৰাৰ পিছত নুৰুল আমিনৰ দুই পুত্র ক্রমে ৰফিকুল ইছলাম আৰু ছহিদুল ইছলামে পিছত পথত আগচি ধৰি আয়ুব খানক মাৰধৰ কৰে৷ যুৱতীগৰাকীৰ পিতৃ আয়ুব খানক পথত মাৰধৰ কৰাৰ পিছতে তালিবানী ৰক্ষণশীল কঠোৰতাৰ ছবিখন পোহৰলৈ আহে৷ এই সন্দর্ভত বিশ্বনাথ সদৰ থানাত এজাহাৰ দাখিল কৰা হয়৷ অভিযোগৰ ভিত্তিত বিশ্বনাথ সদৰ থানাৰ আৰক্ষীয়ে নুৰুল আমিনৰ দুই পুত্রক আটক কৰে৷
আনহাতে, নুৰুল আমিন নামৰ লোকজনেও বিশ্বনাথ সদৰ থানাত আয়ুব খানৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷ কিছুদিন পূর্বে হাফপেণ্টকেন্দ্রিক বিতর্কৰ পিছত এইবাৰ জীনছ পেণ্টক লৈ বিতর্কৰ কেন্দ্র হৈছে বিশ্বনাথ৷ ইফালে, জীনছ পেণ্ট বিতর্কৰ পিছত অঞ্চলটোত ব্যাপক প্রতিক্রিয়া বিৰাজ কৰিছে৷ বিশ্বনাথৰ দৰে অঞ্চলত তালিবানী কঠোৰ নীতি প্রয়োগেৰে যুৱতীক শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱা ঘটনাৰ তদন্তৰ দাবী উঠিছে৷ তাৎপর্যপূর্ণ যে জীনছ পেণ্ট পৰিধানত খর্গহস্ত হোৱা নুৰুল আমিনৰ নগাঁও জিলাত ঘৰ৷ ব্যৱসায় সূত্রেহে বিশ্বনাথত ঘৰ ভাৰা কৰি বাস কৰি আহিছে৷ তদুপৰি নুৰুলৰ ঘৰৰ মহিলাসকলে যিহেতু বোর্খা পিন্ধি থাকে, সেয়ে এই যুৱতীগৰাকীৰ প্রভাৱ যাতে পৰিয়ালত নপৰে, তাৰ বাবেও নুৰুলে যুৱতীগৰাকীৰ প্রতি অশোভনীয় মন্তব্য প্রদান কৰা বুলিও অভিযোগত প্রকাশ৷ অভিযুক্ত নুৰুলে এই অভিযোগ নাকচ কৰিছে৷