কোকৰাঝাৰৰ জনতা কলেজৰ বাৰ্ষিক আলোচনী উন্মোচন
নিয়মীয়া বাৰ্তা, ১০ জুন : কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিস্থিত জনতা কলেজত আজি মহাবিদ্যালয়খনৰ ২৬সংখ্যক বাৰ্ষিক গাথন নামৰ আলোচনীৰ উন্মোচনী সভা মহাবিদ্যালয়খনৰ কনফাৰেঞ্জ হলত বড়ো বিভাগৰ মূৰব্বী অধ্যাপক তথা মহাবিদ্যালয়খনৰ আলোচনী বিভাগৰ দায়িত্ব প্ৰাপ্ত অধ্যাপক ডঃ আদাৰাম বসুমাতাৰীৰ সভাপতিত্বত,অনুষ্ঠিত হয় । কাৰ্যসূচী অনুসৰি মহাবিদ্যালয়খনৰ বড়ো বিভাগৰ সহকাৰী অধ্যাপক ডঃ মিহিৰ কুমাৰ ব্ৰক্ষ্মই প্ৰথমে আজিৰ অনুষ্ঠানৰ পৰিচয় পৰ্বৰ আনুষ্ঠানিকতাৰ মাজেদি এই সভাৰ শুভাৰম্ভ কৰে । আজিৰ এই গাম্ভীৰ্য্যপূৰ্ণ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়খনৰ ২৬সংখ্যক বাৰ্ষিক আলোচনীখন উন্মোচন কৰে বিটিআৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ও এছ ডি ডঃ সাংৰাং ব্ৰহ্মই। আজিৰ উন্মোচনী অনুষ্ঠানত নিজৰ গাম্ভীৰ্য্যপূৰ্ণ ভাষণত বিটিআৰৰ কাৰ্যবাহী সদস্যৰ ও এছ ডি ডঃ সাংৰাং ব্ৰহ্মই উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক প্ৰথমে এজন ভাল মানুহ হবলৈ আহ্বান জনায় । নিজৰ বক্তব্যত কয় যে আজিৰ লিখনিয়ে ভবিষ্যতৰ বাবে বুৰঞ্জী হৈ বৰ। লগতে এখন ভাল সমাজ গঢ়িবলৈ সৃষ্টিশীল কামত ব্ৰতী হবলৈ সকলোকে আহ্বান জনায় । ইয়াৰ লগতে সংগতি ৰাখি জনতা মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ডঃ নয়নজ্যোতি দাস আৰু ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ বৰ্ণালী শিকদাৰৰ যৌথ সম্পাদনাত প্ৰকাশিত গবেষণা ধৰ্মী গ্ৰন্থ সী নামৰ গ্ৰন্থখন আজিৰ এই গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত উন্মোচন কৰে ডঃ সাংৰাং ব্ৰহ্মই। অনুষ্ঠানত সভাপতিৰ ভাষনত ডঃ আদাৰাম বসুমাতাৰীয়ে নিজৰ তত্বগধুৰ ভাষনে সকলোকে উৎসাহিত কৰি তোল। এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী