বজাৰ–ৰাজপথত মুকলিকৈ উলংঘা ক’ভিড প্রট’কল
নামতহে গঠন হ’ল টাস্ক ফ’ৰ্চ–বন্ধ নহ’ল সান্ধ্য আইন ভংগৰ ঘটনা
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ৰাজ্যৰ অধিকাংশ জিলাতেই আক্রান্তৰ হাৰ ১০ শতাংশতকৈ অধিক হোৱাৰ পৰিপ্রেক্ষিতত উদ্বিগ্নতা প্রকাশ কৰি কেন্দ্রীয় চৰকাৰে ৰাজ্যৰ মুখ্য সচিবলৈ প্রেৰণ কৰিছে পত্র৷ শীঘ্রে এই জিলাসমূহত আক্রান্তৰ হাৰ নিয়ন্ত্রণলৈ আনিবলৈ কেন্দ্রীয় চৰকাৰে নির্দেশ দিয়াৰ সময়তে ৰাজ্যত নিতৌ ভংগ হৈছে ক’ভিড প্রট’কল৷ চৰকাৰী নীতি–নির্দেশনাক অমান্য কৰি বজাৰ, ৰাজপথত প্রতিদিনে মুকলিকৈয়ে একাংশই উলংঘা কৰিছে ক’ভিডৰ সকলো প্রট’কল৷
সঠিকভাৱে মাস্ক পৰিধান নকৰি তথা সামাজিক দূৰত্ব মানি নচলি অসচেতন এইসকল লোকে বিপদ মাতিছে সমাজলৈ৷ মুঠ ৭খন জিলাত সম্পূর্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰ বাধ্য হৈ পৰাৰ সময়তে ক’ভিড সম্পর্কীয় নীতি–নির্দেশনা শিথিল কৰা জিলাসমূহত নিতৌ উলংঘা হৈছে ক’ভিড প্রট’কল৷ আৰক্ষী–প্রশাসনৰ দুর্বল ভূমিকাৰ সুযোগ লৈ ক’ভিড প্রট’কল ভংগ কৰাৰ ফলত আগন্তুক সময়ত বিভিন্ন নীতি–নির্দেশনা শিথিল হোৱা জিলাসমূহতো সংক্রমণ বৃদ্ধি পোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷
বিশেষকৈ ৰাজধানী চহৰ গুৱাহাটীত নিতৌ ক’ভিড প্রট’কল ভংগৰ ঘটনাই প্রতিক্রিয়া সৃষ্টি কৰিছে৷ বিয়লি ৫ বজাৰ পাছত সান্ধ্য আইন বলৱৎ হয় যদিও গুৱাহাটীৰ ৰাজপথত নকমে যান–বাহনৰ ভিৰ৷ সান্ধ্য আইন বলৱৎ হোৱাৰ বহু পিছলৈ গুৱাহাটীৰ ৰাজপথত চিটীবাছকে ধৰি অন্যান্য ৰাজহুৱা সেৱাৰ বাহনৰ চলাচল পৰিলক্ষিত হয়৷ তদুপৰি ব্যক্তিগত বাহনৰ চলাচলে সান্ধ্য আইনৰ পাছতো ৰাজপথত সৃষ্টি কৰে যান–জঁট৷ তৎসত্ত্বেও নিষ্ক্রিয় হৈ থকা পৰিলক্ষিত হয় মহানগৰ আৰক্ষী আৰু প্রশাসন৷
মহানগৰীত শেহতীয়াকৈ পুনৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে স্বাস্থ্যমন্ত্রীয়ে আৰক্ষীক কঠোৰ হ’বলৈ নির্দেশ দিয়াৰ পাছত কালি গঠন কৰা হৈছিল টাস্ক ফ’চ৷ এই টাস্ক ফ’চসমূহৰ সামগ্রিক দায়িত্ব দিয়া হৈছে কামৰূপ মহানগৰ জিলাৰ এ চি এছ বিষয়া নিবেদন দাস পাটোৱাৰীক৷ তেওঁক সহযোগ কৰিব আন এগৰাকী এ চি এছ বিষয়া শর্মিষ্ঠা বৰাই৷ সেইদৰে পূব, কেন্দ্রীয় আৰু পশ্চিম আৰক্ষী জিলাৰ বাবেও গঠন কৰা হৈছে সুকীয়া সুকীয়া টাস্ক ফ’চ৷ মহানগৰীখনত সান্ধ্য আইন ভংগৰ ঘটনা ৰোধ কৰাৰ বাবে গঠন কৰা এই টাস্ক ফ’র্চো কার্যতঃ নিষ্ক্রিয় হৈ থকা পৰিলক্ষিত হৈছে৷ তালাচীৰ নামত মহানগৰ আৰক্ষীয়ে মাত্র কেইটামান নির্ধাৰিত স্থানত বাহৰ পাতি থকাৰ পৰিৱর্তে কোনোধৰণৰ সক্রিয় ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ফলস্বৰূপে শুকুৰবাৰে বিয়লি ৫ বজাৰ পাছতো নকমিল মহানগৰীৰ ৰাজপথৰ যান–জঁট৷
উল্লেখ্য যে ক’ভিডৰ প্রথম লহৰৰ সময়ত আৰক্ষীয়ে পালন কৰা ভূমিকাক সকলোৱে প্রশংসা কৰিছিল৷ বিশেষকৈ লকডাউন কঠোৰভাৱে বলৱৎ কৰিবলৈ ৰাজ্যৰ অলিয়ে–গলিয়ে পহৰা দিয়া পৰিলক্ষিত হৈছিল অসম আৰক্ষীৰ৷ লকডাউন ভংগকাৰীক জৰিমনা বিহাৰ লগতে লঘু শাস্তিও প্রদান কৰিছিল আৰক্ষীয়ে৷ কিন্তু শেহতীয়াকৈ ক’ভিড প্রট’কলসমূহ বলৱৎ কৰাৰ ক্ষেত্রত আৰক্ষীয়ে যথেষ্ট নমনীয় ভূমিকা গ্রহণ কৰিছে৷ যাৰ বাবে বজাৰে–সমাৰে তথা ৰাজপথত মুকলিকৈয়ে ক’ভিড প্রট’কল ভংগ কৰিবলৈ সাহস পাইছে সাধাৰণ ৰাইজে৷ তদুপৰি আন্তঃজিলা যাতায়াত নিষিদ্ধ কৰা হৈছে যদিও এতিয়াও বহু স্থানত যান–বাহনৰ চলাচল বিভিন্ন জিলাৰ মাজত অব্যাহত আছে৷ শীঘ্রে আৰক্ষী–প্রশাসনে ক’ভিড প্রট’কল বলৱৎ কৰিবলৈ কঠোৰ নহ’লে ক’ভিডৰ সংক্রমণে ৰাজ্যজুৰি পুনৰ গুৰুতৰ ৰূপ যে ধাৰণ কৰিব, তাক নুই কৰিব নোৱাৰি৷
উল্লেখ্য যে ধাৰাবাহিকভাৱে মহানগৰীখনত ক’ভিড প্রট’কল ভংগৰ বাতৰি প্রকাশ পাই অহাৰ পাছত আজি কিছু কঠোৰ হৈ পৰা পৰিলক্ষিত হয় মহানগৰ আৰক্ষী৷ নিশাৰ ভাগত মহানগৰীৰ কেইবাটাও স্থানত মহানগৰ আৰক্ষীয়ে অভিযান চলাই সান্ধ্য আইন ভংগ কৰা একাংশ বাহন জব্দ কৰাৰ লগতে জৰিমনা বিহে৷
ইফালে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২,৪৯৩জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৪৭জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটৰ ২০৯জন, যোৰহাটৰ ১৭৬জন আৰু লখিমপুৰৰ ১৭৩জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,১৭,০৮৭টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ২.১৩ শতাংশ৷ শুকুৰবাৰে সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ২,৪৮১জন৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ২১,৬৮৯জন লোক৷
ইপিনে শুকুৰবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ২৪জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক তিনিজনকৈ লোকৰ মৃত্যু ঘটিছে ডিব্রুগড় আৰু কামৰূপ মহানগৰ জিলাত৷ তদুপৰি গোৱালপাৰা–কার্বি আংলং–শোণিতপুৰ–তিনিচুকীয়া দুজনকৈ আৰু বৰপেটা–বিশ্বনাথ–কাছাৰ হাছাও–হোজাই–কোকৰাঝাৰত এজনকৈ লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷