নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত সমস্যাহীনভাৱে কৰ্মৰত অসমৰ বহু যুৱকঃ নিয়মিতভাৱে পাইছে দৰমহা, অন্যান্য সা-সুবিধা

নিয়মীয়া বাৰ্তা ২ জুনঃ দেশৰ জটিল পৰিস্থিতিৰ মাজতো বহিঃৰাজ্যত থাকি বহু অসমীয়া যুৱকে এতিয়াও কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ বিভিন্ন কোম্পানীত কৰ্মৰত হৈ আছে। তেওঁলোক অসমলৈ ঘূৰি আহিব বিচৰা নাই। কোম্পানীয়ে দিয়া দায়িত্ব যিমান নিষ্ঠাৰে পালন কৰিছে সেইদৰে কোম্পানীয়েও তেওঁলোকক প্ৰাপ্য দৰমহা আৰু বিভিন্ন সুবিধা প্ৰদান কৰাৰ কথা স্পষ্টকৈ ব্যক্ত কৰিছে বহুজনে। উল্লেখ্য যে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ধাপলি মেলা হাজাৰ হাজাৰ শ্ৰমিক লকডাউনত কাম হেৰুৱাই বৰ্তমান অসমলৈ ঘূৰি আহিব লগা হৈছে। কৰ্মহীন, উপাৰ্জনহীন হৈ পৰা একাংশই নিজৰ ভাৰাতীয়া কোঠাটোও এৰি দিবলৈ বাধ্য হোৱাত দিশহাৰা হৈ বৰ্তমানেও বহিঃৰাজ্যত হাহাকাৰ কৰি আছে। ফলত হাজাৰ হাজাৰ শ্ৰমিক কেইবা শ কিলোমিটাৰ চাইকেল চলাই অথবা খোজকাঢ়ি নিজ ৰাজ্যত উপস্থিত হোৱাৰ দৰে দুৰ্ভাগ্যজনক আৰু অতি কৰুণ ঘটনা সংঘটিত হৈছে। ইয়াৰ বিপৰীতে কিন্তু বহিঃৰাজ্যত বৰ্তমানেও কৰ্মৰত হৈ থকা সকলৰ ইতিবাচক মন্তব্যই বহু পৰিয়ালক অলপ হলেও সকাহ দিয়া পৰিলক্ষিত হৈছে। দক্ষিণ গোৱাত বিগত প্ৰায় আঠ বছৰ ধৰি কৰ্মৰত হৈ আছে নগাবাটৰ পাপুল চুতীয়া নামৰ এজন যুৱক। পাপুলৰ সৈতে ফোনযোগে হোৱা যোগাযোগত জানিবলৈ দিয়ে যে বৰ্তমানলৈকে তেওঁলোকৰ কৰ্মস্থলীত এই পৰ্যন্ত কোনো সমস্যাৰ উদ্ভৱ নাই। কোম্পানীয়ে নিয়মিতভাবে মাহেকীয়া দৰমহা দি আছে। লকডাউন বুলি কোম্পানীৰ ফালৰ পৰা বিশেষ সহায়ো লাভ কৰিছে। ভাড়া ঘৰ, খোৱা-বোৱা, চিকিৎসা সেৱা একোৰে অসুবিধা নাই। পাপুল বৰ্তমান দুটা পৃথক এজেন্সিত বেলেগ বেলেগ সময়ত কৰ্মৰত হৈ আছে। এক-ডেৰ বছৰ পিছত ঘৰলৈ আহে। বৰ্তমান প্ৰায় ২৫ জনতকৈয়ো অধিক অসমীয়া যুৱক উক্ত এলেকাটোৰ বিভিন্ন কোম্পানীত কৰ্মৰত হৈ উপাৰ্জন কৰি আছে। দক্ষিণ গোৱাতে থকা শিৱসাগৰৰ মণ্টু, যোৰহাটৰ পল্লৱ, ৰাজীৱ আদিয়েও একেই কথা ব্যক্ত কৰে। বেংগালুৰুৰ হোৱাইট ফিল্ডত কৰ্মৰত হৈ আছে বৰহোলাৰ থানেশ্বৰ, আঠখেলীয়াৰ পলাশ, দিলীপ, শিৱসাগৰৰ বিজু, ধেমাজীৰ বিমল আদিকে ধৰি ভালেকেইজন কমবয়সীয়া অসমীয়া যুৱক। তেওঁলোকে কয় যে বিগত প্ৰায় ডেৰ-দুই বছৰ ধৰি তেওঁলোক হোৱাইট ফিল্ড এলেকাটোৰ একাংশ কোম্পানীত সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত হৈ আছে। অসুবিধা বুলিবলৈ তেওঁলোকৰো একো নাই। কোম্পানীৰ পৰা প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত দৰমহা লাভ কৰে। দৈনিক চাৰিখনকৈ মাস্ক, চেনিটাইজাৰ আদি আগবঢ়াইছে কোম্পানীয়ে।

প্ৰথম পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱা সময়তে তেওঁলোক যিকোনো পৰিস্থিতিত অসমলৈ ঘূৰি নহাৰ সিদ্ধান্ত লৈছিল আৰু এতিয়াও কোনো কাৰণতে আহিব বিচৰা নাই বুলি ব্যক্ত কৰিছে যুৱক কেইজনে। তেওঁলোকৰ মতে কিবা হ’লে তাতেই হ’ব কিন্তু অসমলৈ আহি সমস্যাৰ বৃদ্ধি নকৰে। বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অৱস্থাত আকস্মিকভাবে সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ বাবে অসম চৰকাৰে লোৱা তাৎক্ষণিক পদক্ষেপবোৰৰ বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে‌ থানেশ্বৰে। ইফালে, চেন্নাইৰ বিএলএফ নামৰ এলেকাৰ এটা গৃহ নিৰ্মাণ কোম্পানীত সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত হৈ আছে আঠখেলীয়াৰ অতুল বৰা, বুল বৰা, মনোজ বৰা, পুলক ফুকন, গৌতম শইকীয়া, ৰকি গগৈ, উত্তম শইকীয়া, শক্তি গগৈ আদি কেইবাজনো। তেওঁলোকে জনায় যে অসমৰ প্ৰায় পাঁচশতাধিক যুৱক বৰ্তমানেও উক্ত এলেকাত কৰ্মৰত হৈ আছে। কোনো সমস্যা নোহোৱাকৈ কাম কৰি থাকিবলৈ কোম্পানীয়ে তেওঁলোকক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াইছে। মাহেকীয়া দৰমহাৰ উপৰি লকডাউন কেইদিন কোম্পানীৰ ফালৰ পৰাই খাদ্যৰ যোগান ধৰিছে। উল্লেখ্য যে একাংশ শ্ৰমিকে এই জটিল সময়ত অসমলৈ ঘূৰি আহি কোৱাৰেন্টাইন চেণ্টাৰত খাদ্য বেয়া বুলি হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি বহুজনে কয় যে বাহিৰত থাকি তেওঁলোক সকলোৱে বহু কষ্ট কৰি টকা উপাৰ্জন কৰে। তেনেস্থলত মহামাৰী সংক্ৰমণ ৰোধৰ এই সময়চোৱাত ঘৰলৈ ঘূৰি আহিব খোজা সকলক যাতায়ত, চিকিৎসা, থকা, খোৱা আদিত অসম চৰকাৰে যিমানখিনি সহায় আগবঢ়ালে, সেয়া শলাগিবলগীয়া। অসমৰ কিছুমান কোৱাৰেন্টাইন কেন্দ্ৰত একাংশ শ্ৰমিকে খাদ্যৰ অজুহাতত অযথা হুলস্থুল সৃষ্টি কৰাতো অতি পৰিতাপৰ বিষয়। অসম চৰকাৰে আগবঢ়োৱা দুহেজাৰকৈ টকা সৰহসংখ্যক লোকেই লাভ কৰাৰ কথাও জানিবলৈ দিয়ে বহুজনে। পাপুল, থানেশ্বৰ, অতুল আদিৰ দৰে শ শ শ্ৰমিক আজিও কোনো অসুবিধা নোহোৱাকৈ বহিঃৰাজ্যতে কাম কৰি টকা উপাৰ্জন কৰি আছে। বহিঃৰাজ্যত কৰ্মৰত মানেই যে সকলো নিৰাপত্তাহীন নহয়, সেয়া স্পষ্টকৈ প্ৰমাণ কৰিছে এওঁলোকৰ দৰে যুৱকসকলে। আগন্তুক দিনটো বহিঃৰাজ্যত থাকিয়েই নিজক অধিক উপাৰ্জনমুখী কৰি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰখিব বুলি এই সাংবাদিকৰ আগত মত ব্যক্ত কৰিছে।

You might also like