মন্ত্রী ফণীভূষণৰ বাসগৃহত অতুল–কেশৱৰে বৈঠক প্রফুল্ল মহন্তৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বিধানসভা নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে শাসকীয় মিত্রদল অসম গণ পৰিষদৰ ভিতৰচ’ৰাৰ সংঘাতো সিমানেই তুংগত উঠিছে৷ অগপৰ মজিয়াত একাষৰীয়া হৈ পৰা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ শেহতীয়া তৎপৰতাই টোপনি নোহোৱা কৰিছে দলটোৰ সভাপতি অতুল বৰাৰ৷ এনে পৰিস্থিতিত প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ লগত যিকোনো প্রকাৰে বুজাবুজিত উপনীত হ’ব বিচাৰিছে অতুল বৰা আৰু তেওঁৰ সহযোগীসকলে৷
ইয়াৰ বাবেই ফণীভূষণ চৌধুৰীৰ মধ্যস্থতাত আজি প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় অগপ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্ত৷ যোগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ দিছপুৰস্থিত চৰকাৰী বাসভৱনত হোৱা প্রায় তিনি ঘণ্টীয়া বৈঠকত দুয়োপক্ষই শেহতীয়া বিবাদ সন্দর্ভত আলোচনা কৰে৷ বৈঠকৰ পিছত প্রাক্তন মুখ্যমন্ত্রী মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে অসমত আঞ্চলিকতাবাদক কেনেদৰে শক্তিশালী কৰিব পৰা যায় সেই সন্দর্ভতে আলোচনা কৰা হৈছে৷
কাৰণ অসমৰ দৰে ৰাজ্যৰ প্রকৃত উন্নয়নৰ বাবে আঞ্চলিকতাবাদৰ কোনো বিকল্প নাই৷ ইফালে, দলৰ নেতৃত্বৰ মাজত সৃষ্টি হোৱা গভীৰ মতভেদক ঢ়াকি ৰখাৰ যত্ন কৰি সভাপতি অতুল বৰাই কয় যে মতানৈক্য সকলো দলতে থাকে, অগপতো আছে৷ কিন্তু অগপত কোনো বিসম্বাদ নাই৷ অসম গণ পৰিষদ দল অসমৰ মাটিত আঞ্চলিকতাবাদৰ এটা স্তম্ভ৷ এই স্তম্ভ কোনেও উভালি পেলাব নোৱাৰে৷ ৰাজ্যত নতুন দল গঠনৰ বাবে চলি থকা কুচকাৱাজো ৰাষ্ট্রীয় দলৰ প্রৰোচনাত হৈ থকা বুলি তেওঁ মন্তব্য কৰে৷ এয়া আছিল দুয়োগৰাকী নেতাই সংবাদ মাধ্যমৰ আগত দিয়া আনুষ্ঠানিক মন্তব্য৷
কিন্তু আজিৰ বৈঠকে দুয়ো পক্ষৰ মাজৰ মতভেদ কিমান দূৰ কৰিব পাৰিলে সেয়া এতিয়াও সন্দেহৰ আৱর্তত৷ অগপৰ ভিতৰুৱা সূত্রৰ খবৰ অনুসৰি প্রাক্তন মুখ্যমন্ত্রী মহন্তই দলত তেওঁৰ হেৰোৱা কর্তৃত্ব পুনৰ প্রতিষ্ঠাৰ বাবে সকলোধৰণৰ চেষ্টাই চলাইছে৷ শেহতীয়াকৈ তেওঁৰ ৰাজ্যৰ ইমূৰ–সিমূৰ ঘূৰি দলৰ পুৰণি নেতা–কর্মীসকলক সাক্ষাৎ কৰি নিজৰ নেটৱর্ক সক্রিয় কৰি তুলিছে৷ তেওঁৰ লক্ষ্য হ’ল অগপৰ সভাপতি পদ পুনৰ দখল কৰা৷ ইফালে, অতুল বৰাই কোনো কাৰণতে সভাপতিৰ চকী এৰিব নোখোজে৷ দলৰ সভাপতি হৈ থকাৰ লগতে মিত্রজোঁটত থাকি মন্ত্রিত্বও উপভোগ কৰি যাব খোজে অতুল বৰাই৷
ইয়াৰ বাবেই যোৱা ১৬ আগষ্টত আমবাৰীত অগপৰ জিলা সমিতিসমূহৰ বৈঠক অনুষ্ঠিত কৰি আৰু এটা কার্যকালৰ বাবে সভাপতি হৈ থকাৰ পৰিকল্পনা যুগুত কৰে৷ কিন্তু উক্ত বৈঠকতে সভাপতি বৰাই দলটোৰ তৃণমূল নেতৃত্বৰ ক্ষোভৰো উমান পায়৷ কিয়নো দিছপুৰত অগপ–বিজেপিৰ মিত্রজোঁটৰ চৰকাৰ থাকিলেও তৃণমূল পর্যায়ত অগপ কর্মীসকল আক্ষৰিক অর্থতেই উপেক্ষিত৷ কোনো চৰকাৰী কাম–কাজতে তেওঁৰ প্রভাৱ নৰজে৷ বিজেপি নেতা–কর্মীসকলৰ লগত অগপ কর্মীৰ কোনোধৰণৰ সৌহার্দ্যমূলক সম্পর্ক তৃণমূল পর্যায়ত দেখা নাযায়৷
আনহাতে এইবাৰো গৰিষ্ঠসংখ্যক আসন অগপই বিজেপিক এৰি দিবলৈ ওলোৱাৰ খবৰে প্রার্থিত্বপ্রয়াসী অগপ নেতাসকলকো হতাশ কৰি তুলিছে৷ অগপ কর্মীসকলৰ এই খং–ক্ষোভক পুঞ্জীভুত কৰিয়েই প্রফুল্ল কুমাৰ মহন্তই সভাপতি হোৱাৰ বাট প্রশস্ত কৰিব বিচাৰিছে৷ আনকি বোকাখাতত অতুল বৰাৰ প্রতিদ্বন্দ্বী জিতেন গগৈক সাক্ষাৎ কৰি মহন্তই সভাপতি বৰাৰ ওপৰতো চাপ সৃষ্টি কৰে৷ অহা ২৭ আগষ্টত অনুষ্ঠিত হ’বলগীয়া অগপৰ সাধাৰণ পৰিষদৰ সভাত অগপ কর্মীৰ ক্ষোভৰ বিস্ফোৰণ হোৱাৰ উমান পায়েই সম্ভাব্য ক্ষয়–ক্ষতি মেৰামতিৰ বাবে সক্রিয় হৈ উঠিছে অতুল বৰা বাহিনী৷
সেয়ে কালি দিছপুৰৰ চৰকাৰী আৱাসত ফণীভূষণ চৌধুৰী আৰু প্রফুল্ল কুমাৰ মহন্তৰ মাজত এখন বিশেষ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত আজি একেটা স্থানতে আলোচনাত মিলিত হয় সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত৷ অগপৰ তৃণমূল পর্যায়ৰ নেতা–কর্মীসকলৰ ক্ষোভে চকী কঁপাই তোলাৰ পিছত অতুল বৰাৰ প্রথম উদ্দেশ্য হৈ পৰিছে দলৰ ভিতৰৰ বিসম্বাদ নিৰাময় কৰাটো৷ কাৰণ আজিৰ পৰিৱেশ–পৰিস্থিতিত সভাপতিৰ চকী আৰু বোকাখাতত দ্বিতীয়বাৰৰ বাবে বিজয় কোনো এটাই তেওঁৰ বাবে নিষ্কণ্টক হৈ থকা নাই৷ একে হাৰত নির্বাচন পর্যন্ত দলৰ নেতৃত্বৰ মাজত সমন্বয়হীনতাৰ পৰিৱেশ বিৰাজ কৰি থাকিলে অগপ এইবেলি ভয়াৱহ বিপর্যয়ৰ সন্মুখীন হোৱাটো নিশ্চিত৷ সম্ভাব্য বিপদৰ উমান পায়েই অতুল বৰা বাহিনী এতিয়া বাটৰ কাঁইট আঁতৰোৱাত ব্যস্ত হৈ পৰিছে৷