স্বাৱলম্বন আন্দোলনৰ নেতৃত্ব লওক বিধায়ক পদ্ম হাজৰিকাই
নিয়মীয়া বার্তা, ১ জুনঃ গ্রাম্য অর্থনীতিৰ ধ্বজাবাহকস্বৰূপ জামুগুৰিহাটৰ কন্যকা হুমুখী কৃষি পামৰ গুৰিধৰোঁতা বিধায়ক পদ্ম হাজৰিকাই কন্যকাৰ আদর্শ ৰাজ্যজুৰি বিয়পোৱাৰ ক্ষেত্রত নেতৃত্ব লওক৷ যাৰ জৰিয়তে ৰাজ্যৰ প্রতিটো সমষ্টিৰ ন্বিনুৱা যুৱক–যুৱতীসকলে স্বাৱলম্বিতাৰ পথ বিচাৰি পোৱাত যথেষ্ট সুবিধা হ’৷ কন্যকাৰ পৰিৱেশে মোক যথেষ্ট আপ্লুত কৰিলে৷ সু–সংগঠিত ৰূপত যুৱক–যুৱতীসকলক্ একত্রিত কৰি আত্মনির্ভৰশীল হ’ৰ বিধায়ক পদ্ম হাজৰিকাই যি এক িবপ্লৱৰ সূচনা কৰিছে, এয়া ৰাজ্যখনৰ প্রতিজন বিধায়কৰ বাবেই আদর্শস্বৰূপ হওক৷ এই মন্তব্য নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শর্মাৰ৷
দেওবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্রচেষ্টাত গঢ় লৈ উঠা জামুগুৰিহাটৰ জীয়াভৰলী কন্যকা কৃষি পাম পৰিদর্শন কৰি এইদৰে সাংবাদিকৰ আগত কয় বিধায়কগৰাকীয়ে৷ পুৱা ৯ জাতেই আহি সমষ্টিৰ অন্তর্গত চাৰিদুৱাৰত বিধায়ক পদ্ম হাজৰিকাই সু–সংগঠিত ৰূপত গঠন কৰি দিয়া গোটসমূহৰ দ্বাৰা গো–পালন, মৎস্য পালনৰ পদ্ধতি পৰিদর্শন কৰাৰ পিছতেই প্রতিটো পঞ্চায়ততে গোটসমূহে লোৱা দীর্ঘম্যাদী কর্মসূচী প্রত্যক্ষ কৰে৷ প্রায় ২০জনীয়া এটি দল লৈ অহা বিধায়কগৰাকীয়ে পৰৱর্তী সময়ত জামুগুৰিহাটৰ কন্যকাৰ গামোচা উদ্যোগ, খাঁটি সৰিয়হৰ মিঠাতেলৰ উদ্যোগ, পশুৰ খাদ্য প্রস্তুতকৰণৰ উদ্যোগ আৰু জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্রচেষ্টাত গঢ় লৈ উঠা কন্যকা হুমুখী কৃষি পাম পৰিদর্শন কৰি আপ্লুত হৈ পৰে৷
জীয়াভৰলীৰ দাঁতিচৰত প্রায় দুই হাজাৰ বিঘা মাটিৰে আগুৰা কন্যকাৰ কুত ষ্ট্রেবৰীৰ খেতি, কলৰ বাগান, নাৰিকল, তামোলৰ বাগান, জিকা, দিমাহ, ৰঙালাও, নহৰু, পিঁয়াজ, বিহ জলকীয়া, গোমধান, মাকৈ আদি উৎপাদিত ফচল স্বচক্ষে দেখি উৎফুল্ল হৈ পৰাৰ লগতে কন্যকাৰ গো–পালন, ম’হ পালন, মৎস্য পালন, মাছৰ পোনা উৎপাদন আদি পৰিদর্শন কৰে৷ পৰৱর্তী সময়ত জামুগুৰিহাটৰ পৰিদর্শন ঙলাত এখন সংবাদ মেল সম্বোধন কৰে৷ উল্লেখ্য যে কন্যকা কৃষি পামৰ জৰিয়তেই নিবনুৱাই কর্মসংস্থাপনৰ পথ লাভ কৰাৰ উপৰি পামখনত উৎপাদিত কৃষিজাত সামগ্রীয়েও ইতিমধ্যে জাৰ দখল কৰ্বিলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি কন্যকা হুমুখী পামতেই গো–পালন, গাহৰি পালন, মৎস্য পালনৰ জৰিয়তে বহু নিবনুৱা কর্মমুখী হোৱাৰ উপৰি গাখীৰ, মাছ, মাংস বিক্রী কৰিও স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে৷ তদুপৰি ১০ জনীয়াকৈ পৃথকে পৃথকে মুঠ চাৰিশ গোট গঠনৰ ফলত ৪ হাজাৰ যুৱকেও কন্যকাৰ জৰিয়তেই স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে৷