নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পল্টন বজাৰত ধৃত ২৬ ৰহিংগীয়া যুৱক–যুৱতী

নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ ৰহিংগীয়া শৰণার্থীৰ অনুপ্রৱেশৰ হটস্পটত পৰিণত হৈছে গুৱাহাটী মহানগৰ৷ কার্যতঃ মহানগৰীখন পর্যবসিত হৈছে ৰহিংগীয়াৰ ট্রেনজিট ৰুটলৈ৷ দেওবাৰে গুৱাহাটীৰ পল্টন বজাৰত মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ২৬ ৰহিংগীয়া শৰণার্থীক৷ ইয়াৰে ১৬জন যুৱক আৰু ১০গৰাকী যুৱতী বুলি আৰক্ষী সূত্রত প্রকাশ৷ বিশেষ তথ্য অনুসৰি মহানগৰীৰ পল্টন বজাৰ আৰক্ষীয়ে পল্টন বজাৰস্থিত কামৰূপা ল’জৰ পৰা এই সন্দেহজনক যুৱক–যুৱতীকেইগৰা গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে পৰৱর্তী সময়ত যুৱক–যুৱতীকেইগৰা সন্দেহজনক ৰহিংগীয়া শৰণার্থী বুলি সদৰী কৰিছে৷ গ্রেপ্তাৰ হোৱা

যুৱক–যুৱতীকেইগৰা ২২গৰাকীক ক্রমে ব্লেকলিয়ন চিউ (২৮), ৰাংখেন চাং (২৫), হেনৰী ভানহুবিক (২০), ভানচিউ লিয়ন (২১), থান ফেল (২০), ডেনিয়েল লাওচুৱেল হাব (১৮), লালকিম লিয়ান (১৯), চুইথান লুই (২৬), কেইথান ৰাং (২৩), ভানইং লিয়ন (১৮), ভানআক লিয়ন (২১), বিয়াক নেই লাং (১৯, যুৱতী), লালচেই মাকৈ (২৮, যুৱতী), লেন মাওই (২৮, যুৱতী), ব্লেক নেম পাৰ (১৮, যুৱতী), লাল চেৰ পাৰ (১৮, যুৱতী), ভেন বিয়াক ছুৱাই (২৪, যুৱতী), নোৱাম নাইখাম (২৫), কাম চিয়ান লিয়ন (২৭), থাং চিয়ান মোৱাং (২৫), থাং হো চিয়ান (১৮), চিট খান কিম (২৭) বুলি চিনাক্ত কৰা হৈছে৷ এই আটাইকেইজন ৰহিংগীয়াই ম্যানমাৰৰ চীন ষ্টেটৰ বাসিন্দা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷

ইতিমধ্যে আৰক্ষীয়ে পল্টন বজাৰ থানাত ফৰেইনার্ছ এক্ট ১৯৪৬ৰ ১৪নং ধাৰা, পাছপ’ট (এণ্ড্রী ইন টু ইণ্ডিয়া) এক্ট ১৯২০ৰ ৩/৪ ধাৰা আৰু পাছপ’ট (এণ্ড্রী ইন টু ইণ্ডিয়া) এক্ট ১৯৫০ৰ ৬নং ধাৰাৰ অধীনত ৮৬০/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছে৷ তাৎপর্যপূর্ণভাৱে আটাইকেইগৰাকী সন্দেহযুক্ত ৰহিংগীয়া নাগৰিকৰ হাততে মিজোৰামত প্রস্তুত কৰা ভুৱা ভোটাৰ কার্ড আৰু আধাৰ কার্ডো জব্দ কৰিছে আৰক্ষীয়ে৷ গ্রেপ্তাৰ হোৱা আটাইকেইগৰাকী যুৱক–যুৱতীৰ হাতত আছে আইজলৰ থিয়ল’জিকেল কলেজৰ পৰিচয় পত্র৷ এই সকলো ভুৱা নথি–পত্র মিজোৰামৰ আইজলৰ ঠিকনাত প্রস্তুত কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ তাৎপর্যপূর্ণভাৱে ইংৰাজী, হিন্দী কোনোধৰণৰ ভাষা বুজি নোপোৱা এই ৰহিংগীয়া যুৱক–যুৱতীসকলক্ জেৰা কৰাৰ ক্ষেত্রত বিপাঙত পৰিছে মহানগৰ আৰক্ষী৷ মহানগৰীৰ পল্টন বজাৰ আৰু লতাশিল থানাত নথি–পত্র পৰীক্ষা কৰি আটাইকেইগৰাকীয়ে দিল্লীলৈ যোৱাৰ পৰিকল্পনাৰে শনিবাৰৰ পৰা গুৱাহাটীৰ হোটেলত বাহৰ পাতি থকাৰ তথ্য লাভ কৰিছে৷ এনেদৰে ২৬গৰাকী সন্দেহযুক্ত ৰহিংগীয়া শৰণার্থী গ্রেপ্তাৰ হোৱা বিষয়টোৱে এতিয়া বিভিন্ন প্রশ্ণৰ অৱতাৰণা কৰিছে৷

উল্লেখ্য যে ইয়াৰ পূর্বেও যোৱা জুন মাহত গুৱাহাটীৰ ৰে’লৱে আৰক্ষীয়ে এক শিশু আৰু তিনি মহিলাসহ ৯গৰাকী ৰহিংগীয়া শৰণার্থীক গ্রেপ্তাৰ কৰিছিল৷ উক্ত ৰহিংগীয়া দলটোৰ হাততো আছিল ৰাষ্ট্রসংঘৰ হাই কমিছনাৰ ফৰ ৰিফিউজীৰ ভুৱা শৰণার্থীৰ প্রমাণ–পত্র৷ উল্লেখ্য যে জম্মুৰ নাৰৱালৰ আমান উল্লাহ নামৰ এজন সন্দেহজনক লোকে লৈ আহিছিল এই ৰহিংগীয়াৰ দলটোক৷ পৰৱর্তী সময়ত আমান উল্লাহ নামৰ জম্মুৰ সন্দেহজনক নাগৰিকজনৰ আৰাকান ৰহিংগীয়া চেলভেচন আর্মী নামৰ জেহাদী সংগঠনটোৰ সৈতে সম্পর্ক থকাৰ তথ্য পোহৰলৈ আহে৷ এই সন্দেহজনক জেহাদীজনে অসমত মৌলবাদী কার্যকলাপ অব্যাহত ৰখাৰ সন্দেহত উক্ত গোচৰটো নেচনেল ইনভেষ্টিগেচন এজেঞ্চী, চমুকৈ ‘নিয়া’ৰ হাতত অর্পণ কৰা হয়৷

নিয়াৰ তদন্তত আমান উল্লাহে বাংলাদেশৰ একাংশ যুৱকক জেহাদী কার্যকলাপৰ সৈতে জড়িত কৰাই কৰিমগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰে অসমলৈ প্রেৰণ কৰাৰ ষড়যন্ত্র পোহৰলৈ আহে৷ চলিত বর্ষৰ জানুৱাৰী মাহত অসম আৰক্ষীয়ে কৰিমগঞ্জৰ অসম–বাংলাদেশ সীমান্তত ২০০ মিটাৰ দৈর্ঘ্যৰ এক গোপন সুৰংগ উদ্ধাৰ কৰিছিল৷ এই সুৰংগ স্থাপনৰ সৈতে আমান উল্লাহ জড়িত থকা বুলি সন্দেহ কৰি তদন্ত অব্যাহত ৰাখিছে কেন্দ্রীয় অনুসন্ধান সংস্থাটোৱে৷ এই সন্দেহজনক জম্মুৰ নাগৰিকজনে অসমৰ একাংশ মধ্যস্থতাকাৰীৰ জৰিয়তে বাংলাদেশৰ পৰা অসমলৈ ৰহিংগীয়া শৰণার্থী প্রেৰণ কৰাৰো তথ্য লাভ কৰিছে নিয়াই৷ সম্প্রতি তদন্ত অব্যাহত থকা এই গোচৰটোৰ সকলো তথ্য পোহৰলৈ আহিলেই অসমক ট্রেনজিট ৰুট হিচাপে ব্যৱহাৰ কৰি দেশৰ বিভিন্ন প্রান্তলৈ ৰহিংগীয়া শৰণার্থী প্রেৰণ কৰাৰ তথ্য পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে৷

You might also like