🔹 সভাপতি -সচিবৰ নেতৃত্বত গ্ৰামোন্নয়ন আঁচনিত সমূহীয়া লুণ্ঠন
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : দৰঙৰ বুঢ়া গাঁও পঞ্চায়তত গ্ৰামোন্নয়নৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে। পঞ্চায়তখনত ৰূপায়ণ হোৱা কোনো এখন আঁচনিয়েই মুক্ত নহয় ৰাইজৰ অভিযোগৰ পৰা। মূলতঃ পঞ্চায়ত প্ৰতিনিধি তথা পঞ্চায়তখনৰ লগত জড়িত বিষয়া -কৰ্মচাৰী আৰু একাংশ নিৰ্মাণ সমিতিৰ সভাপতিয়ে নীতি-নিয়ম উলংঘা কৰি আঁচনি ৰূপায়ণ কৰাত স্থবিৰ হৈ পৰিছে উন্নয়ন। অভিযোগ অনুসৰি, বুঢ়া পঞ্চায়তৰ কাম-কাজ ৰাইজৰ হিতাৰ্থে নহয়, পঞ্চায়তৰ সভাপতি-সচিব, কনিষ্ঠ অভিযন্তা আৰু মধ্যভোগীৰ আলোচনা মৰ্মেহে ৰূপায়ণ হয় । তদুপৰি পঞ্চায়তত ৰূপায়ণ হোৱা প্ৰতিখন আঁচনিৰ নিৰ্ধাৰিত ধনৰ পৰিমাণসহ বিতং তথ্য সৰ্বসাধাৰণ ৰাইজে দেখাকৈ ফলক আঁৰি দিয়াটো বাধ্যতামূলক যদিও বুঢ়া পঞ্চায়তৰ আশী শতাংশ আঁচনিত নাই ফলক । এম জি এনৰেগা আঁচনিৰ বাহিৰে চতুৰ্দশ, পঞ্চদশ বিত্তীয় আয়োগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাইজক অন্ধকাৰত ৰখাৰ অভিযোগ উত্থাপিত হৈছে। মূলতঃ সভাপতি, সচিব আৰু তত্ত্বাৱধায়ক কনিষ্ঠ অভিযন্তাই একাংশ মধ্যভোগীৰ জৰিয়তে ব্যক্তিগত মুনাফা লাভৰ লক্ষ্যৰে আঁচনি ৰূপায়ণ কৰি একপ্ৰকাৰ প্ৰহসনত পৰিণত কৰি পেলাইছে পঞ্চায়তীৰাজ ব্যৱস্থা। উল্লেখযোগ্য যে চৰকাৰী নীতি অনুসৰি গাঁও পঞ্চায়তৰ আঁচনিসমূহ আৰু ব্যক্তিগত হিতাধিকাৰী আঁচনিসমূহ গাঁওসভাৰ প্ৰস্তাৱ মৰ্মে গ্ৰহণ কৰিব লাগে যদিও বুঢ়াত অধিকাংশ আঁচনি দালাল -ঠিকাদাৰ,সচিব-অভিযন্তাৰ ইচ্ছা মতে গ্ৰহণ কৰা হয় । এনে পৰিপ্ৰেক্ষিতত পঞ্চায়তত সংঘটিত অনিয়মৰ বিৰুদ্ধে এতিয়া মুকলিকৈয়ে সৰৱ হৈ পৰিছে স্হানীয় ৰাইজ। আনকি মুকলিমুৰীয়াকৈ ওলাই আহি পঞ্চায়ত কাৰ্যালয়ত সচিব-অভিযন্তাক জবাবদিহি কৰাও পৰিলক্ষিত হৈছে। প্ৰতিটো ৱাৰ্ডতে পঞ্চায়তৰ বিৰুদ্ধে দেখা গৈছে ক্ষোভ-অসন্তুষ্টি । ইফালে, পঞ্চায়তখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ ক্ষেত্ৰতো স্বজন-তোষণ নীতি গ্ৰহণ কৰি অহাৰ ফলত পঞ্চায়ত এলেকাটোৰ বহু দৰিদ্ৰ পৰিয়াল বঞ্চিত হ’বলগীয়া হৈছে সামান্য চৰকাৰী আৱাস এটাৰ পৰাও। এইক্ষেত্ৰত ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে।
প্ৰেৰক ৰঞ্জিত নাথ