নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীদিহিং পক্ষী অভয়াৰণ্যত মুকলি ১২টা শগুন

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তর্গত দিচাংমুখৰ সমীপৰ লেপাই দীঘলডৰিয়ালি পথাৰত যোৱা ১৯ এপ্রিলত খাদ্যত বিষক্রিয়া হৈ ১২ টা শগুন অসুস্থ হৈছিল। তাৰ পিছত চিকিৎসকৰ তত্ত্বাৱধানত থকা শগুনকেইটা সুস্থ হোৱাৰ পিছত সোমবাৰে মুকলি কৰি দিয়া হয়। জানিব পৰা মতে, কুকুৰৰ সন্ত্রাসত এই অঞ্চলটোত বহু ছাগলীৰো ইতিমধ্যে মৃত্যু হৈছিল৷ কুকুৰবোৰক নিঃশেষ কৰিবৰ বাবে এটা মৃত গৰুৰ দেহত মাৰাত্মক ফোৰাডন দিয়াৰ ফলত মৃত গৰুৰ মঙহ ভক্ষণ কৰি কেইবাটাও শগুনৰ মৃত্যু হৈছিল৷ ইয়াৰ উপৰি সেইদিনা ঘটনাস্থলীৰ পৰা ১২টা গুৰুতৰভাৱে অসুস্থ শগুন বন বিভাগৰ বিষয়া পদ্মেশ্বৰ গগৈ আৰু মুবিদ আলীৰ নেতৃত্বত যোৱা এটি দলে উদ্ধাৰ কৰি চৰগুৱা খণ্ড বন বিষয়া কাযালয়লৈ আনি প্রাথমিক চিকিৎসা প্রদান কৰি উন্নত চিকিৎসাৰ বাবে বোকাখাটৰ পাণবাৰীত থকা বন্যপ্রাণী সংৰক্ষণ কেন্দ্রলৈ প্রেৰণ কৰে৷ পাণবাৰী সংৰক্ষণ কেন্দ্রত থকা পশু চিকিৎসক চামচুল আলীৰ অশেষ প্রচেষ্টাত ১২টা শগুন সুস্থ হৈ উঠে৷ সোমবাৰে বন্যপ্রাণী সংৰক্ষণ কেন্দ্রৰ পৰা সুস্থ হৈ উঠা এই ১২টা শগুন শিৱসাগৰ বন বিভাগৰ কার্যালয়ত চমজাই দিয়ে৷ শিৱসাগৰ বনাঞ্চলিক বিষয়া বুবুল বৰুৱা, ডেপুটী ৰেঞ্জাৰ পদ্মেশ্বৰ গগৈ, চৰগুৱা খণ্ড বন বিষয়াকে ধৰি বন বিভাগৰ এটি দলে কালি পানীদিহিং পক্ষী অভয়াৰণ্যৰ চৰগুৱা অঞ্চলত চিকিৎসক চামচুল আলীৰ উপস্থিতিত সুস্থ হৈ উঠা শগুনকেইটা মুকলি কৰি দিয়ে

You might also like