নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত পাপুল গগৈৰ “পোহৰ এক কাব্যিক যাত্ৰা” শীৰ্ষক কবিতা পুথিৰ উন্মোচন

নিয়মীয়া বাৰ্তা, ১২ডিচেম্বৰ : দেওবাৰে অসম মৰাণ সভা, বাঘজান শাখা সমিতিৰ উদ্যোগত, বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ, সদৌ মৰাণ ছাত্ৰ সন্থা, বাঘজান শাখা, বাঘজান ফুটবল ক্লাৱ আৰু ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা গ্ৰাম্য ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহৰ মুকলি সভাত বাঘজান অঞ্চলৰ যুৱক তথা বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সম্পাদক পাপুল গগৈৰ “পোহৰ এক কাব্যিক যাত্ৰা” শীৰ্ষক কবিতা পুথিৰ উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে যুৱ সাংবাদিক সন্থা, অসমৰ সম্পাদক কাঞ্চনজ্যোতি গোহাঁয়ে। গ্ৰন্থখন উন্মোচন কৰি যুৱ সাংবাদিক সন্থা,অসমৰ সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁয়ে কয় যে -গ্ৰাম্যঅঞ্চলৰ সাহিত্য প্ৰেমী সকলৰ মাজত আজিকালি কাব্য চৰ্চা খুবেই কমি আহিছে ।তেনে স্থলটো পাপুল গগৈয়ে যি কাব্য চৰ্চা অব্যাহত ৰাখি কাব্য গ্ৰন্থখন লিখি উলিয়াইছে ই সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য ”৷
উল্লেখ্য যে, পাপুল গগৈয়ে ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা কৰি আহিছে। তাৰ সমান্তৰালভাৱে বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ লগত জড়িত পাপুল গগৈ।


সভাখনিত অসম মৰাণ সভা, বাঘজান শাখা সমিতিৰ সভাপতি ৰূপম মৰাণৰ সভাপতিত্বত হোৱা মুকলি সভাত উপস্থিত থাকে বিশিষ্ট লেখক মানস তামুলী, অসম মৰাণ সভাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ, সদৌ মৰাণ ছাত্ৰ সন্থা, কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ, মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ কেন্দ্ৰীয় নেতৃবৃন্দ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ, মৰাণ জাতীয় মহিলা সমিতিৰ কেন্দ্ৰীয় নেতৃবৃন্দ, বাঘজান আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া দীপক ছেত্ৰী, চি আৰ পি এফ গুইজানৰ উপ পৰিদৰ্শক প্ৰেম সিং, বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ নেতৃবৃন্দৰ লগতে স্থানীয় দল-সংগঠনৰ বিষয়-ববীয়া আৰু শতাধিক ৰাইজ উপস্থিত থাকে ৷

প্ৰেৰক: সুৰজ দাস, তিনিচুকীয়া

You might also like