নিয়মীয়া বাৰ্তা, ২০ মে’ : নলবাৰী জিলাৰ এখন বিদ্যালয়ত দেখা গ’ল এক আৱেগিক পৰিবেশ । সুদীৰ্ঘ ৩৭ বছৰৰ অন্তত একগোট হ’ল ৬০ গৰাকী সতীৰ্থৰ পৰিয়াল। জিলাখনৰ পকোৱা হাইস্কুল প্ৰাঙ্গনত দেখা গ’ল এক আৱেগিক পৰিবেশ।
১৯৮৮/৮৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহা ৬০গৰাকী সতীৰ্থৰ পৰিয়ালৰ ঘটিল মহামিলন। দিনজোৰাকৈ আয়োজিত অনুষ্ঠানটিত গীত নৃত্যৰ সমাহাৰৰ মাজতে মনৰ ভাৱ আদান প্ৰদান কৰে সতীৰ্থ সকলে। পকোৱা হাইস্কুলত শিক্ষা গ্ৰহণ কৰি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত সতীৰ্থ সকল আজি একগোট হৈ অতীতৰ স্মৃতি সোঁৱৰণ কৰে।
প্ৰথমে ইহসংসাৰ ত্যাগ কৰা শিক্ষাগুৰু আৰু প্ৰয়াত সতীৰ্থ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী ৰুপায়ন কৰাৰ পিছত মত বিনিময় অনুষ্ঠান আৰু শিক্ষাগুৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। চান্দকুছি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সতীৰ্থ সন্মিলনৰ সম্পাদক চাইফুদ্দিন আহমেদে সামগ্ৰীক পৰিচালনা কৰা অনুষ্ঠানটোত প্ৰথমে শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনোৱা হয়।
বিশিষ্ট শিক্ষাবিদ গজেন্দ্ৰ ৰাম সাউদ,বিৰাজ শৰ্মা শাস্ত্ৰী, কুমুদ মল্ল বৰুৱা, উমেশ দত্ত, অশোক কলিতা, বৰ্তমানৰ প্ৰধান শিক্ষক মইনুৰ হুছেইন, অৱসৰপ্ৰাপ্ত মুখ্য সহায়ক তথা বিশিষ্ট ব্যক্তি গিয়াচুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হৰিশ সাউদক সতীৰ্থ সকলে সম্বৰ্ধনা জ্ঞাপন কৰে। সতীৰ্থ ৰাতুল ডেকা, চাইফুদ্দিন আহমেদ, থানেশ্বৰ সাউদ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা সতীৰ্থ ড৹ অনুৰাধা শৰ্মা, ধৰনীধৰ ডেকা, মন্টু দত্ত, মুন চৌধুৰী, বিচিত্ৰ ডেকা, উজ্বল শৰ্মা, অৰুপ বৈশ্য, মনোজ দত্ত, প্ৰণৱ দত্ত, কিশোৰ সাউদ, সৰ্বেশ্বৰ ডেকা, দিপিকা দত্ত চৌধুৰী, প্ৰমিতি ডেকা, আফিয়া বেগম, ডালিমী বৈশ্য, প্ৰনিতা দত্ত, পুতুলী বেগম,সঞ্জীৱ ডেকাকে ধৰি বিভিন্নজন সতীৰ্থই এই সন্মিলনীত মনৰ ভাৱ ব্যক্ত কৰি নষ্টালজিক হৈ পৰে।
অনুষ্ঠানৰ মাজতে উদ্যোক্তা সকলে আয়োজন কৰা খাদ্য একেলগে গ্ৰহণ কৰি আহ্লাদিত হৈ পৰে শিক্ষাগুৰু সকলোকে ধৰি সতীৰ্থসকল।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা