নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ প্রয়াসত আন্তৰিকতা সততা–সাহস দেখিছোঁঃ পৰেশ বৰুৱা

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ ইতিবাচক দিশে আগবাঢ়িছে চৰকাৰ–আলফা (স্বাধীন)ৰ বহুচর্চিত আলোচনা৷ শেহতীয়াকৈ যোৱা ৫ ছেপ্টেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত আলফা (স্বাধীন)ৰ নেতৃত্বৰ সৈতে অনানুষ্ঠানিক সম্পর্ক বজাই ৰখাৰ কথা সদৰী কৰাৰ পিছত আজি সশস্ত্র সংগঠনটোৰ উচ্চতম পৰিষদৰ সভাপতি পৰেশ বৰুৱাই প্রতিক্রিয়া ব্যক্ত কৰে৷ সংবাদ মাধ্যমলৈ ফোনযোগে প্রকাশ কৰা বক্তব্যত আলোচনাৰ ক্ষেত্রত গ্রহণ কৰা ভূমিকাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাক ধন্যবাদ জ্ঞাপন কৰে আলফা (স্বাধীন)ৰ শীর্ষ নেতাজনে৷ তেওঁ কয় যে অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে যি প্রয়াস–চেষ্টা কৰিছে, তাত আন্তৰিকতা–সততা দেখা পাইছোঁ৷ সাহসো দেখা পাইছোঁ৷ জটিল সমস্যা–সংঘাতৰ আজি ৪২টা বছৰ হৈ গ’ল৷ সেই সংঘাত দূৰ কৰিবলৈ যি আন্তৰিকতা–সাহস–এক্ দেখুৱাইছে সেই কাৰণে আমি মুখ্যমন্ত্রীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ বর্তমান অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে শপত লোৱাৰ দিনাখনৰে পৰা আলোচনাৰ কিবা এটা পথ ওলাব পাৰে নেকি, তাৰ বাবে একাগ্রতাৰে লাগি আছে৷ আলোচনাৰ পথ নিশ্চয় ওলাব পাৰে বুলি তেওঁ দৃঢ়তাৰে বাৰে বাৰে কৈ আছে৷

অকল আমাকেই নহয়, অসমৰ জনসাধাৰণকো তেওঁ আশ্বস্ত কৰিব পাৰিছে৷ সেই কাৰণে আমিও আশাবাদী৷ সশস্ত্র সংগ্রামত যুদ্ধ আৰু আলোচনা দুয়োটাই চলি থাকে৷ কেতিয়াবা যুদ্ধ আৰু কেতিয়াবা আলোচনা৷ সেয়েহে আমি আলোচনাৰ বিৰোধী নহয়৷ আমাৰ আলোচনাৰ দুৱাৰ খোলা আছে৷ গোটেই বিষয়টো নিশ্চয় মুখ্যমন্ত্রীগৰাকীয়ে দিল্লীৰ শাসক গোষ্ঠীক কৈছে৷ এইটো এটা জটিল বিষয়৷ সমাধান কৰিব লাগিব৷ জটিল বিষয় হোৱা কাৰণেই মুখ্যমন্ত্রী ড০ শর্মাই অহা দুই–তিনি বছৰৰ ভিতৰত আলোচনা হোৱাৰ আশা ব্যক্ত কৰিছে বুলি আলফা (স্বাধীন)ৰ উচ্চতম পৰিষদৰ সভাপতি বৰুৱাই মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই হয়তো দিল্লীৰ শাসক গোষ্ঠীৰ ওচৰত বিষয়টো গভীৰভাৱে উপস্থাপন কৰাৰ কথা উল্লেখ কৰি আলফা (স্বাধীন)ৰ শীর্ষ নেতাজনে পুনৰ কয় যে বুৰঞ্জীৰ যিটো ইছ্যু আছে, সেইটো মুখ্যমন্ত্রীগৰাকীয়ে অধিক ভালদৰে উত্থাপন কৰিব পাৰিব বুলি মই ভাবোঁ৷ তেওঁ যেতিয়া গোটেই দায়িত্ব লৈছে, নিশ্চয় ভাৰতীয় শাসক গোষ্ঠীক মনাব পাৰিব বুলিও আমি দৃঢ় বিশ্বাসী৷ সেই কাৰণে আমি খুবেই আশাবাদী– তেওঁ পথ এটা উলিয়াব পাৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই আলোচনাৰ প্রসংগত উল্লেখ কৰা মধ্যম পন্থা সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য কৰে আলফা (স্বাধীন)ৰ উচ্চতম পৰিষদৰ সভাপতি বৰুৱাই৷ তেওঁ সেই সম্পর্কত কয় যে যোৱা ৪০–৪৫ বছৰত বহুত চুক্তি হ’ল৷ তাত কোনো নতুনত্ব নাই৷ তাৰ পৰা আঁতৰি ভাৰত চৰকাৰে নতুন পথ উলিয়াব লাগিব৷ মুখ্যমন্ত্রীগৰাকী সক্ষম ব্যক্তি৷ তেওঁ অসমৰ বুৰঞ্জী জানে৷ এইবাৰ আমাৰ সন্দেহ হোৱা নাই৷ অসমৰ মুখ্যমন্ত্রীয়ে উদ্যোগ ল’ম বুলি কৈছে৷ সেই কাৰণে আমি আশ্বস্ত৷

আলফা (স্বাধীন)ৰ শীর্ষ নেতাজনে বিষ্ণুৰাম মেধিৰ পৰা তৰুণ গগৈলৈকে প্রাক্তন মুখ্যমন্ত্রীসকলৰ ভূমিকাক সমালোচনা কৰে৷ তেওঁ কয় যে বিষ্ণুৰাম মেধি–বিমলাপ্রসাদ চলিহাৰ পৰা একেবাৰে তৰুণ গগৈলৈকে মুখ্যমন্ত্রীসকলক আমি পাইছোঁ৷ তেওঁলোকক এই বিষয়টোৱে চুই গৈছিল৷ কিন্তু তেওঁলোকৰ ভুলৰ বাবেই আজি আমি পতিত হৈছোঁ৷ পিছে এইবাৰ কিবা এটা কৰিব পাৰে নেকি? আৰম্ভণি সুন্দৰ হৈছে৷ আৰু শেষো সুন্দৰ হ’ব বুলি আমি আশা কৰিছোঁ৷

ইফালে, ক’ভিড–১৯ প্রতিৰোধকল্পে গ্রহণ কৰা ব্যৱস্থা আৰু ড্রাগ্ছবিৰোধী অভিযানৰ বাবে তেওঁ মুখ্যমন্ত্রী ড০ শর্মা তথা ৰাজ্য চৰকাৰক প্রশংসা কৰে৷ এই সন্দর্ভত আলফা (স্বাধীন)ৰ শীর্ষ নেতাজনৰ ভাষ্য আছিল এনেধৰণৰ– ক’ভিড ৰুধিবৰ বাবে এতিয়ালৈকে যিখিনি ব্যৱস্থা লৈছে তাক আমি প্রশংসা কৰিবই লাগিব৷ ড্রাগ্ছৰ বিৰুদ্ধে যিখিনি কৰিছে, সেয়াও প্রশংসা কৰিব লাগিব৷ এনেধৰণৰ ভাল কাম সফল হোৱাৰ কাৰণেই আমি একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছোঁ৷ আমি যদি সেয়া নকৰি সশস্ত্র সংগ্রামৰ ধাৰা বজাই ৰাখোঁ, তেতিয়া এই কামখিনি কৰিব নোৱাৰিব বুলি আমি দৃঢ়তাৰে কওঁ৷ এইক্ষেত্রত আমি সহযোগিতা কৰিছোঁ৷

You might also like