নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃৰ সন্মুখতে লুইতত ডুব গ’ল পৰীমিতা

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ নিমাতীঘাটত সংঘটিত ভয়াৱহ ফেৰী দুর্ঘটনাত ৰঙাচাহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পৰীমিতা দাসে প্রাণ হেৰুৱাইছে৷ ফেৰীখনৰ পৰা কিদৰে ব্রহ্মপুত্রৰ বুকুত পৰীমিতা ডুব গৈছিল, তাৰ শিহৰণকাৰী বর্ণনা আগবঢ়াইছে তেওঁৰ লগত থকা সহযাত্রী ক্লিডাপ টাৰোপীয়ে৷ ফেৰীখন দুর্ঘটনাত পতিত হোৱাৰ সময়ত পাৰঘাটতে আছিল পৰীমিতাৰ মাতৃ৷ আঠখেলীয়া নামঘৰত কন্যা পৰীমিতা আৰু তেওঁৰ বান্ধৱী ক্লিডাপ টাৰোপীৰ সৈতে বুধবাৰে সেৱা লৈছিল মাতৃয়ে৷

ইয়াৰ পাছতে গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল পৰীমিতাৰ মাতৃ৷ কিন্তু উভতি অহাৰ পূর্বে কন্যা আৰু তেওঁৰ বান্ধৱীক বিদায় জনাবলৈ নিমাতীঘাটলৈ গৈছিল মাতৃগৰাকী৷ সংবাদ মাধ্যমৰ আগত পৰীমিতাৰ মাতৃয়ে এইদৰে কয়– ‘মই সমগ্র ঘটনা নিজ চকুৰেই দেখিছোঁ৷ সিহঁত ফেৰীত উঠাৰ পাছত পৰীমিতাৰ হাতত পানীৰ বটলটো দি মই উভতিবলৈ লৈছিলোঁ৷ ঠিক কেইমুহূর্তমানৰ পাছতে প্রচণ্ড এটা শব্দ শুনি মই ঘূৰি চাই দেখিছিলোঁ তাই যোৱা ফেৰীখনে আনখন ফেৰীত প্রচণ্ড জোৰে খুন্দা মাৰিছে৷ মই চিঞৰি চিঞৰি যাত্রীসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছিলোঁ৷ মোৰ চকুৰ সন্মুখতে সকলো ঘটনা ঘটি গ’ল, কিন্তু মই একো কৰিব নোৱাৰিলোঁ৷ মোৰ সৰুজনী ছোৱালীৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষা থকা বাবে মই তাইক এৰি গুৱাহাটীলৈ যোৱাৰ কথা আছিল৷ কাইলৈৰ পৰা মহাবিদ্যালয়ৰ ক্লাছ কৰিব লাগিব বুলি পৰীমিতাই মোক এৰি মাজুলীলৈ ৰাওনা হৈছিল৷’

ইফালে ৰঙাচাহী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক তথা তেওঁলোকৰ সৈতে থকা ক্লিডাপ টাৰোপীয়ে প্রকাশ কৰা অনুসৰি পাৰঘাটৰ পৰা মাতৃয়ে নাও ডুব যোৱাৰ ঘটনা স্বচক্ষে প্রত্যক্ষ কৰি আছিল৷ কিন্তু অসহায় মাতৃগৰাকীয়ে কন্যাক বচাবলৈ সেই মুহূর্তত কোনো ব্যৱস্থা ল’ব পৰা নাছিল৷ চিঞৰি চিঞৰি পাৰঘাটত থকা আন লোকসকলক নিজৰ কন্যাক বচাবলৈ আহ্বান জনাইছিল যদিও মাতৃৰ সন্মুখতে ব্রহ্মপুত্রৰ বুকুত ডুব গৈ প্রাণ হেৰুৱাবলগীয়া হ’ল অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পৰীমিতা দাসে৷

এই শোকাৱহ ঘটনাৰ শিহৰণকাৰী বর্ণনা আগবঢ়াই ক্লিডাপ টাৰোপীয়ে কয় যে ফেৰীখন দুর্ঘটনাৰ সময়ত তেওঁলোকৰ সৈতে যোৱা গাড়ীৰ চালক আৰু পৰীমিতাৰ সৈতে তিনিওৱে হাতত হাত ধৰি আছিল৷ ঘটনা সন্দর্ভত টাৰোপীয়ে কয়– ‘মই ফেৰীৰ পৰা পৰি যোৱাৰ পাছত এটাই লক্ষ্য কৰি লৈছিলোঁ যে কিবাকৈ হ’লেও মোৰ মুখখন পানীৰ ওপৰলৈ উঠাব লাগে৷ যাতে মই উশাহ ল’ব পাৰোঁ৷ মই সাঁতুৰিবও চেষ্টা কৰিছিলোঁ৷ কিন্তু মই পৰা নাছিলোঁ৷ যেতিয়া মোৰ মুখখন ওপৰলৈ কোনোমতে উলিয়াই আনিছিলোঁ, তেতিয়া মই কাঠৰ নিচিনা কিবা এটা বস্তু পাইছিলোঁ৷ সেই মুহূর্ততে মোক কোনোবাই টানি উঠাই আনিলে৷ পাছত গম পালোঁ আমাৰ লগত যোৱা গাড়ীচালকজনেই মোক টানি ওপৰলৈ উঠাই আনিছিল৷ সেই সময়ত উঠি আমি সকলোৱে পৰীমিতাক বিচাৰি চিঞৰ–বাখৰ কৰিছিলোঁ৷ চাৰিওফালে চাবলৈ যত্ন কৰিছিলোঁ৷ কিন্তু পৰীমিতাক আমি দেখা নাপালোঁ, তাইক বচাব নোৱাৰিলোঁ, একো কৰিব নোৱাৰিলোঁ৷ আমি একেলগেই যাত্রা কৰিছিলোঁ৷ আজি সেৱা ল’বলৈ আঠখেলীয়া নামঘৰলৈ আমি গৈছিলোঁ৷ তাৰ পৰা আমি ঘূৰি মাজুলীলৈ ৰাওনা হৈছিলোঁ৷ কিন্তু আমি ৰাওনা হোৱাৰ এক–দুই মিনিটৰ পাছতে দুর্ঘটনাটো সংঘটিত হ’ল৷’

উল্লেখ্য যে হাতত সামান্য আঘাত পোৱা ক্লিডাপ টাৰোপী বিশ্বনাথ চাৰিআলিৰ বাসিন্দা৷ বিগত বর্ষত তেওঁ ৰঙাচাহী মহাবিদ্যালয়ত প্রবক্তা হিচাপে যোগদান কৰিছিল৷ আনহাতে যোৱা ফেব্রুৱাৰী মাহত মহাবিদ্যালয়খনত প্রবক্তা হিচাপে যোগদান কৰিছিল পৰীমিতা দাসে৷

You might also like