নিয়মীয়া বাৰ্তা, ২৯ জুনঃ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ ৯ বছৰীয়া বৰ্ষপুৰ্তিৰ ল’গত সংগতি ৰাখি বিজেপিয়ে আৰম্ভ কৰিছে মহা জনসম্পৰ্ক কাৰ্য্যসূচী। সেই কাৰ্য্যসূচীৰেই অংগৰূপে আজি ধুবুৰী জিলা বিজেপিৰ উদ্যোগত জিলাখনৰ গৌৰীপুৰত গণেশ আখৰাত অনুষ্ঠিত হয় এখন “বেপাৰী সন্মিলন”। সেই সন্মিলনখনত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা। সন্মিলনখনত নিজৰ ভাষণত সাংসদগৰাকীয়ে ধুবুৰীত বিজেপিৰ কোনো দলীয় বিধায়ক নাথাকিলেও তেওঁ ধুবুৰীৰ চুকে-কোণে ঘুৰি জনতাৰ সুখ দুখৰ বুজ লৈ আছে বুলি উল্লেখ কৰে৷ ভাষণ প্ৰসংগত স্থানীয় সাংসদগৰাকীতকৈ তেওঁ অধিক সময় ধুবুৰীত কটোৱা বুলি স্থানীয় সাংসদ বদৰুদ্দিন আজমলক কটাক্ষ কৰে। আজিৰ এই বেপাৰী সন্মিলনখনত ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিত দত্ত, বিলাসীপাৰা বিজেপিৰ সভাপতি প্ৰফুল্ল কলিতা, গোলকগঞ্জৰ প্ৰাক্তন বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিলাসীপাৰা পূৱ সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক কুমাৰ সিংহী, গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা প্ৰমুখ্যে জিলা বিজেপিৰ অন্যান্য কাৰ্যকৰ্তাকে ধৰি জিলাখনৰ বহু কেইগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী