নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্ৰোহী প্ৰাৰ্থীঃ টিকট নাপাই দল সলনি কৰি হ’লেও নিৰ্বাচন খেলিব এইসকল নেতাই

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত হৈছে বহুকেইগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশী নেতা তথা বিধয়াক। প্ৰায় সকলো দলতে এনে প্ৰাৰ্থিত্ব বঞ্চিত নেতা আছে। দলৰ সিদ্ধান্ত বহুতে মানি লৈছে যদিও দলীয় প্ৰাৰ্থিত্ব লাভ নকৰাত কিছু ক্ষুব্ধ নেতাই সলনি কৰি দিছে নিজৰ দলীয় পৰিচয়। এনে কেইগৰাকীমান নেতা হ’ল-

ছুম ৰংহাংঃ পার্বত্য অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্রী ৰংহাঙে পুনৰ ডিফু সমষ্টিৰ প্রার্থিত্বৰ দাবীদাৰ আছিল৷ কিন্তু বিজেপিয়ে মন্ত্রী ৰংহাঙৰ পৰিৱর্তে ডিফুত প্রার্থিত্ব প্রদান কৰে বিদ্যাছিং ইংলেঙক৷ প্রার্থিত্বৰ পৰা বঞ্চিত মন্ত্রী ছুম ৰংহাঙে দেওবাৰে বিজেপি ত্যাগ কৰি যোগদান কৰে কংগ্রেছত। ৰিপুণ বৰা আৰু এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ উপস্থিতিত সোণাপুৰৰ স্প্রীংভেলী ৰিজ’ৰ্টত তেওঁ কংগ্ৰেছত যোগদান কৰে।

বৃন্দাবন গোস্বামীঃ তেজপুৰত এইবাৰ প্রার্থিত্বৰ পৰা বঞ্চিত কৰা হ’ল বর্তমানৰ বিধায়ক বৃন্দাবন গোস্বামীক। তেওঁৰ স্থানত প্রার্থিত্ব লাভ কৰে কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ পুত্র পৃথ্বিৰাজ ৰাভাই। প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছত বৃন্দাবন গোস্বামীয়ে তেজপুৰ সমষ্টিত নির্দলীয় প্রার্থী হিচাপে হ’লেও প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

আজিজ আহমেদ খানঃ দক্ষিণ কৰিমগঞ্জৰ এ আই ইউ ডি এফৰ বিধায়ক আজিজ আহমেদ খানে নাপালে দলীয় টিকট। সেয়ে তেওঁ দল ত্যাগ কৰি যোগদান কৰে অগপত।

ৰূপেশ গোৱালাঃ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ আছিল। কিন্তু দলে নিদিলে প্ৰাৰ্থিত্ব। সেয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে গোৱালাই আৰু বিজেপিৰ পৰা ডুমডুমা সমষ্টিৰ পৰা খেলিবা নিৰ্বাচন।

বিতোপন শইকীয়াঃ গোলাঘাট সমষ্টিৰ অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ পিছতে সমস্যাত পৰিছিল বিজেপি নেতা বিতোপন শইকীয়া। কিন্তু সমস্যাৰ পৰা মুক্তিৰ পথ ৰূপে তেওঁ বাছি ললে দল ত্যাগৰ পথ। সেই ৰূপে কংগ্ৰেছত যোগদান কৰি লাভ কৰিছে গোলাঘাট সমষ্টিত কংগ্ৰেছৰ টিকট।

প্রফুল্ল কুমাৰ মহন্তঃ অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল মহন্তই নাপালে দলীয় প্ৰাৰ্থিত্ব। সেয়ে তেওঁ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ লগত যোগাযোগ অব্যাহত ৰাখিছে।

সত্যব্ৰত কলিতাঃ কমলপুৰৰ অগপ বিধায়ক সত্যব্রত কলিতায়ো নাপালে টিকট। এতিয়া তেওঁ কংগ্রেছত যোগ দিয়াৰ প্রস্তুতি চলাইছে৷

You might also like