নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

নিয়মীয়া বাৰ্তা,  ২৭ জানুৱাৰী : অসমৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চমুকৈ পিভিয়ানৰ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়।। এই উপলক্ষে পুৱা আদৰণি, নাম পঞ্জীয়ন, প্ৰাত: আপ্যায়নৰ পিছতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ তপন কুমাৰ শৰ্মাই। সন্মিলনৰ পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি ড° বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তথা অধ্যক্ষৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বয়োজ্যেষ্ঠ পিভিয়ান স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডাঃ অতুল শৰ্মা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে। ইয়াৰ পিছতে উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা কলেজৰ সহযোগী বিজ্ঞান গুৰু তথা পিভিয়ান ড° মৃদুল ডেকাৰ সঞ্চালনত অনুষ্ঠিত ‘দক্ষতাভিত্তিক শিক্ষা : বৃহত্তৰ বজালীত ইয়াৰ সম্ভাৱনা” শীৰ্ষক আলোচনা-চক্ৰখন উদ্বোধন কৰে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দাসে সন্মিলনৰ কাম-কাজত সন্তোষ প্ৰকাশ কৰি ২০ লাখ টকাৰ অনুদান দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ আলোচনা-চক্ৰখনত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ কাৰ্য্যবাহী সঞ্চালক ড° অমিয় শৰ্মা আৰু আমেৰিকা নিবাসী তথা পিভিয়ান ড° ৰথীন দেৱ চৌধুৰীয়ে আলোচক হিচাপে ভাগ লয়। আলোচনা-চক্ৰখনত বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। দুপৰীয়া প্ৰীতি ভোজনৰ পিছতে আবেলি উদযাপন সমিতিৰ সভাপতি কৈলাস চন্দ্ৰ ৰয়ৰ সভাপতিত্বত বহা পিভিয়ানৰ মাজত আবেলিৰ আমেজ আৰু মুকলি সভাখন উদ্বোধন কৰে পিভিয়ান তথা আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ে। পিভিয়ান মুনীন শৰ্মাসহ তেওঁৰ পত্নীয়ে এটি গীত পৰিৱেশনেৰে সভাখনৰ শুভাৰম্ভ কৰে। বিভিন্নজনে স্মৃতি ৰোমন্থন কৰা এই অনুষ্ঠানত পিভিয়ান ক্ৰমে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰী, বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, বিকলৰিৰ অৱসৰপ্ৰাপ্ত পৰিচালন সঞ্চালক হেমন্ত কুমাৰ দেৱ চৌধুৰী, স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডাঃ অতুল শৰ্মা, এ পি ডি চি এলৰ অৱসৰপ্ৰাপ্ত চি জি এম মনোৰঞ্জন কলিতা, গুৱাহাটী আই আই টিৰ অধ্যাপক ড° ভৱ শৰ্মা, অৱসৰপ্ৰাপ্ত ডি জি এম পৰমেশ দেৱ চৌধুৰী, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা পৰেশ দেৱ চৌধুৰী, লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা ভগৱান দেৱ চৌধুৰী, পি এইচ ইৰ অধীক্ষক অভিযন্তা মনোজ দাস, অধীক্ষক অভিযন্তা অশোক দেৱ চৌধুৰী, টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ অৱসৰী বিজ্ঞানী সুনীল কুমাৰ পাঠক আদিকে ধৰি যথেষ্টসংখ্যক উপস্থিত থাকে। সভাত আগন্তুক বৰ্ষৰ বাবে কৈলাস চন্দ্ৰ ৰয়ক সভাপতি হিচাপে লৈ সন্মিলনৰ এখন নতুন সমিতি গঠন কৰা হয়। এই সমিতিখনক পিছত পূৰ্ণাংগ ৰূপ দিয়া হ’ব৷ ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠান আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰেৰক উৎপল মেধি

You might also like