নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা পাঠশালাত ৰাস মহোৎসৱ

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত কাইলৈৰ পৰা ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে৷ এই লৈ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত পাঠশালা ৰাস মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি ভূপেন্দ্রনাথ শর্মা, কার্যকৰী সভাপতি গিৰীশ পাটগিৰি, উপ-সভাপতি অসীম চৌধুৰী, যুটীয়া সম্পাদক বুদুল তালুকদাৰ, কিশোৰী পাটগিৰি কাৰ্যকৰ্তাসকলে এখন সংবাদ মেলত ৰাস মহোৎসৱৰ কাৰ্যসূচী ৰাজহুৱা কৰে। কাৰ্যসূচী অনুসৰি ৭ নৱেম্বৰৰ পুৱা ৰাসৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ভূপেন্দ্র নাথ শৰ্মাই। ইয়াৰ পিচত সৰমা দেবী চৌধুৰীয়ে বন্তি প্ৰজ্বলন, পাঠশালা বজাৰ কমিটীৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে স্মৃতি তৰ্পণ, পাঠশালা পৌৰসভাৰ পৌৰপতি জলী চৌধুৰীৰে চাফাই অভিযান কার্যসূচী শুভাৰম্ভ কৰিব। দিনৰ ১১ বজাত বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীয়ে গছপুলি ৰোপণ কৰিব৷ সন্ধিয়া পাঠশালা ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি গিৰীশ পাটগিৰিয়ে শোভাযাত্রা উদ্বোধন কৰাৰ পিচত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ মুকলি কৰিব। ইয়াৰ পিচত ৰাস উদ্‌যাপন সমিতিৰ সভাপতি ভূপেন্দ্রনাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিতব্য সভাত স্মৰণিকা উন্মোচন কৰিব ভট্টদেৱ বিশ্ববিদ্যালয় উপাচার্য বিৰিঞ্চি কুমাৰ দাসে৷ সভাখনত বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মাই সন্মানীয় অতিথি, অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ সঞ্জীৱ বৰকাকতিয়ে নিৰ্দিষ্ট বক্তা আৰু আনন্দ ৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ-পৰিচালন সঞ্চালক ড° ৰণজিৎ ডেকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। ৮ নৱেম্বৰৰ সন্ধিয়া বিশিষ্ট শিল্পী দিলীপ কাকতিয়ে একক নৃত্য আৰু প্রতিযোগিতা উদ্বোধন কৰিব। ৯ নৱেম্বৰত মুগকুছি মিলন নাট্য গোষ্ঠীৰ যাত্ৰাভিনয় উদ্বোধন কৰিব পাঠশালা ৰাস মহোৎসৱৰ প্ৰাক্তন কার্যকৰী সভাপতি সুবোধ চৌধুৰীয়ে৷ ১০ নবেম্বৰৰ সন্ধিয়া বিশিষ্ট সংগীত শিল্পী নাৰায়ণ বৰুৱাই সংগীত প্রতিযোগিতা উদ্বোধন কৰিব। ১১ নৱেম্বৰ নিশা বৰপেটাৰ সাংসদ আব্দুল খালেকে আনন্দৰাম বৰুৱা একাডেমীৰ দ্বাৰা পৰিবেশন কৰা সংগীতানুষ্ঠান উদ্বোধন কৰিব। ১২ নৱেম্বৰৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে৷ ১৩ নৱেম্বৰৰ সন্ধিয়া উর্মিলা চৌধুৰীয়ে আয়তীৰ ঘোষানাম আৰু বিয়া নাম প্রতিযোগিতা উদ্বোধন কৰিব৷ ১৪ নৱেম্বৰত সদানন্দ চৌধুৰী সোঁৱৰণি জুনা নাম প্ৰতিযোগিতা উদ্বোধন কৰিব গিৰিধৰ চৌধুৰীয়ে৷ ১৫ নৱেম্বৰৰ সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক আৰু বীৰ নাম উদ্বোধন কৰিব আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্রযোজক কৃষ্ণ ৰয়ে৷ ১৬ নৱেম্বৰৰ সন্ধিয়া যাত্ৰাভিনয় উদ্বোধন কৰিব বিশিষ্ট বাদ্য শিল্পী ৰূপেন দাসে৷ ১৭ নৱেম্বৰত সংগীতানুষ্ঠান উদ্বোধন কৰিব বিজেপিৰ বজালী জিলাৰ সভাপতি নগেন চৌধুৰীয়ে৷ ১৮ নৱেম্বৰত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব শ্ৰীৰাম একাডেমীৰ সঞ্চালক দুলাল তালুকদাৰে৷ ১৯ নৱেম্বৰত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে৷ ২০ নৱেম্বৰৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বজালী আৰক্ষী অধীক্ষক ধর্মেন্দ্ৰ দাসে৷ ২১ নৱেম্বৰৰ সন্ধিয়া মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত সভাপতিত্ব কৰিব পাঠশালা ৰাস মহোৎসৱ সমিতিৰ সভাপতি ভূপেন্দ্ৰ নাথ শৰ্মাই৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বজালীৰ অভিভাৱক মন্ত্ৰী নন্দিতা গাৰ্লোচাই৷ ইয়াৰ পিছতে মুম্বাইৰ শিল্পীৰ দ্বাৰা অনুষ্ঠিতব্য সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বি টি চি প্ৰধান প্ৰমোদ বড়োই৷ উল্লেখ্য যে প্ৰতিদিনে পূজা, অৰ্চনা, আৰতি আদি চলিবলগীয়া ৬০ লক্ষাধিক টকাৰ বাজেটৰ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত আয়োজিত ৰাস মহোৎসৱত চাৰি শতাধিক মৃন্ময় মূৰ্তি সমন্বিতে আটকধুনীয়া মন্দিৰ, মীনা বজাৰ, বৃন্দাবন আজিৰ লগতে পাঠশালা নগৰৰ প্ৰতিটো প্ৰৱেশ পথতে ভালেসংখ্যক জাকজমকাপূৰ্ণ তোৰণ নিৰ্মান কৰি ৪৭ সংখ্যক ৰাসৰ প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ কৰিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like