নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ “সামাজিক দায়িত্ববোধ নথকা শিক্ষা মূল্যহীন৷ শিক্ষাৰ্থীসকলে যি শিক্ষায়ে নলওক কিয় সেয়া সমাজৰ হিতাৰ্থে হব লাগে৷” আজি শিক্ষক দিৱস উপলক্ষ্যে পাঠশালাস্থিত আনন্দৰাম বৰুৱা একাডেমিত আয়োজন শিক্ষক দিৱস আৰু নৱাগত আদৰণী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ, বি এইচ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে৷ আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰণজিৎ ডেকাৰ সভাপতিত্বত আৰু একাডেমিৰ মুখ্য সচিব উৎপল মেধিয়ে আঁত ধৰা সভাত বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় শিক্ষাৰ্থীসকলে যি পথকে বাছি নলওক কিয় সেই পথৰ কাৰ্যৰ দ্বাৰা যাতে সমাজে আকোঁৱালি লব পাৰে, সমাজে স্বীকৃতি প্ৰদান কৰিব পাৰে৷ অসৎ উপায় অৱলম্বন কৰি কৃতকাৰ্য হোৱাটোৱে সমাজৰ ক্ষতি কৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ আনন্দৰাম বৰুৱা একাডেমিৰ শিক্ষাৰ্থীৰ সমবেত সংগীতৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ গণেশ শৰ্মাই, ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক নৃপেন্দ্ৰ নাথ দাসে৷ অনুষ্ঠানত বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰি আনন্দৰাম বৰুৱা একাডেমিত নামভৰ্তি কৰা আৰু অসমৰ ভিতৰত বিভিন্ন বিষয়ত সৰ্বোচ্ছ নম্বৰপ্ৰাপ্ত কেবাগৰাকীও শিক্ষাৰ্থী আৰু শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ ইয়াৰ পাছতে আনন্দৰাম বৰুৱা একাডেমিৰ শিক্ষকসকলক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কোচিং পাঠ্যক্ৰমৰ তিনিটা বিষয়ৰ পাঠ্যপুথি উদ্বোধন কৰে শিক্ষাবিদ গণেশ শৰ্মাই৷ ইয়াৰ পাছতে নৱাগত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা অনুষ্ঠানত অভিনেতা গুঞ্জন ভৰদ্বাজ আৰু ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজক মানস কলিতা, অধ্যক্ষ নন্দিতা বৰ্মন ডেকা, একাডেমিৰ সঞ্চালক অমূল্য কলিতা, উপাধ্যক্ষ হিমাংশু বৰুৱা, উপদেষ্টা নৃপেন্দ্ৰনাথ দাসকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ইপিনে বজালীৰ ভিন্ন শিক্ষানুষ্ঠানসমূহতো শিক্ষক দিৱস পালন কৰা হয়৷
প্ৰেৰক কল্যাণ কলিতা