নির্বাচনী হিংসাঃ পাঠশালাত অজাপৰ গাড়ীত আক্রমণ
নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচন অন্ত পৰাৰ লগে লগে তৃতীয় পর্যায়ৰ বাবে দলসমূহে চলাইছে ব্যাপক প্রচাৰ৷ এই তৃতীয় পর্যায়ৰ নির্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে প্রাক্নির্বাচনী হিংসা৷ পাটাছাৰকুছি সমষ্টিতো যোৱানিশা সংঘটিত হয় এনে এক ঘটনা৷ সমষ্টিটোৰ পাঠশালাৰ মিলনপুৰত অসম জাতীয় পৰিষদৰ প্রচাৰত ব্যৱহাৰ হোৱা এখন গাডীত বিজেপিৰ সমর্থকে আক্রমণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি অজাপৰ নির্বাচনৰ প্রচাৰত ব্যৱহাৰ হোৱা এখন গাডীত ১০জনীয়া এটা দলে আক্রমণ কৰি গাডীখনত আঁৰি দিয়া পোষ্টাৰ–বেনাৰ ফালি পেলোৱাৰ লগতে গাডীখনত থকা অসম জাতীয় পৰিষদৰ সমর্থকসহ চালকক ধমকি দি সেই অঞ্চল বিজেপিৰ অঞ্চল আৰু তাত আন দলে প্রচাৰ চলাব নোৱাৰে বুলি ভাবুকি দিয়ে৷ এই কার্যক জাতীয় পৰিষদৰ কর্মীসকলে তীব্র ভাষাৰে গৰিহণা দিছে৷ পাটাছাৰকুছি সমষ্টিত বিজেপি শংকিত হৈছে বাবে এনেবোৰ কর্ম কৰিব লৈছে বুলি মন্তব্য কৰি কিছুদিন পূর্বে বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা নেতা ফণী পাঠকে কয় যে পাটাছাৰকুছি সমষ্টিত অভিভাৱক হ’ব অহা ৰঞ্জিত কুমাৰ দাসে ভয় খাই এনে কার্য সংঘটিত কৰাইছে৷ অসম জাতীয় পৰিষদৰ লগত পাটাছাৰকুছি সমষ্টিৰ ৰাইজ আছে আৰু ৰঞ্জিত দাসে সৰভোগৰ পৰা ব্যক্তি আনি নির্বাচনী প্রচাৰ চলাইছে বুলি অভিযোগ কৰি পাঠকে কয় যে জাতিৰ প্রতাৰক, বিশ্বাসঘাতক ৰঞ্জিত কুমাৰ দাস ভয়তে পেপুৱা লাগিছে৷ পাঠকে সমগ্র ঘটনা সন্দর্ভত প্রশাসনক অৱগত কৰে বুলিও জানিবলৈ দিয়ে৷
কলাইগাঁৱৰ গুলীচালনাৰ ঘটনা সন্দর্ভত দণ্ডাধীশ পর্যায়ৰ তদন্ত ঘোষণা
গুৰুতৰভাৱে আহতক নিশাই জিএমচিএইচত ভর্তি
দৰঙৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তর্গত ৰজাপুখুৰী প্রাথমিক বিদ্যালয় চৌহদত ভোটগ্রহণৰ পাছত ইভিএম ছীল কৰাক লৈ যোৱানিশা উত্তপ্ত পৰিস্থিতি আৰু আৰক্ষীৰ গুলীচালনাক লৈ আজি এক দণ্ডাধীশ পর্যায়ৰ তদন্তৰ ঘোষণা কৰিছে দৰঙৰ জিলা দণ্ডাধীশ দিলীপ কুমাৰ বৰাই৷ ঘটনা সন্দর্ভত আজি প্রকাশ কৰা প্রেছবার্তা অনুসৰি অতিৰিক্ত জিলা দণ্ডাধীশ পংকজ কুমাৰ ডেকাক তদন্তৰ দায়িত্ব দিয়া হৈছে৷ তদন্তৰ প্রতিবেদন ৭ দিনৰ ভিতৰত জমা দিব লাগিব বুলি জিলা প্রশাসনৰ তৰফৰ পৰা কোৱা হৈছে৷ উল্লেখ্য যে কালি নিশা উক্ত বিদ্যালয় চৌহদত উদ্ভৱ হোৱা এক হিংসাত্মক পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে কৰা গুলীচালনাত ২জন লোক গুলীবিদ্ধ হৈছিল৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ যোৱা কেইবাগৰাকীও নিৰাপত্তাৰক্ষী আহত হৈছিল৷
আহতসকলৰ খবৰ ল’বলৈ নিশাই মঙলদৈ অসামৰিক চিকিৎসালয়ত বিপিএফৰ প্রার্থী দুর্গা দাস বডো উপস্থিত হয় আৰু বডোৱে ভুল বুজাবুজিৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে৷ স্থানীয় ৰাইজে প্রকাশ কৰা অনুসৰি, ৰজাপুখুৰীপাৰ এল পি স্কুলৰ ভোটগ্রহণ কেন্দ্রত ভোটদান প্রক্রিয়া সমাপ্ত হোৱাৰ পাছত ইভিএম ছীল কৰা প্র–পত্রত চহী কৰাক লৈয়ে সংঘটিত হয় উত্তপ্ত পৰিৱেশ৷ নির্বাচনী বিষয়াই অনুপস্থিত থকা এজেণ্টৰ নামো কিয় প্র–পত্রত থাকিব তাক লৈ প্রশ্ণৰ অৱতাৰণা কৰে৷ একাংশই আকৌ ৰাইজক ইভিএম সলনি কৰিব বুলি উত্তেজিত কৰে৷ ইয়াৰ মাজতে কেইবাশ লোক ওলাই আহি নির্বাচনৰ ভোটগ্রহণকাৰী দললৈ চোঁচা লয়৷ লগে লগে সুৰক্ষাকর্মীয়ে উত্তেজিত ৰাইজক ছত্রভংগ দিবলৈ পোনতে লাঠীচালনা কৰে যদিও শেষত শূন্যলৈ গুলীচালনা কৰিব লগা হয়৷ ঘটনাত ইছমাইল আলী, মোচাৰুদ্দিন আহমেদ আৰু হাচমত আলী আহত হয়৷ ইয়াৰে গুৰুতৰভাৱে আহত ইছমাইল আলীক নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷