নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত জিলিকিল মাজুলীৰ পৱিত্ৰ

বিশেষ বাৰ্তা,  ৮ জুলাই : মাজুলীৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা উদীয়মান শৰীৰচৰ্চাবিদ পৱিত্ৰ নাথৰ এক বিশেষ সফলতাই সমগ্ৰ দেশবাসীৰ লগতে মহাবিদ্যালয় পৰিয়ালকো গৌৰৱান্বিত কৰি তুলিছে। কালি মালদ্বীপত অনুষ্ঠিত দক্ষিণ এছিয়ান দেহশ্ৰী প্ৰতিযোগিতাত মাজুলীৰ সুসন্তানগৰাকীয়ে সোণৰ পদক অৰ্জন কৰি সমগ্ৰ দেশলৈকে গৌৰৱ কঢ়িয়াই অনাৰ সম্বাদ লাভ কৰি তেওঁ শিক্ষা অৰ্জন কৰা উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ত আনন্দৰ বন্যা বৈছে। ছাত্ৰাৱস্থাৰ পৰাই শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী পৱিত্ৰ নাথে মহাবিদ্যালয়ৰ হৈ অংশগ্ৰহণ কৰি এসময়ত আন্তঃবিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন পৰ্যায়ত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন ছাত্ৰগৰাকীৰ এনে সফলতাত উৎফুল্লিত হৈ প্ৰেৰণ কৰা এক শুভেচ্ছা-বাৰ্তাত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, ‘ঘৰ্মাক্ত শ্ৰম আৰু কৃচ্ছ্ৰসাধনাৰ ফল যে সদায় মিঠা হয়, আমাৰ ছাত্ৰ পবিত্ৰ নাথে তাকেই পুনৰ প্ৰতিপন্ন কৰি দেখুৱালে।’ নিজৰ অভিনন্দন-বাৰ্তাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীয়ে পৱিত্ৰ নাথৰ উত্তৰোত্তৰ উন্নতি কামনাৰে মহাপ্ৰভু গোৱিন্দ চৰণত প্ৰাৰ্থনা জনোৱা বুলি উল্লেখ কৰে। আজি পুৱাতেই লাভ কৰা এনে এক বিৰল সফলতাৰ বাতৰিয়ে স্বাভাৱিকতেই মহাবিদ্যালয়ৰ চৌহদত এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে। দেশৰ জাতীয় পতাকাক বিশ্বৰ শীৰ্ষস্থানত জিলিকাবলৈ সমৰ্থ হোৱা প্ৰাক্তন শিক্ষাৰ্থীজনৰ কৃতিত্বত সমগ্ৰ মহাবিদ্যালয় পৰিয়ালৰ হৈ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষক গোটৰ সভাপতি ডঃ ৰাজেন বৰা, সম্পাদক তুলসী ৰাজখোৱা, কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা, সম্পাদক উৎপল বৰুৱা প্ৰমুখ্যে স্থানীয় ৰাইজে অভিনন্দন জনোৱাৰ লগতে নেপালত হ’বলগীয়া আগন্তুক এছিয়ান গেমচ আৰু দক্ষিণ কোৰিয়াত হ’বলগীয়া ৱল্ড চেম্পিয়নশ্বিপতো যাতে তেওঁ অনুৰূপ সফলতা লাভ কৰিব পাৰে, তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰেৰক জীৱন বৰুৱা
You might also like