নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিআইডিৰ মতামত নোলোৱাকৈ পেয়িং কেবিনত সঞ্জীত কৃষ্ণ

নিয়মীয়া বাৰ্তা ২৯ জুনঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) নিযুক্তি কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক চি আই ডিৰ অনুমতি অবিহনে জিএমচিএইচৰ পেয়িং কেবিনলৈ স্থানান্তৰ কৰা হৈছিল৷ বিশেষ ন্যায়াধীশৰ আদালতত এই গোচৰটোৰ শুনানিৰ সময়ত এই তথ্য পোহৰলৈ আহিছে৷ সুৰক্ষাজনিত কাৰণত কুমাৰ সঞ্জীত কৃষ্ণক পেয়িং কেবিনলৈ স্থানান্তৰ কৰা হৈছিল৷ জিএমচিএইচ কর্তৃপক্ষই ভঙাগড় আৰক্ষী থানাক অৱগত কৰি তেওঁক পেয়িং কেবিনলৈ স্থানান্তৰ কৰে৷ নিয়ম অনুসৰি সংশ্লিষ্ট অনুসন্ধানকাৰীৰ মতামত গ্রহণ কৰিহে সুৰক্ষা সম্বন্ধীয় সিদ্ধান্ত গ্রহণ কৰা হয়৷ কিন্তু সঞ্জীত কৃষ্ণক পেয়িং কেবিনলৈ স্থানান্তৰিত কৰাৰ পূর্বে কোনো মতামত গ্রহণ কৰা নাছিল চি আই ডিৰ৷ সেয়েহে তেওঁৰ সুৰক্ষাজনিত বিষয় সন্দর্ভত চিআইডি অথবা গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ পৰা মতামত গ্রহণ কৰিবলৈ বিশেষ আদালতে নির্দেশ দিছে জি এম চি এইচৰ কর্তৃপক্ষক৷

ইপিনে, নীতিবিৰুদ্ধভাৱে জিএমচিএইচ কর্তৃপক্ষই অভিযুক্তজনৰ বিৰুদ্ধে গ্রহণ কৰি আহিছে কেবিনৰ মাচুল৷ চৰকাৰী নীতি অনুসৰি বিচাৰাধীন বন্দীয়ে চিকিৎসা ব্যয় আদালত অথবা চৰকাৰৰ অনুমতি অবিহনে নিজে বহন কৰিব নোৱাৰে৷ যাৰ বাবে আদালতত ক্ষমা খোজে মেডিকেল ব’র্ডে৷ আদালতে অভিযুক্ত সঞ্জীত কৃষ্ণৰ পৰা কোনো মাচুল আদায় নকৰিবলৈও নির্দেশ দিছে৷ জে’ল কর্তৃপক্ষই তেওঁৰ ব্যয় বহন কৰিব নে নকৰে, সেয়া আলোচনা কৰিবলৈ নির্দেশ দিছে আদালতে৷ যদিহে কেবিনৰ মাচুল জে’ল কর্তৃপক্ষই বহন কৰিবলৈ অপাৰগতা প্রকাশ কৰে তেওঁক জেনেৰেল ৱার্ডলৈ স্থানান্তৰ কৰিবলৈ নির্দেশ দিছে বিশেষ ন্যায়াধীশৰ আদালতে৷ অৱশ্যে জেনেৰেল ৱার্ডলৈ স্থানান্তৰিত কৰিলেও তেওঁৰ সুৰক্ষাৰ প্রতি ধ্যান ৰাখিব লাগিব তদন্তকাৰী বিষয়াই৷

You might also like