নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ গৌৰৱময় সম্প্রীতি–শান্তি ঘূৰাই আনিব কংগ্রেছেহে

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ কংগ্রেছ দল শাসনলৈ আহিয়েই বিজেপিয়ে ধ্বংস কৰা অসমৰ গৌৰৱময় শান্তি–সম্প্রীতি, সমৃদ্ধি–সভ্যতা আৰু ভাতৃত্ববোধ ঘূৰাই আনিব৷ –এই ভাষ্য প্রাক্তন সাংসদ কংগ্রেছৰ জ্যেষ্ঠ নেতা প্রমোদ তিৱাৰীৰ৷ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত তেওঁ কয় যে কাইলৈ অসমৰ ৪৩টা বিধানসভা সমষ্টিৰ প্রতিগৰাকী কংগ্রেছ প্রার্থীয়ে নামঘৰ, মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, গির্জা আদি বিভিন্ন ধর্মীয় অনুষ্ঠানত সেৱা লৈ চৰকাৰ গঠন কৰিয়েই ৫টা গেৰাণ্টীৰ লগতে নির্বাচনী ইস্তাহাৰত উল্লেখ কৰা প্রতিটো প্রতিশ্রুতি ৰক্ষা কৰাৰ শপত ল’ব৷ তেওঁ আৰু কয় যে অসমত যোৱা ৫টা বছৰ কেৱল ছিণ্ডিকেটৰাজ চলিল৷ নিবনুৱা সমস্যা বৃদ্ধি পালে, নাৰী নির্যাতন বৃদ্ধি পালে, মূল্যবৃদ্ধি আকাশলংঘী হ’ল৷ অসম উন্নয়নৰ জখলতা বগোৱাৰ পৰিৱর্তে বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত হৈ অসমৰ সর্বসাধাৰণ জনতাৰ জীৱন ধাৰণৰ মান ক্রমান্বয়ে নিম্নগামী হ’ল৷ ৰাজ্যখনৰ প্রতিগৰাকী ব্যক্তিৰ আয়ৰ উন্নয়নৰ পৰিৱর্তে হ্রাস হৈ বর্তমান ৩.৪৬ শতাংশ হ’ল৷ কংগ্রেছ চৰকাৰৰ দিনত ২০১৬ বর্ষৰ আগত অসমৰ প্রতিগৰাকী ব্যক্তিৰ আয় আছিল ১৩.০২ শতাংশ৷ যোৱা ৫ বছৰত নাৰী নির্যাতনৰ ঘটনাৰ ক্ষেত্রত অসমৰ স্থান সমগ্র দেশৰ ভিতৰতে শীর্ষস্থানত উপনীত হ’ল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে প্রধানমন্ত্রী মোদীৰ নাম ‘বেচোৰাম’ হ’ব লাগিছিল৷

দেশৰ লগতে অসমৰ ৰাজহুৱা খণ্ডৰ সকলো সম্পত্তি নিলাম কৰি তেওঁ পুঁজিপতিৰ হাতত অর্পণ কৰিছে৷ এই ‘বেচোৰাম’ কোম্পানীৰ চেয়াৰমেন হ’ল নৰেন্দ্র মোদী আৰু মেনেজাৰ হ’ল অমিত শ্বাহ৷ কোম্পানীটোৰ হিতাধিকাৰীৰ নাম হ’ল– আদানি আৰু আম্বানি৷ সংবাদ মেলখনত তেওঁ প্রধানমন্ত্রী মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক ২০১৬ চনৰ নির্বাচনৰ সময়ত অসমলৈ আহি ৰাইজক যি প্রতিশ্রুতি দিছিল, তাৰ কিমান পূৰণ কৰিলে, এতিয়া ৰাইজৰ আগত সেই বিষয়ে বক্তব্য আগবঢ়োৱাৰ প্রত্যাহ্বান জনাই কয় যে এয়া তেওঁলোকৰ নৈতিক দায়িত্বই নহয়, ৰাজনৈতিক সততাৰো বিষয়৷ সংবাদ মেলখনত নিখিল ভাৰতীয় কৃষক কংগ্রেছৰ উপ–সভাপতি সুৰেন্দ্র চোলাংকীয়ে কয় যে যোৱা ১১৮ দিন ধৰি অন্নদাতা কৃষকসকলে দিল্লীৰ আশে–পাশে ভোকে–পিয়াহে খেতিয়কৰ অধিকাৰ বিচাৰি আন্দোলন কৰি আছে৷ নির্বাচনৰ আগতে মোদীয়ে ঘোষণা কৰিছিল– কৃষকসকলৰ আয় দুগুণ কৰিব৷ কিন্তু কৃষকৰ আয় বৃদ্ধি কৰাৰ পৰিৱর্তে মোদী চৰকাৰে শোষণৰ পন্থাহে অৱলম্বন কৰিলে আৰু কৃষকক মাধমাৰ শোধাবলৈ কৃষি আইন প্রণয়ন কৰিলে৷ সংবাদ মেলখনত এ আই চি চিৰ মুখপাত্র প্রফেছৰ গৌৰৱ বল্লভ আৰু প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শর্মাও উপস্থিত থাকে৷

You might also like