কোচ ৰাজবংশী নাবালিকাক ধৰ্ষণ কাণ্ডঃ ছালাকাটি থানাত শান্তি সভাৰ আয়োজন
নিয়মীয়া বাৰ্তা, ২৭মে : যোৱা ২৩ মেত কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত ঢোলমাৰাত এগৰাকী কোচ ৰাজবংশী নাবালিকাক তিনিগৰাকী পাষণ্ডই ধৰ্ষণ আৰু ছালাকাটিত এগৰাকী বড়ো ছোৱালীৰ অসংযত অৱস্থাৰ ফটো মবাইলত আপলোড কৰাৰ ফলত অঞ্চলটিত এক চেপা উত্তেজনা চলি আছে । ঘটনাটি দুটিক কেন্দ্ৰ কৰি যাতে গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি নহয় তাৰ বাবে আজি ছালাকাটি উপ আৰক্ষী চকী চৌহদ এলেকাত এক শান্তি সভাৰ আয়োজন কৰা হয় । আৰ,এম, চিৰ উপ সভাপতি আয়নাল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শুভ্ৰম আদিত্য বৰা উপস্থিত থাকি দুষ্কৃতিকাৰীৰ কোনো জাতি, ধৰ্ম, ভাষা নাই । অপৰাধীৰ লগত ধৰ্ম-ভাষা, জাতি একাকাৰ কৰিব নালাগে । অসমৰ মানুহ শান্তিপ্ৰিয়, আমি সকলোৱে শান্তি বিচাৰোঁ । এই বুলি উল্লেখ কৰি অঞ্চলটিত যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে শান্তি সভা গঠনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে । সভাত কোকৰাঝাৰ থানাৰ আৰক্ষী বিষয়া মনেশ্বৰ বে ; তেওঁ সকলোকে শান্তি-সম্প্ৰতি অটুট ৰাখিবলৈ আহ্বান জনাই বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় । যুদ্ধ বিৰতিত থকা বীৰছা কমাণ্ড ফোৰ্চৰ অধ্যক্ষ দূর্গা হাসদা, কেন্দ্ৰীয় সমিতি আক্ৰাছুৰ উপসভাপতি মুকুল কৃষ্ণ বৰ্মন, আবছুৰ ছালাকাটি আঞ্চলিকৰ সভাপতি দনেন নাৰ্জাৰী, এবিএম এছ ইউৰ সভাপতি মহিদুল ইছলাম ইত্যাদি আটায়ে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনাই শান্তি সভা গঠনৰ পোষকতা কৰে । বিভিন্ন জনৰ মতামতৰ ভিত্তিত কেন্দ্ৰীয় সমিতি আক্ৰাছুৰ উপসভাপতি মুকুল কৃষ্ণ বৰ্মনক সভাপতি, ছালাকাটি উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফিৰদৌস আহমেদক আহ্বায়ক হিচাপে লৈ আৰু বিভিন্ন দল সংগঠনৰ বিষয়-ববীয়াক লৈ শান্তি সমিতি খন গঠন কৰা হয় ।
প্ৰেৰক ভৃগু মুনি ৰায়